--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী জনপ্ৰিয় পপ গায়িকাৰ মৃতদেহ হোটেলৰ কোঠাত উদ্ধাৰ হোৱাৰ ঘটনাই এতিয়া বহুতকে হতভম্ব কৰি তুলিছে। দক্ষিণ কোৰিয়াৰ বিশ্ব বিখ্যাত কে-পপ গায়িকা হেচুক এখন  হোটেলৰ কোঠাত মৃত অৱস্থাত পোৱা গৈছে। 

শিল্পীগৰাকীৰ বয়স হৈছিল ২৯ বছৰ । দক্ষিণ কোৰিয়াৰ আৰক্ষীয়ে হোটেলৰ কোঠাটোত এটা চুইচাইড নোটো উদ্ধাৰ কৰিছে।  আৰক্ষীয়ে সেয়ে পপ শিল্পীগৰাকীয়ে আত্মহত্যা কৰা বুলিয়েই ধাৰণা কৰিছে। দক্ষিণ কোৰিয়াৰ এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰক্ষীয়ে পপ অনুষ্ঠানৰ আয়োজকসকলৰ পৰা এটা  ফোনকল পাইছিল। আৰক্ষীক জনোৱা হৈছিল যে  গায়িকাগৰাকীৰ মৃতদেহ হোটেলত উদ্ধাৰ হৈছে। 

ট্ৰট (কোৰিয়ান সংগীতৰ এক বহুল জনপ্ৰিয় ধাৰা) গায়িকাগৰাকীয়ে  ২০ মে'ত জিওলাবুক-ডোৰ ৱাঞ্জু গানত গোৱাঞ্জুমায়ন পিপলছ ডে অনুষ্ঠান উপলক্ষ্যে সংগীত পৰিবেশন কৰাৰ কথা আছিল। কিন্তু তাৰ আগতেই তাইৰ জীৱন শেষ হ'ল। আৰক্ষীয়ে ঘটনাটোত হত্যাৰ কোনো সম্ভাৱনা অস্বীকাৰ কৰিছে। হেচুৰ জন্ম ১৯৯৩ চনত হৈছিল আৰু ২০১৯ চনত একক এলবাম মাই লাইফ, মিৰ জড়িয়তে তেওঁ বিশ্বৰ সংগীত জগতত  আত্মপ্ৰকাশ কৰিছিল। 

গায়ো ষ্টেজ, হেংআউট উইথ য়ু আৰু দ্য ট্ৰট শ্ব' আদিৰ জড়িয়তে তেওঁ বিশ্বজুৰি খ্যাতি লাভ কৰিছিল।   হেচুৱে  মৃত্যুৰ আগদিনালৈকে সামাজিক মাধ্যমত সক্ৰিয় আছিল। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিদিনে অনুৰাগীসকলৰ সৈতে যোগাযোগ কৰিছিল। এই বছৰৰ আৰম্ভণিতে আন এগৰাকী পপ তাৰকা  এষ্ট্ৰো সদস্য মুনবিনকো তেওঁৰ এপাৰ্টমেণ্টতো মৃত অৱস্থাত পোৱা গৈছিল। সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে যুৱ কে-পপ তাৰকাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস