--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘‘ঘৰতে বহি টকা উপাৰ্জন কৰক। গৃহিণী, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, স্কুল-কলেজ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সুযোগ।’’ - প্ৰায়ে এনে প্ৰলোভনৰ মেচেজ মোবাইল নাম্বাৰলৈ প্ৰেৰণ কৰা হয়। হোৱাটছএপত এনে এটা বাৰ্তাৰ সহাঁৰি জনাই এগৰাকী যুৱতীয়ে ৮ লাখ টকা পানীত পেলালে৷

গুৰুগ্ৰামত সংঘটিত হৈছে এই ঘটনা। কৰ্ণাটকৰ বাসিন্দা সৰিতা এছ নামৰ এগৰাকী যুৱতীয়ে হোৱাটছএপত কম কষ্টৰে কাম কৰি টকা উপাৰ্জন কৰিব পাৰিব বুলি এটা মেছেজ লাভ কৰে৷ মেচেজটো দেখাৰ লগে লগে তেওঁ আবেদন কৰে। চাকৰিৰ বাবে আবেদন কৰাৰ লগে লগে তেওঁক ৫০ টকাৰ বিনিময়ত ইউটিউব চেনেল এটাৰ চাবস্ক্ৰাইবাৰ হ’বলৈ কোৱা হয়।

বিপৰীত দিশত ‘গ্ল’বেল মাৰ্কেটিং ফাৰ্ম’ৰ এইচ আৰ হিচাপে চিনাক্ত হোৱা এজন ব্যক্তিয়ে তেওঁক ক’লে যে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেহে তেওঁ কাম পাব। মেছেজ আৰু ফোনত দিয়া তথ্যৰ ভিত্তিত যুৱতীগৰাকীয়ে একেৰাহে দুটা ইউটিউব চেনেলত ‘চাবস্ক্ৰাইব’ কৰিলে।

আৰক্ষীৰ মতে, ঘটনাৰ পিছত ললিয়া নামৰ এগৰাকী যুৱতীয়ে সৰিতাৰ টেলিগ্ৰাম একাউণ্টৰ আইডি জানিব বিচাৰিছিল। ইয়াৰ পিছত তেওঁক এটা গোটত যোগ কৰা হ’ল। শেষত তেওঁক এটা কাম দিয়া হয় আৰু কোৱা হয় যে কামটো সম্পূৰ্ণ হোৱাৰ পিছতহে তেওঁৰ একাউণ্টত ধন জমা হ’ব। কিন্তু অভিযোগ অনুসৰি, ধন জমা হোৱাৰ বিপৰীতে একাউণ্টৰ পৰা ৮ লাখ ২০ হাজাৰ টকা চুৰিহে হৈ যায়৷

যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত চাইবাৰ ক্ৰাইম শাখাত গোচৰ ৰুজু কৰা হৈছে। মনেছাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল