--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু সঁচাকৈয়ে এতিয়া তেনেই সহজ হৈ পৰিছে। কাৰ বাবে ক’ত, কেতিয়া মৃত্যুৱে চোপ লৈ আছে সেয়া যেন কোনেও ক’ব নোৱাৰে।   উত্তৰ প্ৰদেশৰ এজন বেংক মেনেজাৰৰ অকাল মৃত্যুৱে এতিয়া বহুতৰে মন গধুৰ কৰি তুলিছে। সহকৰ্মীৰ সৈতে একেলগে কাম কৰি থকাৰ সময়তে ৩০ বছৰীয়া বেংক মেনেজাৰ ৰাজেশে চকীতে ঢলি পৰে। ৰাজেশ চকীত ঢলি পৰাৰ কথা আনকি প্ৰথমে তেওঁৰ কাষতে বহি কাম কৰি থকা সহকৰ্মীজনেও জনা নাছিল। কাৰণ ঢলি পৰাৰ আগলৈকে ৰাজেশে কাষতে বহি থকা সহকৰ্মীজনৰ সৈতে স্বাভাৱিকভাবেই কথা পাতি আছিল। কিন্তু হঠাতে  লেপটপত কাম কৰি থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ  মৃত্যু ঘটে ৰাজেশৰ। 

হঠাৎ ৰাজেশে বহি থকা চকীখনত বাগৰি পৰিছিল। সহকৰ্মীসকল ওচৰতে আছিল। তেওঁলোকে হঠাৎ লক্ষ্য কৰিলে যে ৰাজেশ  গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। সহকৰ্মীসকলে ৰাজেশৰ মুখ আৰু বুকুত পানী ছটিয়াই সুস্থ কৰিবলৈ  চেষ্টা কৰিছিল যদিও তেওঁক বচাব পৰা নগ’ল।  বেংক মেনেজাৰগৰাকীৰ মৃত্যুৰ এই সমগ্ৰ দৃশ্য  বেংকৰ চিচিটিভিত  বন্দী হৈছিল। এতিয়া  এই চাঞ্চল্যকৰ মৃত্যুৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ৰাজেশৰ এনে মৃত্যু দেখি মানুহ  স্তম্ভিত হৈ পৰিছে।
 

 

৩০ বছৰীয়া ৰাজেশ কুমাৰ শিণ্ডে উত্তৰ প্ৰদেশৰ মাহবৰত অৱস্থিত এইচ ডি এফ চি বেংকৰ জেনেৰেল মেনেজাৰ আছিল। পোহৰলৈ অহা ভিডিঅ’ ফুটেজটো যোৱা ১৯ জুনৰ। তাত দেখা গৈছে বেংকৰ চাৰিজন কৰ্মচাৰীয়ে চকীত বহি কাষে কাষে কাম কৰি আছে। তাৰ ভিতৰত ৰাজেশো আছে। হঠাৎ ৰাজেশে তেওঁৰ  বুকুত হাতখন ঘঁহি থকা দেখা যায়। কেইছেকেণ্ডমানৰ ভিতৰতে তেওঁ চকীখনত ঢলি পৰে। অলপ পিছতে  সোঁফালে বহি থকা ৰাজেশৰ সহকৰ্মীজনে কথাটো লক্ষ্য কৰিলে। তেওঁ উঠি আহি ৰাজেশৰ বুকুখনত হেঁচা দি তেওঁক বচোৱাৰ চেষ্টা কৰে। সহকৰ্মীয়ে  চিপিআৰ দিবলৈ চেষ্টা কৰে যদিও সেয়া বিফল হয়।  ইয়াৰ পিছত ৰাজেশক  চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে বেংকৰ কৰ্মচাৰীজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।

প্ৰসংগক্ৰমে ক’ভিড-১৯ৰ পিছত হাৰ্ট এটেকৰ ফলত হঠাৎ মৃত্যুৰ ঘটনা বাঢ়িছে। বিবাহ অনুষ্ঠান , মঞ্চ, জিম, খেলপথাৰত  বহুতৰে হঠাতে   হাৰ্ট এটেকত মৃত্যু হোৱা ঘটনাই বহুতকে চিন্তিত কৰি তুলিছে। বিশেষজ্ঞ সকলৰ মতে মানসিক চাপো হৃদৰোগৰ  অন্যতম কাৰণ। ইয়াৰ লগতে প্ৰায়ে  টোপনি ক্ষতি, বাহিৰৰ পৰা তেল-মচলাযুক্ত  খাদ্য  অত্যধিকভাবে খোৱাৰ  অভ্যাসেও  বহুতৰে বাবে হৃদৰোগৰ কাৰণ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু