--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'দ্য কেৰালা ষ্টৰী' ছবি খনকলৈ এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্ক চলি আছে৷ ছবি খনত কেৰালাৰ পৰা সন্ধানহীন হোৱা ৩২,০০০ হাজাৰ মহিলাই ধৰ্মান্তৰিত হৈ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰা বুলি দেখুওৱা হৈছে৷ এই কথাতেই আপত্তি কৰিছে বহুতে৷  বহুতে বিষয়টোকলৈ ৰাজনীতি কৰাও আৰম্ভ হৈছে৷

'দ্য কেৰালা ষ্টৰী' ছবি খনৰ বিষয়টোৱে কৰ্ণাটক নিৰ্বাচনতো আধিপত্য বিস্তাৰ কৰিছে।বিতৰ্কৰ মাজতে  যোধপুৰত ছবি খনক কেন্দ্ৰ কৰি সংঘটিত এটা ঘটনা পোহৰলৈ আহিছে৷  'দ্য কেৰালা ষ্টৰী' ছবি খনৰ বিষয়ে হোৱাটছএপত ষ্টেটাছ দিয়াৰ বাবেই যোধপুৰত  এজন যুৱকক কেইজনমান লোকে প্ৰহাৰ কৰাৰ লগতে শিৰোশ্ছেদ কৰি হত্যা কৰাৰো ভাবুকি দিছে৷ 

প্ৰহাৰৰ সন্মুখীন হোৱা যুৱকজন বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।  ইতিমধ্যে ঘটনা সন্দৰ্ভত ভিএইচপি আৰু বজৰং দলৰ কৰ্মীসকলে উদয় মন্দিৰ আৰক্ষী থানাত উপস্থিত হৈ  হুলস্থূলৰ সৃষ্টি কৰে। যুৱকজনক  আক্ৰমণ কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত তেওঁলোক সৰব হৈ পৰে৷ 

যোধপুৰৰ এচিপি ডেৰাৱাৰ সিঙে কয়  যে এজন যুৱকে উদয় মন্দিৰ আৰক্ষী থানাত তিনিজন লোকৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ দাখিল কৰিছে। যুৱকজনে ছবিখনৰ বিষয়ে ষ্টেটাছ দিছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টো তদন্ত কৰি আছে।

'দ্য কেৰালা ষ্ট'ৰী'ৰ ষ্টেটাছ দিয়া  ২৪ বছৰীয়া অভিষেকে কয় যে তেওঁ শুকুৰবাৰে চিনেমা হললৈ 'দ্য কেৰালা ষ্ট'ৰী' বোলছবিখন চাবলৈ আহিছিল। তেওঁ তেওঁৰ হোৱাটছএপত ছবিখনৰ পোষ্টাৰৰ বিষয়ে এটা ষ্টেটাছ  দিছিল। তেওঁ কয় যে এই চিনেমাখন বহুত ভাল হৈছে। 

ছবি খন  পৃথিৱীৰ সকলো ছোৱালীয়ে চাব লাগে। যাতে ছোৱালীবোৰে ধৰ্মান্তৰকৰণৰ দৰে প্ৰবঞ্চনাৰ জালত নপৰে তাৰ বাবেই  তেওঁলোকে ছবি খন চাব লাগে বুলি যুৱকজনে কয়৷ছবি খনৰ বিষয়ে ষ্টেটাছ দিয়াৰ পিছতে কেইজনমান লোকে তেওঁক বাট আগুচি ধৰি মাৰপিট কৰাৰ লগতে শিৰোশ্চেদৰো ভাবুকি দিয়ে৷  

অভিষেকে কয়, "মই 'দ্য কেৰালা ষ্টৰী' বোলছবিখনৰ ষ্টেটাছ দিছিলো। সেইখন চিনেমাহে।  মোৰ ষ্টেটাছটোত  এনে একো নাছিল যিয়ে কাকো অসন্তুষ্ট কৰিব বা যিকোনো ধৰ্মৰ অনুভূতিক আঘাত কৰিব পাৰে । মোৰ ষ্টেটাছত  লিখা একমাত্ৰ কথাষাৰ আছিল এয়াই যে সকলোৱে নিশ্চিতভাৱে এই ছবিখন উপভোগ কৰিব  লাগে।’’

অভিষেকক মাৰপিট আৰু ভাবুকি দিয়াৰ পিছতে  বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মীসকলে উদয় মন্দিৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement