--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অধ্যক্ষ নিৰ্বাচিত হৈয়েই জৰুৰীকালীন অৱস্থাকলৈ কংগ্ৰেছক কটাক্ষ কৰিলে ওম বিৰলাই। অধ্যক্ষ ওম বিৰলাই লোকসভাৰ অধ্যক্ষৰ আসনত উপৱিষ্ট হোৱাৰ পিছতে পুৰণি বিষয় এটা  উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি কৰে। আজিৰ দিনটোতে অধ্যক্ষৰ আসনত বহি বিৰলাই জৰুৰীকালীন অৱস্থাৰ কথা মনত পেলাই ২ মিনিট মৌনতা অৱলম্বন কৰাৰ কথা কয়। এই কথাতে জাঙুৰ খাই উঠে বিৰোধী শিবিৰ।বিৰোধীৰ প্ৰতিবাদত লোকসভাৰ মজিয়া উত্তপ্ত হৈ পৰাৰ পিছতে  অধ্যক্ষই অধিৱেশন স্থগিত ৰাখিবলৈ বাধ্য হয়। ১৮ সংখ্যক লোকসভাৰ তৃতীয় দিনা  বিৰোধীৰ ৰণচণ্ডী ৰূপৰ বাবেই  প্ৰথমবাৰৰ বাবে অধিৱেশন স্থগিত ৰাখিবলগীয়া হয়। 

ওম বিৰলা  হিচাবে অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছতে বিৰোধী শিবিৰে তেওঁক অভিনন্দন জনায়। তেনে অভিন্দন গ্ৰহণ কৰাৰ পিছতে বিৰলাই ইন্দিৰা গান্ধীয়ে দেশত বলবৎ কৰা জৰুৰী অৱস্থাৰ বাবে দুই মিনিটৰ মৌনতা অৱলম্বনৰ কথা কয়।   ৰাহুল গান্ধীয়ে যেতিয়া সোঁৱৰাই দিছিল  যে গণতন্ত্ৰত বিৰোধীৰ জাগ্ৰত কণ্ঠ অতি গুৰুত্বপূৰ্ণ। এইবাৰ সংসদত বিৰোধীক কথা ক’বলৈ দিয়া উচিত। ঠিক তেতিয়াই ওম বিৰলাই অধ্যক্ষৰ আসনৰ  পৰা কংগ্ৰেছৰ জৰুৰী অৱস্থাৰ  বিষয়টো উত্থাপন কৰে।

অধ্যক্ষই কয়, ‘এই সদনে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে। সেই সময়ত ইয়াৰ বিৰোধিতা কৰাসকলৰ বীৰত্বক মই সন্মান কৰো। সেই সময়ত বহু লোকৰ মৃত্যু হৈছিল। অত্যাচাৰী কংগ্ৰেছ চৰকাৰৰ অত্যাচাৰত প্ৰাণ হেৰুওৱা সেই বীৰসকলৰ স্মৃতিত এই সদনত দুই মিনিট মৌনতা অৱলম্বন কৰা হওক।” অধ্যক্ষই এই ঘোষণা কৰাৰ লগে লগে বিৰোধীয়ে   শ্লোগান দিবলৈ ধৰে। বিৰোধীৰ মতে, অধ্যক্ষই পুৰণি বিষয়বোৰ উত্থাপন কৰি অপ্ৰয়োজনীয় বিতৰ্কৰ সৃষ্টি কৰিছে। অৱশেষত প্ৰতিবাদৰ বাবে অধিৱেশন স্থগিত ৰাখিবলগীয়া  হয়।

পিছত সংসদৰ  বাহিৰত এন ডি এৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ হাতত থকা প্লেকাৰ্ডত লিখা আছিল, ‘এনানায়কত্ববাদী মানসিকতা, কংগ্ৰেছৰ বাস্তৱতা’, ‘কিছুমান কথা কেতিয়াও সলনি নহয়’। সেই প্ৰতিবাদত প্ৰহ্লাদ যোশী, কিৰেণ ৰিজিজুৰ দৰে মন্ত্ৰীসকলেও ভাগ লয়।  দৰাচলতে লোকসভা নিৰ্বাচনৰ পিছৰে পৰা কংগ্ৰেছে সংবিধান ৰক্ষাৰ বিষয়টো উত্থাপন কৰি আহিছে। চৰকাৰে এতিয়া  জৰুৰীকালীন অৱস্থাৰ বিষয়টো টানি আনি  বিৰোধীক কাবু কৰিব বিচাৰিছে বুলি বহুতে মন্তব্য কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ