--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ আজি ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী বিজেপি কৰ্মীসকলক সম্বোধন কৰে।এই প্ৰসংগতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয়, ২০৪৭ চনৰ ভিতৰত ভাৰতক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আমাক নিৰ্দেশনা দিছে।

গিৰিৰাজ সিঙে কয়, ‘হনুমানজীয়ে যিদৰে ভগৱান ৰামৰ কাম নকৰাকৈ ৰৈ নাথাকিল, ভাগৰুৱা নহ’ল, একেদৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি কৰ্মীসকলক ৰৈ নোযোৱাকৈ কাম কৰিবলৈ নিৰ্দেশ দিছে।" আজি দেশত হনুমান জয়ন্তী উদযাপন কৰা হৈছে। ইয়াৰ পূৰ্বে বিজেপি প্ৰতিষ্ঠা দিৱসত গিৰিৰাজ সিঙে টুইট কৰি লিখিছিল, ৪৪ বছৰত ভাৰতক বিশ্ব মঞ্চত এক উজ্জ্বল তাৰকা হিচাপে গঢ়ি তোলাত অগণন বিজেপি কৰ্মীয়ে অগণন অৱদান আগবঢ়াইছে।ভাৰত পাৰমাণৱিক শক্তি হৈ পৰিল, বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি হ'ল, কৰনাত বিশ্বক ভেকচিন দিলে আৰু আজি ৮০ কোটি আৰ্তজনক খাদ্য দি আছে।

আন এক টুইটত গিৰিৰাজ সিঙে বিজেপি কৰ্মী সকলক অভিনন্দন জনাই লিখিছে, জাতি সেৱাৰ বাবে উৎসৰ্গিত বিশ্বৰ সৰ্ববৃহৎ দল ভাৰতীয় জনতা পাৰ্টিৰ "৪৪তম প্ৰতিষ্ঠা দিৱস"ৰ শুভ উপলক্ষে সকলো কৰ্মীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত "সাম্ৰাজ্যবাদী" মানসিকতাৰ লোকক লক্ষ্য কৰি কয় যে,"২০১৪ চনৰ পৰা সাম্ৰাজ্যবাদী শক্তিয়ে দুখীয়া, পিছপৰা, বঞ্চিত শ্ৰেণীক অবিৰতভাৱে অপমান কৰি আহিছে। অস্তিত্ব সংকটৰ সন্মুখীন হোৱা দলসমূহে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাই থাকিব।কিন্তু দৰিদ্ৰ, বঞ্চিত, দলিত, জনজাতীয় শ্ৰেণীয়ে ‘কমল’ক ৰক্ষা কৰি আছে।" 

সামাজিক ন্যায়ক বিজেপিৰ মতাদৰ্শৰ আধাৰ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিনামূলীয়া ৰেচন আঁচনি আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু