--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আয়ুৰ্বেদত চফক এক অপৰিহাৰ্য ঔষধ হিচাপে গণ্য কৰা হয়, যিটো হজম আৰু বিষমুক্তকৰণৰ বাবে বিশেষভাৱে উপযোগী।

ডিজিটেল ডেস্কঃ ৰাতিপুৱা খালী পেটত চফৰ পানী খোৱাৰ সাধাৰণ অভ্যাসে আপোনাৰ হজম শক্তি, বিপাকীয় ক্ৰিয়া আৰু হৰম’নৰ ভাৰসাম্য উন্নত কৰিব পাৰে। আয়ুৰ্বেদত চফক এক অপৰিহাৰ্য ঔষধ হিচাপে গণ্য কৰা হয়, যিটো হজম আৰু বিষমুক্তকৰণৰ বাবে বিশেষভাৱে উপযোগী।


আনহাতে বেছিভাগ মানুহেই চফৰ প্ৰভাৱ ঠাণ্ডা বুলি গণ্য কৰে, কিন্তু আয়ুৰ্বেদত ইয়াৰ প্ৰভাৱ গৰম বুলি কোৱা হয়। ইয়াৰ প্ৰভাৱে পাচনতন্ত্ৰৰ জুই বৃদ্ধি কৰে, আনহাতে ই শৰীৰৰ বাহিৰৰ অংশ ঠাণ্ডা কৰে, গতিকে মানুহে ইয়াক ঠাণ্ডা বুলি গণ্য কৰে।


পেটৰ বাবে উপকাৰী - গেছ, পেট ফুলা, এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ বাবে চফ ঔষধ। ৰাতিপুৱা খালী পেটত ইয়াৰ পানী খোৱাৰ পিছত বা খোৱাৰ পিছত চোবাই খালে পাচনতন্ত্ৰ উন্নত হয় আৰু বিষাক্ত পদাৰ্থ আঁতৰ হয়।


ওজন কমাবলৈ সহায়ক- আয়ুৰ্বেদত ই ওজন হ্ৰাসৰ বাবেও উপকাৰী, কিয়নো ই নিমিষতে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, ভোক নিয়ন্ত্ৰণ কৰে আৰু পেট ফুলা কমায়।


মহিলাৰ বাবে উপকাৰী- মহিলাৰ বাবেও চফ অতি উপকাৰী বুলি গণ্য কৰা হয়। ই মাতৃদুগ্ধ বৃদ্ধি কৰা, পিৰিয়ডৰ বিষৰ পৰা উপশম পোৱা আৰু হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ কাৰণে ইয়াক ট্ৰাইডোছিক বনৌষধি বুলি কোৱা হয়, যিটো শৰীৰ আৰু মানসিক স্বাস্থ্য উভয়ৰে বাবে উপকাৰী।


আধুনিক বিজ্ঞানেও চফৰ গুণাগুণ বৰ্ণনা কৰিছে। ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰে, যিয়ে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু ডায়েবেটিছ, হৃদৰোগ, কেন্সাৰ আদি ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। আই বি এছ (Irregular Bowel Syndrome)তো চফে সকাহ দিয়ে।


চফৰ পানী বনোৱাৰ দুটা সহজ উপায়


১) ৰাতি একৰ পৰা দুচামুচ চফ পানীত তিয়াই ৰাতিপুৱা খাব।


২) চফ লাহে লাহে থেতেলিয়াই দুকাপ পানীত উতলাই চেকি আধা হলে গৰমে সেৱন কৰক। ৰাতিপুৱা খালী পেটত চফৰ পানী খোৱাটো ভাল, কিয়নো ই হাইড্ৰেচন বৃদ্ধি কৰে, পাচনতন্ত্ৰৰ জুই তীব্ৰতৰ কৰে আৰু বিষাক্ত পদাৰ্থ আঁতৰায়।


যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্য খোৱাৰ ৩০ মিনিট আগতে সেৱন কৰিব পাৰে। যদিও এইটো কোনো যাদুকৰী প্ৰতিকাৰ নহয়, তথাপিও দৈনিক সেৱন কৰিলে ২-৩ সপ্তাহত ফলাফল দেখা যায়। কিছুমান অৱস্থাত, যেনে- গৰ্ভাৱস্থা, হৰম’নৰ ভাৰসাম্যহীনতা, মৃগীৰোগ, তেজ পাতল কৰা ঔষধ ব্যৱহাৰ আদিত চফ সাৱধানে সেৱন কৰিব লাগে, কাৰণ এইবোৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়। চফৰ লগত জিৰা আৰু অজৱাইন মিহলাই ল’লে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু