--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী জনপ্ৰিয় পপ গায়িকাৰ মৃতদেহ হোটেলৰ কোঠাত উদ্ধাৰ হোৱাৰ ঘটনাই এতিয়া বহুতকে হতভম্ব কৰি তুলিছে। দক্ষিণ কোৰিয়াৰ বিশ্ব বিখ্যাত কে-পপ গায়িকা হেচুক এখন  হোটেলৰ কোঠাত মৃত অৱস্থাত পোৱা গৈছে। 

শিল্পীগৰাকীৰ বয়স হৈছিল ২৯ বছৰ । দক্ষিণ কোৰিয়াৰ আৰক্ষীয়ে হোটেলৰ কোঠাটোত এটা চুইচাইড নোটো উদ্ধাৰ কৰিছে।  আৰক্ষীয়ে সেয়ে পপ শিল্পীগৰাকীয়ে আত্মহত্যা কৰা বুলিয়েই ধাৰণা কৰিছে। দক্ষিণ কোৰিয়াৰ এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰক্ষীয়ে পপ অনুষ্ঠানৰ আয়োজকসকলৰ পৰা এটা  ফোনকল পাইছিল। আৰক্ষীক জনোৱা হৈছিল যে  গায়িকাগৰাকীৰ মৃতদেহ হোটেলত উদ্ধাৰ হৈছে। 

ট্ৰট (কোৰিয়ান সংগীতৰ এক বহুল জনপ্ৰিয় ধাৰা) গায়িকাগৰাকীয়ে  ২০ মে'ত জিওলাবুক-ডোৰ ৱাঞ্জু গানত গোৱাঞ্জুমায়ন পিপলছ ডে অনুষ্ঠান উপলক্ষ্যে সংগীত পৰিবেশন কৰাৰ কথা আছিল। কিন্তু তাৰ আগতেই তাইৰ জীৱন শেষ হ'ল। আৰক্ষীয়ে ঘটনাটোত হত্যাৰ কোনো সম্ভাৱনা অস্বীকাৰ কৰিছে। হেচুৰ জন্ম ১৯৯৩ চনত হৈছিল আৰু ২০১৯ চনত একক এলবাম মাই লাইফ, মিৰ জড়িয়তে তেওঁ বিশ্বৰ সংগীত জগতত  আত্মপ্ৰকাশ কৰিছিল। 

গায়ো ষ্টেজ, হেংআউট উইথ য়ু আৰু দ্য ট্ৰট শ্ব' আদিৰ জড়িয়তে তেওঁ বিশ্বজুৰি খ্যাতি লাভ কৰিছিল।   হেচুৱে  মৃত্যুৰ আগদিনালৈকে সামাজিক মাধ্যমত সক্ৰিয় আছিল। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিদিনে অনুৰাগীসকলৰ সৈতে যোগাযোগ কৰিছিল। এই বছৰৰ আৰম্ভণিতে আন এগৰাকী পপ তাৰকা  এষ্ট্ৰো সদস্য মুনবিনকো তেওঁৰ এপাৰ্টমেণ্টতো মৃত অৱস্থাত পোৱা গৈছিল। সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে যুৱ কে-পপ তাৰকাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…