--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজ ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি ভাগৰি পৰিল এগৰাকী যুৱতী। ৬ মাহে ন্যায়ৰ আশাত ৰৈছিল পীড়িতা যুৱতীগৰাকী। অৱশেষত ন্যায় পোৱাৰ আশা নেদেখি আত্মহত্যাৰ চেষ্টা চলায় যুৱতীগৰাকীয়ে। উত্তৰ প্ৰদেশৰ পিলিভীটত সংঘটিত হৈছে এই ঘটনা। পিলিভীটৰ সুংগাৰহী নিবাসী যুৱতীগৰাকীয়ে সোমবাৰে এডিজি মণ্ডল কাৰ্যালয়ত বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল। যুৱতীগৰাকীয়ে দুজন লোকে ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে। 

যাৰ বাবেই ছোৱালীজনীয়ে মনত তীব্ৰ আঘাত পাইছিল আৰু বিহ সেৱন কৰিছিল। ধৰ্ষিতা যুৱতীগৰাকীয়ে বিহপান কৰা খবৰ পোৱাৰ লগে লগে এডিজিৰ কাৰ্যালয়ত আলোড়নৰ সৃষ্টি হয়, তাৰপাছতে তাত উপস্থিত থকা বিষয়াসকলে যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়।

পিলিভীট আৰু বৰেলীৰ দুজন লোকে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে। ৬ মাহ ধৰি থানালৈ অহা-যোৱা কৰিও কোনো ফল নাপালে পৰিয়ালটোৱে। এই কথাত মানসিকভাৱে ভাঙি পৰি সোমবাৰে যুৱতীগৰাকীয়ে নিজৰ জীৱন শেষ কৰি দিয়াৰ সিদ্ধান্ত লয়। যুৱতীগৰাকীৰ অৱস্থা এতিয়া সুস্থিৰ বুলি জানিব পৰা গৈছে। আনহাতে, আৰক্ষী অধীক্ষক ৰাহুল ভাটীয়ে কয় যে বিষয়টোৰ তদন্ত চলি আছে, তদন্তৰ পাছত যি ওলাব, তাৰপাছত সেইমতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক