ডিজিটেল ডেস্ক: যেনিয়ে চায় তেনিয়ে মোদী! ৰাজপথৰ হৰ্ডিঙৰ পৰা ভেকচিনৰ চাৰ্টিফিকেটলৈ… মোদীজীৰ ফটো বাঞ্চনীয়। যিকোনো অনুষ্ঠানত লগোৱা বেনাৰ-পোষ্টাৰত মূল বিষয়বস্তুতকৈ ডাঙৰকৈ লগোৱা হয় প্ৰধানমন্ত্ৰীৰ ফটো। ফটো নহ’লেই যেন আধৰুৱা! এইবাৰ খাদ্যবস্তুৰ পেকেটতো ওলাল আমাৰ ‘বীয়াৰ্ডেড মেন’। লগত আছে নিজৰ কৰ্মকাণ্ডৰ বাবে সংবাদশীৰ্ষত থকা উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। নিমখ, ৰিফাইন তেল আৰু চানাৰ পেকেটত সম্বলিত কৰা হ'ল নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথৰ ফটো।
‘দানে দানে মে লিখা হ্যে খানেৱালে কা নাম’, পৰিৱৰ্তনকামী বিজেপি চৰকাৰে বাকী নোৱাৰিলেও পৰিৱৰ্তন কৰিছে এই হিন্দী উক্তিটো। এতিয়া বিজেপিৰ কৰ্মকাণ্ডৰ মতে নতুন উক্তি হৈছে ‘দানে দানে মে লিখা হ্যে খিলানেৱালে কা নাম’! উত্তৰ প্ৰদেশত মোদী চৰকাৰৰ বিনামূলীয়া ৰেচন আঁচনিৰ অধীনত বিতৰণ কৰা হয় খাদ্যসামগ্ৰী। প্ৰায় ৮০,০০০খন দোকানত বিতৰণ কৰা হয় নিমখ, ৰিফাইন তেল আৰু চানাৰ পেকেট। দেওবাৰে বিতৰণ কৰা খাদ্যসামগ্ৰীৰ পেকেটবোৰত সম্বলিত মোদী-যোগীৰ ফটোৱেহে দৃষ্টি কাঢ়িছে সাধাৰণ লোকৰ!

বিগত বৰ্ষত ক’ভিড মহামাৰীৰ সময়ত আৰম্ভ হোৱা আঁচনিখনৰ অধীনত হিতাধিকাৰীক ৫ কেজি অতিৰিক্ত ৰেচন আগবঢ়োৱা হয়। কিন্তু ৰাজ্যখনৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে হিতাধিকাৰীসকলক অতিৰিক্ত এক কেজিকৈ দাইল, নিমখ আৰু চানা আগবঢ়াইছে।
মোদী-যোগীৰ তেল-নিমখে নিৰ্বাচনৰ পাছত কিমানৰ তেল কাঢ়ে সেয়াহে হ’ব লক্ষ্যণীয়।