--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানত এয়াৰ হোষ্টেছৰ লগত অসৎ আচৰণৰ ঘটনা বৃদ্ধি পাইছে। এতিয়া ইণ্ডিগোৰ শ্বাৰজাহ-অমৃতসৰ বিমানত কেবিন ক্ৰুৰ লগত মদ্যপান কৰা যাত্ৰীয়ে অসৎ আচৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ১৩ মে’ত ইউ এ ই শ্বাৰজাহৰ পৰা অমৃতসৰ অভিমুখে উৰা মাৰিছিল ইণ্ডিগোৰ এখন বিমান। তাৰ পিছত যাত্ৰাৰ সময়ত এগৰাকী মদ্যপান কৰা যাত্ৰীয়ে মহিলা কেবিন ক্ৰুৰ লগত বেয়া আচৰণ কৰে।

অমৃতসৰত অৱতৰণ কৰাৰ পিছত অভিযুক্ত যাত্ৰীজনক পঞ্জাৱ আৰক্ষীক গতাই দিয়ে। ৬ই ১৪২৮ নম্বৰৰ বিমানত যাত্ৰা কৰি থকা ৰাজিন্দৰ সিং নামৰ এজন অভিযুক্তক চিনাক্ত কৰা হৈছে। অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পঞ্জাৱৰ জলন্ধাৰৰ বাসিন্দা ধৃত যাত্ৰীজনে বিমানখনত অত্যধিক পৰিমাণৰ সুৰা সেৱন কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযুক্ত যাত্ৰীগৰাকীয়ে মদ্যপান কৰি এগৰাকী মহিলা ক্ৰু মেম্বাৰৰ সৈতে অসৎ আচৰণ কৰে। সেই সময়ত বিমানৰ কৰ্মচাৰীয়ে পৰিস্থিতি চম্ভালিছিল। অৱতৰণ কৰাৰ পিছতে নিৰাপত্তাৰক্ষী মেনেজাৰে আৰক্ষীৰ সৈতে বিষয়টো লৈ যায়। আৰক্ষীয়ে অভিযুক্তক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

যোৱা কেইমাহমানত বিমানেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ আপত্তিজনক আচৰণৰ কেইবাটাও ঘটনা চৰ্চালৈ আহিছে। যোৱা মাহত নিউয়ৰ্ক-নতুন দিল্লী আমেৰিকান এয়াৰলাইন্সৰ বিমানত হোৱা কাজিয়াৰ সময়ত এজন মদ্যপান কৰা বুলি অভিযোগ উত্থাপন কৰা লোকে আন এজন যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল।

যোৱা বছৰৰ নৱেম্বৰ মাহত শিৰোনাম দখল কৰা একেধৰণৰ গোচৰত শংকৰ মিশ্ৰ নামৰ এজন যাত্ৰীক প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী বৃদ্ধা মহিলা সহযাত্ৰীৰ। অভিযোগ অনুসৰি, এয়াৰ ইণ্ডিয়াৰ বিমানত অভিযুক্ত লোকজন মদ্যপান কৰি আছিল। অভিযোগৰ পিছতে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। অৱশ্যে পিছত জামিন লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ