--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বেছিভাগ ঘৰতে ব্ৰেকফাষ্টত কণী অন্তৰ্ভুক্ত কৰা হয়। কণীৰ পৰা বহুতো সোৱাদযুক্ত ব্যঞ্জনো প্ৰস্তুত কৰা হয়। বিশেষকৈ শীতকালত বহু লোকে কণী খাবলৈ ভালপায়। সেয়েহে দৈনিক খাদ্য তালিকাত কণী অন্তৰ্ভুক্ত কৰিলে ই স্বাস্থ্য বাবে ভাল। দৈনিক ১-২টা কণী খাব লাগে। কিন্তু প্ৰতিদিনে কণী খোৱাটো হৃদযন্ত্ৰৰ পক্ষে উচিত নে? কণী খালে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায় নেকি? যদি আপুনি হৃদৰোগী, তেন্তে দিনটোত কিমান কণী খাব লাগে। জানো আহক।

 এনচিবিআইৰ প্ৰতিবেদন অনুসৰি দিনটোত ২টা কণী খালে মেদবহুলতা হ্ৰাস পায়। দৈনিক কণী খালে শৰীৰৰ ৰক্তকণিকা বৃদ্ধি পায়। কণী খালে শৰীৰে প্ৰটিন আৰু ভিটামিন লাভ কৰে। বহু গৱেষণাত কোৱা হৈছে যে এজন সুস্থ ব্যক্তিয়ে দৈনিক ২টাকৈ কণী খাব পাৰে। কিন্তু আন খাদ্যতকৈ কণীত অধিক কলেষ্টেৰল থাকে।

 কণীত কি কি পুষ্টি পোৱা যায়?

১টা কণীত প্ৰায় ৭৫ কেলৰি, ৫ গ্ৰাম চৰ্বি, ৬ গ্ৰাম প্ৰটিন, ০ কাৰ্বহাইড্ৰেট, ৭০ গ্ৰাম ছ’ডিয়াম, ৬৭ মিলিগ্ৰাম পটাছিয়াম আৰু ২১০ মিলিগ্ৰাম কলেষ্টেৰল পোৱা যায়। কণীত ভিটামিন-এ, ভিটামিন-ডি আৰু ভিটামিন-বি১২ৰ ভাল উৎস। কণীতো ক’লিন পোৱা যায়, যিয়ে বিপাকীয় ক্ৰিয়াত সহায় কৰে।

 কণী খালে কলেষ্টেৰল বৃদ্ধি পায় নেকি?

উচ্চ কলেষ্টেৰল থাকিলে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত জীৱন বিপন্নাপন্ন কৰি তুলিব পাৰে। কিন্তু বহু গৱেষণাত দেখা গৈছে যে কণীত পোৱা কলেষ্টেৰলে শৰীৰত নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু যদি আপুনি ইয়াক প্ৰচুৰ পৰিমাণে তেল বা ঘিউত বনাই খাইছে, তেন্তে এই দুটা বস্তু একেলগে ক্ষতি কাৰণ হ’ব পাৰে।

 হৃদৰোগীসকলে কেনেকৈ আৰু কিমান কণী খাব লাগে?

হৃদৰোগীয়ে এসপ্তাহত ৭টা কণী অৰ্থাৎ প্ৰতিদিনে এটাকৈ কণী খাব পাৰে। কণীৰ বগা অংশটোহে খালে কলেষ্টেৰল সম্ভাৱনা নাথাকে আৰু শৰীৰে প্ৰয়োজনীয় প্ৰটিন লাভ কৰে। যদি আপুনি অধিক পৰিমাণে কণী খায় তেন্তে কণীৰ কুহুম নোখোৱাটোৱেই ভাল। কণী উতলাই বা অতি কম তেলত বনাই খাবলৈ চেষ্টা কৰক। কণী হৃদয়ৰ বাবে ক্ষতিকাৰক, ই অতি ভুল ধাৰণা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক