--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘‘ঘৰতে বহি টকা উপাৰ্জন কৰক। গৃহিণী, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, স্কুল-কলেজ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সুযোগ।’’ - প্ৰায়ে এনে প্ৰলোভনৰ মেচেজ মোবাইল নাম্বাৰলৈ প্ৰেৰণ কৰা হয়। হোৱাটছএপত এনে এটা বাৰ্তাৰ সহাঁৰি জনাই এগৰাকী যুৱতীয়ে ৮ লাখ টকা পানীত পেলালে৷

গুৰুগ্ৰামত সংঘটিত হৈছে এই ঘটনা। কৰ্ণাটকৰ বাসিন্দা সৰিতা এছ নামৰ এগৰাকী যুৱতীয়ে হোৱাটছএপত কম কষ্টৰে কাম কৰি টকা উপাৰ্জন কৰিব পাৰিব বুলি এটা মেছেজ লাভ কৰে৷ মেচেজটো দেখাৰ লগে লগে তেওঁ আবেদন কৰে। চাকৰিৰ বাবে আবেদন কৰাৰ লগে লগে তেওঁক ৫০ টকাৰ বিনিময়ত ইউটিউব চেনেল এটাৰ চাবস্ক্ৰাইবাৰ হ’বলৈ কোৱা হয়।

বিপৰীত দিশত ‘গ্ল’বেল মাৰ্কেটিং ফাৰ্ম’ৰ এইচ আৰ হিচাপে চিনাক্ত হোৱা এজন ব্যক্তিয়ে তেওঁক ক’লে যে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেহে তেওঁ কাম পাব। মেছেজ আৰু ফোনত দিয়া তথ্যৰ ভিত্তিত যুৱতীগৰাকীয়ে একেৰাহে দুটা ইউটিউব চেনেলত ‘চাবস্ক্ৰাইব’ কৰিলে।

আৰক্ষীৰ মতে, ঘটনাৰ পিছত ললিয়া নামৰ এগৰাকী যুৱতীয়ে সৰিতাৰ টেলিগ্ৰাম একাউণ্টৰ আইডি জানিব বিচাৰিছিল। ইয়াৰ পিছত তেওঁক এটা গোটত যোগ কৰা হ’ল। শেষত তেওঁক এটা কাম দিয়া হয় আৰু কোৱা হয় যে কামটো সম্পূৰ্ণ হোৱাৰ পিছতহে তেওঁৰ একাউণ্টত ধন জমা হ’ব। কিন্তু অভিযোগ অনুসৰি, ধন জমা হোৱাৰ বিপৰীতে একাউণ্টৰ পৰা ৮ লাখ ২০ হাজাৰ টকা চুৰিহে হৈ যায়৷

যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত চাইবাৰ ক্ৰাইম শাখাত গোচৰ ৰুজু কৰা হৈছে। মনেছাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ