--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'দ্য কেৰালা ষ্টৰী' ছবি খনকলৈ এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্ক চলি আছে৷ ছবি খনত কেৰালাৰ পৰা সন্ধানহীন হোৱা ৩২,০০০ হাজাৰ মহিলাই ধৰ্মান্তৰিত হৈ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰা বুলি দেখুওৱা হৈছে৷ এই কথাতেই আপত্তি কৰিছে বহুতে৷  বহুতে বিষয়টোকলৈ ৰাজনীতি কৰাও আৰম্ভ হৈছে৷

'দ্য কেৰালা ষ্টৰী' ছবি খনৰ বিষয়টোৱে কৰ্ণাটক নিৰ্বাচনতো আধিপত্য বিস্তাৰ কৰিছে।বিতৰ্কৰ মাজতে  যোধপুৰত ছবি খনক কেন্দ্ৰ কৰি সংঘটিত এটা ঘটনা পোহৰলৈ আহিছে৷  'দ্য কেৰালা ষ্টৰী' ছবি খনৰ বিষয়ে হোৱাটছএপত ষ্টেটাছ দিয়াৰ বাবেই যোধপুৰত  এজন যুৱকক কেইজনমান লোকে প্ৰহাৰ কৰাৰ লগতে শিৰোশ্ছেদ কৰি হত্যা কৰাৰো ভাবুকি দিছে৷ 

প্ৰহাৰৰ সন্মুখীন হোৱা যুৱকজন বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।  ইতিমধ্যে ঘটনা সন্দৰ্ভত ভিএইচপি আৰু বজৰং দলৰ কৰ্মীসকলে উদয় মন্দিৰ আৰক্ষী থানাত উপস্থিত হৈ  হুলস্থূলৰ সৃষ্টি কৰে। যুৱকজনক  আক্ৰমণ কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত তেওঁলোক সৰব হৈ পৰে৷ 

যোধপুৰৰ এচিপি ডেৰাৱাৰ সিঙে কয়  যে এজন যুৱকে উদয় মন্দিৰ আৰক্ষী থানাত তিনিজন লোকৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ দাখিল কৰিছে। যুৱকজনে ছবিখনৰ বিষয়ে ষ্টেটাছ দিছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টো তদন্ত কৰি আছে।

'দ্য কেৰালা ষ্ট'ৰী'ৰ ষ্টেটাছ দিয়া  ২৪ বছৰীয়া অভিষেকে কয় যে তেওঁ শুকুৰবাৰে চিনেমা হললৈ 'দ্য কেৰালা ষ্ট'ৰী' বোলছবিখন চাবলৈ আহিছিল। তেওঁ তেওঁৰ হোৱাটছএপত ছবিখনৰ পোষ্টাৰৰ বিষয়ে এটা ষ্টেটাছ  দিছিল। তেওঁ কয় যে এই চিনেমাখন বহুত ভাল হৈছে। 

ছবি খন  পৃথিৱীৰ সকলো ছোৱালীয়ে চাব লাগে। যাতে ছোৱালীবোৰে ধৰ্মান্তৰকৰণৰ দৰে প্ৰবঞ্চনাৰ জালত নপৰে তাৰ বাবেই  তেওঁলোকে ছবি খন চাব লাগে বুলি যুৱকজনে কয়৷ছবি খনৰ বিষয়ে ষ্টেটাছ দিয়াৰ পিছতে কেইজনমান লোকে তেওঁক বাট আগুচি ধৰি মাৰপিট কৰাৰ লগতে শিৰোশ্চেদৰো ভাবুকি দিয়ে৷  

অভিষেকে কয়, "মই 'দ্য কেৰালা ষ্টৰী' বোলছবিখনৰ ষ্টেটাছ দিছিলো। সেইখন চিনেমাহে।  মোৰ ষ্টেটাছটোত  এনে একো নাছিল যিয়ে কাকো অসন্তুষ্ট কৰিব বা যিকোনো ধৰ্মৰ অনুভূতিক আঘাত কৰিব পাৰে । মোৰ ষ্টেটাছত  লিখা একমাত্ৰ কথাষাৰ আছিল এয়াই যে সকলোৱে নিশ্চিতভাৱে এই ছবিখন উপভোগ কৰিব  লাগে।’’

অভিষেকক মাৰপিট আৰু ভাবুকি দিয়াৰ পিছতে  বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মীসকলে উদয় মন্দিৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন