--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু সঁচাকৈয়ে এতিয়া তেনেই সহজ হৈ পৰিছে। কাৰ বাবে ক’ত, কেতিয়া মৃত্যুৱে চোপ লৈ আছে সেয়া যেন কোনেও ক’ব নোৱাৰে।   উত্তৰ প্ৰদেশৰ এজন বেংক মেনেজাৰৰ অকাল মৃত্যুৱে এতিয়া বহুতৰে মন গধুৰ কৰি তুলিছে। সহকৰ্মীৰ সৈতে একেলগে কাম কৰি থকাৰ সময়তে ৩০ বছৰীয়া বেংক মেনেজাৰ ৰাজেশে চকীতে ঢলি পৰে। ৰাজেশ চকীত ঢলি পৰাৰ কথা আনকি প্ৰথমে তেওঁৰ কাষতে বহি কাম কৰি থকা সহকৰ্মীজনেও জনা নাছিল। কাৰণ ঢলি পৰাৰ আগলৈকে ৰাজেশে কাষতে বহি থকা সহকৰ্মীজনৰ সৈতে স্বাভাৱিকভাবেই কথা পাতি আছিল। কিন্তু হঠাতে  লেপটপত কাম কৰি থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ  মৃত্যু ঘটে ৰাজেশৰ। 

হঠাৎ ৰাজেশে বহি থকা চকীখনত বাগৰি পৰিছিল। সহকৰ্মীসকল ওচৰতে আছিল। তেওঁলোকে হঠাৎ লক্ষ্য কৰিলে যে ৰাজেশ  গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। সহকৰ্মীসকলে ৰাজেশৰ মুখ আৰু বুকুত পানী ছটিয়াই সুস্থ কৰিবলৈ  চেষ্টা কৰিছিল যদিও তেওঁক বচাব পৰা নগ’ল।  বেংক মেনেজাৰগৰাকীৰ মৃত্যুৰ এই সমগ্ৰ দৃশ্য  বেংকৰ চিচিটিভিত  বন্দী হৈছিল। এতিয়া  এই চাঞ্চল্যকৰ মৃত্যুৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ৰাজেশৰ এনে মৃত্যু দেখি মানুহ  স্তম্ভিত হৈ পৰিছে।
 

 

৩০ বছৰীয়া ৰাজেশ কুমাৰ শিণ্ডে উত্তৰ প্ৰদেশৰ মাহবৰত অৱস্থিত এইচ ডি এফ চি বেংকৰ জেনেৰেল মেনেজাৰ আছিল। পোহৰলৈ অহা ভিডিঅ’ ফুটেজটো যোৱা ১৯ জুনৰ। তাত দেখা গৈছে বেংকৰ চাৰিজন কৰ্মচাৰীয়ে চকীত বহি কাষে কাষে কাম কৰি আছে। তাৰ ভিতৰত ৰাজেশো আছে। হঠাৎ ৰাজেশে তেওঁৰ  বুকুত হাতখন ঘঁহি থকা দেখা যায়। কেইছেকেণ্ডমানৰ ভিতৰতে তেওঁ চকীখনত ঢলি পৰে। অলপ পিছতে  সোঁফালে বহি থকা ৰাজেশৰ সহকৰ্মীজনে কথাটো লক্ষ্য কৰিলে। তেওঁ উঠি আহি ৰাজেশৰ বুকুখনত হেঁচা দি তেওঁক বচোৱাৰ চেষ্টা কৰে। সহকৰ্মীয়ে  চিপিআৰ দিবলৈ চেষ্টা কৰে যদিও সেয়া বিফল হয়।  ইয়াৰ পিছত ৰাজেশক  চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে বেংকৰ কৰ্মচাৰীজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।

প্ৰসংগক্ৰমে ক’ভিড-১৯ৰ পিছত হাৰ্ট এটেকৰ ফলত হঠাৎ মৃত্যুৰ ঘটনা বাঢ়িছে। বিবাহ অনুষ্ঠান , মঞ্চ, জিম, খেলপথাৰত  বহুতৰে হঠাতে   হাৰ্ট এটেকত মৃত্যু হোৱা ঘটনাই বহুতকে চিন্তিত কৰি তুলিছে। বিশেষজ্ঞ সকলৰ মতে মানসিক চাপো হৃদৰোগৰ  অন্যতম কাৰণ। ইয়াৰ লগতে প্ৰায়ে  টোপনি ক্ষতি, বাহিৰৰ পৰা তেল-মচলাযুক্ত  খাদ্য  অত্যধিকভাবে খোৱাৰ  অভ্যাসেও  বহুতৰে বাবে হৃদৰোগৰ কাৰণ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ