--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানত এয়াৰ হোষ্টেছৰ লগত অসৎ আচৰণৰ ঘটনা বৃদ্ধি পাইছে। এতিয়া ইণ্ডিগোৰ শ্বাৰজাহ-অমৃতসৰ বিমানত কেবিন ক্ৰুৰ লগত মদ্যপান কৰা যাত্ৰীয়ে অসৎ আচৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ১৩ মে’ত ইউ এ ই শ্বাৰজাহৰ পৰা অমৃতসৰ অভিমুখে উৰা মাৰিছিল ইণ্ডিগোৰ এখন বিমান। তাৰ পিছত যাত্ৰাৰ সময়ত এগৰাকী মদ্যপান কৰা যাত্ৰীয়ে মহিলা কেবিন ক্ৰুৰ লগত বেয়া আচৰণ কৰে।

অমৃতসৰত অৱতৰণ কৰাৰ পিছত অভিযুক্ত যাত্ৰীজনক পঞ্জাৱ আৰক্ষীক গতাই দিয়ে। ৬ই ১৪২৮ নম্বৰৰ বিমানত যাত্ৰা কৰি থকা ৰাজিন্দৰ সিং নামৰ এজন অভিযুক্তক চিনাক্ত কৰা হৈছে। অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পঞ্জাৱৰ জলন্ধাৰৰ বাসিন্দা ধৃত যাত্ৰীজনে বিমানখনত অত্যধিক পৰিমাণৰ সুৰা সেৱন কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযুক্ত যাত্ৰীগৰাকীয়ে মদ্যপান কৰি এগৰাকী মহিলা ক্ৰু মেম্বাৰৰ সৈতে অসৎ আচৰণ কৰে। সেই সময়ত বিমানৰ কৰ্মচাৰীয়ে পৰিস্থিতি চম্ভালিছিল। অৱতৰণ কৰাৰ পিছতে নিৰাপত্তাৰক্ষী মেনেজাৰে আৰক্ষীৰ সৈতে বিষয়টো লৈ যায়। আৰক্ষীয়ে অভিযুক্তক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

যোৱা কেইমাহমানত বিমানেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ আপত্তিজনক আচৰণৰ কেইবাটাও ঘটনা চৰ্চালৈ আহিছে। যোৱা মাহত নিউয়ৰ্ক-নতুন দিল্লী আমেৰিকান এয়াৰলাইন্সৰ বিমানত হোৱা কাজিয়াৰ সময়ত এজন মদ্যপান কৰা বুলি অভিযোগ উত্থাপন কৰা লোকে আন এজন যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল।

যোৱা বছৰৰ নৱেম্বৰ মাহত শিৰোনাম দখল কৰা একেধৰণৰ গোচৰত শংকৰ মিশ্ৰ নামৰ এজন যাত্ৰীক প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী বৃদ্ধা মহিলা সহযাত্ৰীৰ। অভিযোগ অনুসৰি, এয়াৰ ইণ্ডিয়াৰ বিমানত অভিযুক্ত লোকজন মদ্যপান কৰি আছিল। অভিযোগৰ পিছতে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। অৱশ্যে পিছত জামিন লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ