--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিচেই সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচন। যাক লৈ এতিয়া দেশজুৰি বলিছে নিৰ্বাচনী বতাহ। শাসক–বিৰোধীয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত আসন ভাগ-বটোৱাৰাক লৈ বহিছে ব্যাপক আলোচনাত। আনহাতে, সমাগত নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে শাসক তথা বিৰোধী। 

আজিৰে পৰা আৰম্ভ হৈছে দেশৰ সৰ্ববৃহৎ বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণা পত্ৰ প্ৰস্তুতৰ কাম। ‘ন্যায় সংকল্প পত্ৰ’ নামেৰে নিৰ্বাচনী ঘোষণা পত্ৰক অভিহিত কৰিছে কংগ্ৰেছে। য’ত ৫০টা মূল বিষয় সন্নিবিষ্ট কৰাৰ পৰিকল্পনা কৰিছে বিৰোধী দলটোৱে। য’ত থাকিব সমাজৰ বিভিন্ন শ্ৰেণীৰ সমস্যৰাজিৰ প্ৰসংগ। এইবাৰ কংগ্ৰেছৰ ঘোষণা পত্ৰত থাকিব দেশত জাতিগত জনগণনাৰ দাবীও। জাতিগত জনগণনাৰ দাবীয়ে লোকসভা নিৰ্বাচনৰ সমীকৰণ প্ৰভাৱিত কৰিব বুলি বিশ্বাস বিৰোধী দলটোৰ। 

আজিৰে পৰা আৰম্ভ হোৱা নিৰ্বাচনী ঘোষণা পত্ৰ প্ৰস্তুতিৰ জৰিয়তে কংগ্ৰেছ সন্নিৱিষ্ট কৰিব ওলাইছে মহিলা, দৰিদ্ৰ শ্ৰেণী, কৃষক, ক্ৰীড়াবিদকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সমস্যাৰাজি। সম্প্ৰতি দেশজুৰি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত সকলো শ্ৰেণীৰ লোকৰ সমস্যাৰাজিৰ বিষয়ে কংগ্ৰেছ নেতাগৰাকীয়ে সংগ্ৰহ কৰা অভিজ্ঞতাৰ ভিত্তিত প্ৰস্তুত হ’ব কংগ্ৰেছৰ ঘোষণা পত্ৰ। 

আনহাতে, প্ৰস্তুতি আৰম্ভ হোৱা কংগ্ৰেছৰ ঘোষণা পত্ৰত থাকিব ইণ্ডিয়া মৰ্চাৰ সমূহীয়া এজেণ্ডা। অৱশ্যে দেশৰ বিভিন্ন ৰাজ্যই নিজৰ প্ৰয়োজন অনুসৰি সাল–সলনি ঘটাব পাৰিব ঘোষণা পত্ৰত।

আনহাতে, কংগ্ৰেছৰ বিপৰীতে বিজেপিয়েও অব্যাহত ৰাখিছে নিৰ্বাচনী ঘোষণা পত্ৰ প্ৰস্তুতৰ কাম। যাৰ বাবে বৃহৎ অভিযান আৰম্ভ কৰিব দলটোৱে। দেশৰ বিভিন্ন প্ৰান্তত ১ হাজাৰখন বিশেষ ৰথৰ যাত্ৰাৰ পৰিকল্পনা দলটোৰ। ৪ হাজাৰ ৫০০ বিধানসভা সমষ্টিত ভ্ৰমণ কৰিবলগীয়া ৰথৰ জৰিয়তে ভোটাৰৰ পৰা গ্ৰহণ কৰা হ’ব বিশেষ পৰামৰ্শ। যি পৰামৰ্শ পৰৱৰ্তী সময়ত সন্নিৱিষ্ট কৰা হ’ব দলৰ নিৰ্বাচনী সংকল্পপত্ৰত। যাৰ বাবে ১৫ মাৰ্চলৈ ডেডলাইন ঘোষণা কৰিছে দলটোৱে। 

ইপিনে, নিৰ্বাচনৰ প্ৰাকক্ষণত কাইলৈ বিজেপিয়ে প্ৰকাশ কৰিব পাৰে প্ৰথমখন প্ৰাৰ্থী তালিকা। য’ত থাকিব ১০০ৰ পৰা ১৫০গৰাকী প্ৰাৰ্থীৰ নাম। নতুন ৰণনীতি অনুসৰি সৰ্বপ্ৰথমে দুৰ্বল আসনসমূহৰ বাবে বিজেপিয়ে ঘোষণা কৰিব পাৰে প্ৰাৰ্থীৰ নাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক