--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিচেই সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচন। যাক লৈ এতিয়া দেশজুৰি বলিছে নিৰ্বাচনী বতাহ। শাসক–বিৰোধীয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত আসন ভাগ-বটোৱাৰাক লৈ বহিছে ব্যাপক আলোচনাত। আনহাতে, সমাগত নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে শাসক তথা বিৰোধী। 

আজিৰে পৰা আৰম্ভ হৈছে দেশৰ সৰ্ববৃহৎ বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণা পত্ৰ প্ৰস্তুতৰ কাম। ‘ন্যায় সংকল্প পত্ৰ’ নামেৰে নিৰ্বাচনী ঘোষণা পত্ৰক অভিহিত কৰিছে কংগ্ৰেছে। য’ত ৫০টা মূল বিষয় সন্নিবিষ্ট কৰাৰ পৰিকল্পনা কৰিছে বিৰোধী দলটোৱে। য’ত থাকিব সমাজৰ বিভিন্ন শ্ৰেণীৰ সমস্যৰাজিৰ প্ৰসংগ। এইবাৰ কংগ্ৰেছৰ ঘোষণা পত্ৰত থাকিব দেশত জাতিগত জনগণনাৰ দাবীও। জাতিগত জনগণনাৰ দাবীয়ে লোকসভা নিৰ্বাচনৰ সমীকৰণ প্ৰভাৱিত কৰিব বুলি বিশ্বাস বিৰোধী দলটোৰ। 

আজিৰে পৰা আৰম্ভ হোৱা নিৰ্বাচনী ঘোষণা পত্ৰ প্ৰস্তুতিৰ জৰিয়তে কংগ্ৰেছ সন্নিৱিষ্ট কৰিব ওলাইছে মহিলা, দৰিদ্ৰ শ্ৰেণী, কৃষক, ক্ৰীড়াবিদকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সমস্যাৰাজি। সম্প্ৰতি দেশজুৰি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত সকলো শ্ৰেণীৰ লোকৰ সমস্যাৰাজিৰ বিষয়ে কংগ্ৰেছ নেতাগৰাকীয়ে সংগ্ৰহ কৰা অভিজ্ঞতাৰ ভিত্তিত প্ৰস্তুত হ’ব কংগ্ৰেছৰ ঘোষণা পত্ৰ। 

আনহাতে, প্ৰস্তুতি আৰম্ভ হোৱা কংগ্ৰেছৰ ঘোষণা পত্ৰত থাকিব ইণ্ডিয়া মৰ্চাৰ সমূহীয়া এজেণ্ডা। অৱশ্যে দেশৰ বিভিন্ন ৰাজ্যই নিজৰ প্ৰয়োজন অনুসৰি সাল–সলনি ঘটাব পাৰিব ঘোষণা পত্ৰত।

আনহাতে, কংগ্ৰেছৰ বিপৰীতে বিজেপিয়েও অব্যাহত ৰাখিছে নিৰ্বাচনী ঘোষণা পত্ৰ প্ৰস্তুতৰ কাম। যাৰ বাবে বৃহৎ অভিযান আৰম্ভ কৰিব দলটোৱে। দেশৰ বিভিন্ন প্ৰান্তত ১ হাজাৰখন বিশেষ ৰথৰ যাত্ৰাৰ পৰিকল্পনা দলটোৰ। ৪ হাজাৰ ৫০০ বিধানসভা সমষ্টিত ভ্ৰমণ কৰিবলগীয়া ৰথৰ জৰিয়তে ভোটাৰৰ পৰা গ্ৰহণ কৰা হ’ব বিশেষ পৰামৰ্শ। যি পৰামৰ্শ পৰৱৰ্তী সময়ত সন্নিৱিষ্ট কৰা হ’ব দলৰ নিৰ্বাচনী সংকল্পপত্ৰত। যাৰ বাবে ১৫ মাৰ্চলৈ ডেডলাইন ঘোষণা কৰিছে দলটোৱে। 

ইপিনে, নিৰ্বাচনৰ প্ৰাকক্ষণত কাইলৈ বিজেপিয়ে প্ৰকাশ কৰিব পাৰে প্ৰথমখন প্ৰাৰ্থী তালিকা। য’ত থাকিব ১০০ৰ পৰা ১৫০গৰাকী প্ৰাৰ্থীৰ নাম। নতুন ৰণনীতি অনুসৰি সৰ্বপ্ৰথমে দুৰ্বল আসনসমূহৰ বাবে বিজেপিয়ে ঘোষণা কৰিব পাৰে প্ৰাৰ্থীৰ নাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু