ডিজিটেল ডেস্কঃ নিজ ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি ভাগৰি পৰিল এগৰাকী যুৱতী। ৬ মাহে ন্যায়ৰ আশাত ৰৈছিল পীড়িতা যুৱতীগৰাকী। অৱশেষত ন্যায় পোৱাৰ আশা নেদেখি আত্মহত্যাৰ চেষ্টা চলায় যুৱতীগৰাকীয়ে। উত্তৰ প্ৰদেশৰ পিলিভীটত সংঘটিত হৈছে এই ঘটনা। পিলিভীটৰ সুংগাৰহী নিবাসী যুৱতীগৰাকীয়ে সোমবাৰে এডিজি মণ্ডল কাৰ্যালয়ত বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল। যুৱতীগৰাকীয়ে দুজন লোকে ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে।
যাৰ বাবেই ছোৱালীজনীয়ে মনত তীব্ৰ আঘাত পাইছিল আৰু বিহ সেৱন কৰিছিল। ধৰ্ষিতা যুৱতীগৰাকীয়ে বিহপান কৰা খবৰ পোৱাৰ লগে লগে এডিজিৰ কাৰ্যালয়ত আলোড়নৰ সৃষ্টি হয়, তাৰপাছতে তাত উপস্থিত থকা বিষয়াসকলে যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়।
পিলিভীট আৰু বৰেলীৰ দুজন লোকে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে। ৬ মাহ ধৰি থানালৈ অহা-যোৱা কৰিও কোনো ফল নাপালে পৰিয়ালটোৱে। এই কথাত মানসিকভাৱে ভাঙি পৰি সোমবাৰে যুৱতীগৰাকীয়ে নিজৰ জীৱন শেষ কৰি দিয়াৰ সিদ্ধান্ত লয়। যুৱতীগৰাকীৰ অৱস্থা এতিয়া সুস্থিৰ বুলি জানিব পৰা গৈছে। আনহাতে, আৰক্ষী অধীক্ষক ৰাহুল ভাটীয়ে কয় যে বিষয়টোৰ তদন্ত চলি আছে, তদন্তৰ পাছত যি ওলাব, তাৰপাছত সেইমতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।