--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বেছিভাগ ঘৰতে ব্ৰেকফাষ্টত কণী অন্তৰ্ভুক্ত কৰা হয়। কণীৰ পৰা বহুতো সোৱাদযুক্ত ব্যঞ্জনো প্ৰস্তুত কৰা হয়। বিশেষকৈ শীতকালত বহু লোকে কণী খাবলৈ ভালপায়। সেয়েহে দৈনিক খাদ্য তালিকাত কণী অন্তৰ্ভুক্ত কৰিলে ই স্বাস্থ্য বাবে ভাল। দৈনিক ১-২টা কণী খাব লাগে। কিন্তু প্ৰতিদিনে কণী খোৱাটো হৃদযন্ত্ৰৰ পক্ষে উচিত নে? কণী খালে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায় নেকি? যদি আপুনি হৃদৰোগী, তেন্তে দিনটোত কিমান কণী খাব লাগে। জানো আহক।

 এনচিবিআইৰ প্ৰতিবেদন অনুসৰি দিনটোত ২টা কণী খালে মেদবহুলতা হ্ৰাস পায়। দৈনিক কণী খালে শৰীৰৰ ৰক্তকণিকা বৃদ্ধি পায়। কণী খালে শৰীৰে প্ৰটিন আৰু ভিটামিন লাভ কৰে। বহু গৱেষণাত কোৱা হৈছে যে এজন সুস্থ ব্যক্তিয়ে দৈনিক ২টাকৈ কণী খাব পাৰে। কিন্তু আন খাদ্যতকৈ কণীত অধিক কলেষ্টেৰল থাকে।

 কণীত কি কি পুষ্টি পোৱা যায়?

১টা কণীত প্ৰায় ৭৫ কেলৰি, ৫ গ্ৰাম চৰ্বি, ৬ গ্ৰাম প্ৰটিন, ০ কাৰ্বহাইড্ৰেট, ৭০ গ্ৰাম ছ’ডিয়াম, ৬৭ মিলিগ্ৰাম পটাছিয়াম আৰু ২১০ মিলিগ্ৰাম কলেষ্টেৰল পোৱা যায়। কণীত ভিটামিন-এ, ভিটামিন-ডি আৰু ভিটামিন-বি১২ৰ ভাল উৎস। কণীতো ক’লিন পোৱা যায়, যিয়ে বিপাকীয় ক্ৰিয়াত সহায় কৰে।

 কণী খালে কলেষ্টেৰল বৃদ্ধি পায় নেকি?

উচ্চ কলেষ্টেৰল থাকিলে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত জীৱন বিপন্নাপন্ন কৰি তুলিব পাৰে। কিন্তু বহু গৱেষণাত দেখা গৈছে যে কণীত পোৱা কলেষ্টেৰলে শৰীৰত নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু যদি আপুনি ইয়াক প্ৰচুৰ পৰিমাণে তেল বা ঘিউত বনাই খাইছে, তেন্তে এই দুটা বস্তু একেলগে ক্ষতি কাৰণ হ’ব পাৰে।

 হৃদৰোগীসকলে কেনেকৈ আৰু কিমান কণী খাব লাগে?

হৃদৰোগীয়ে এসপ্তাহত ৭টা কণী অৰ্থাৎ প্ৰতিদিনে এটাকৈ কণী খাব পাৰে। কণীৰ বগা অংশটোহে খালে কলেষ্টেৰল সম্ভাৱনা নাথাকে আৰু শৰীৰে প্ৰয়োজনীয় প্ৰটিন লাভ কৰে। যদি আপুনি অধিক পৰিমাণে কণী খায় তেন্তে কণীৰ কুহুম নোখোৱাটোৱেই ভাল। কণী উতলাই বা অতি কম তেলত বনাই খাবলৈ চেষ্টা কৰক। কণী হৃদয়ৰ বাবে ক্ষতিকাৰক, ই অতি ভুল ধাৰণা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি