--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ আজি ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী বিজেপি কৰ্মীসকলক সম্বোধন কৰে।এই প্ৰসংগতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয়, ২০৪৭ চনৰ ভিতৰত ভাৰতক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আমাক নিৰ্দেশনা দিছে।

গিৰিৰাজ সিঙে কয়, ‘হনুমানজীয়ে যিদৰে ভগৱান ৰামৰ কাম নকৰাকৈ ৰৈ নাথাকিল, ভাগৰুৱা নহ’ল, একেদৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি কৰ্মীসকলক ৰৈ নোযোৱাকৈ কাম কৰিবলৈ নিৰ্দেশ দিছে।" আজি দেশত হনুমান জয়ন্তী উদযাপন কৰা হৈছে। ইয়াৰ পূৰ্বে বিজেপি প্ৰতিষ্ঠা দিৱসত গিৰিৰাজ সিঙে টুইট কৰি লিখিছিল, ৪৪ বছৰত ভাৰতক বিশ্ব মঞ্চত এক উজ্জ্বল তাৰকা হিচাপে গঢ়ি তোলাত অগণন বিজেপি কৰ্মীয়ে অগণন অৱদান আগবঢ়াইছে।ভাৰত পাৰমাণৱিক শক্তি হৈ পৰিল, বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি হ'ল, কৰনাত বিশ্বক ভেকচিন দিলে আৰু আজি ৮০ কোটি আৰ্তজনক খাদ্য দি আছে।

আন এক টুইটত গিৰিৰাজ সিঙে বিজেপি কৰ্মী সকলক অভিনন্দন জনাই লিখিছে, জাতি সেৱাৰ বাবে উৎসৰ্গিত বিশ্বৰ সৰ্ববৃহৎ দল ভাৰতীয় জনতা পাৰ্টিৰ "৪৪তম প্ৰতিষ্ঠা দিৱস"ৰ শুভ উপলক্ষে সকলো কৰ্মীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত "সাম্ৰাজ্যবাদী" মানসিকতাৰ লোকক লক্ষ্য কৰি কয় যে,"২০১৪ চনৰ পৰা সাম্ৰাজ্যবাদী শক্তিয়ে দুখীয়া, পিছপৰা, বঞ্চিত শ্ৰেণীক অবিৰতভাৱে অপমান কৰি আহিছে। অস্তিত্ব সংকটৰ সন্মুখীন হোৱা দলসমূহে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাই থাকিব।কিন্তু দৰিদ্ৰ, বঞ্চিত, দলিত, জনজাতীয় শ্ৰেণীয়ে ‘কমল’ক ৰক্ষা কৰি আছে।" 

সামাজিক ন্যায়ক বিজেপিৰ মতাদৰ্শৰ আধাৰ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিনামূলীয়া ৰেচন আঁচনি আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক