--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অধ্যক্ষ নিৰ্বাচিত হৈয়েই জৰুৰীকালীন অৱস্থাকলৈ কংগ্ৰেছক কটাক্ষ কৰিলে ওম বিৰলাই। অধ্যক্ষ ওম বিৰলাই লোকসভাৰ অধ্যক্ষৰ আসনত উপৱিষ্ট হোৱাৰ পিছতে পুৰণি বিষয় এটা  উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি কৰে। আজিৰ দিনটোতে অধ্যক্ষৰ আসনত বহি বিৰলাই জৰুৰীকালীন অৱস্থাৰ কথা মনত পেলাই ২ মিনিট মৌনতা অৱলম্বন কৰাৰ কথা কয়। এই কথাতে জাঙুৰ খাই উঠে বিৰোধী শিবিৰ।বিৰোধীৰ প্ৰতিবাদত লোকসভাৰ মজিয়া উত্তপ্ত হৈ পৰাৰ পিছতে  অধ্যক্ষই অধিৱেশন স্থগিত ৰাখিবলৈ বাধ্য হয়। ১৮ সংখ্যক লোকসভাৰ তৃতীয় দিনা  বিৰোধীৰ ৰণচণ্ডী ৰূপৰ বাবেই  প্ৰথমবাৰৰ বাবে অধিৱেশন স্থগিত ৰাখিবলগীয়া হয়। 

ওম বিৰলা  হিচাবে অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছতে বিৰোধী শিবিৰে তেওঁক অভিনন্দন জনায়। তেনে অভিন্দন গ্ৰহণ কৰাৰ পিছতে বিৰলাই ইন্দিৰা গান্ধীয়ে দেশত বলবৎ কৰা জৰুৰী অৱস্থাৰ বাবে দুই মিনিটৰ মৌনতা অৱলম্বনৰ কথা কয়।   ৰাহুল গান্ধীয়ে যেতিয়া সোঁৱৰাই দিছিল  যে গণতন্ত্ৰত বিৰোধীৰ জাগ্ৰত কণ্ঠ অতি গুৰুত্বপূৰ্ণ। এইবাৰ সংসদত বিৰোধীক কথা ক’বলৈ দিয়া উচিত। ঠিক তেতিয়াই ওম বিৰলাই অধ্যক্ষৰ আসনৰ  পৰা কংগ্ৰেছৰ জৰুৰী অৱস্থাৰ  বিষয়টো উত্থাপন কৰে।

অধ্যক্ষই কয়, ‘এই সদনে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে। সেই সময়ত ইয়াৰ বিৰোধিতা কৰাসকলৰ বীৰত্বক মই সন্মান কৰো। সেই সময়ত বহু লোকৰ মৃত্যু হৈছিল। অত্যাচাৰী কংগ্ৰেছ চৰকাৰৰ অত্যাচাৰত প্ৰাণ হেৰুওৱা সেই বীৰসকলৰ স্মৃতিত এই সদনত দুই মিনিট মৌনতা অৱলম্বন কৰা হওক।” অধ্যক্ষই এই ঘোষণা কৰাৰ লগে লগে বিৰোধীয়ে   শ্লোগান দিবলৈ ধৰে। বিৰোধীৰ মতে, অধ্যক্ষই পুৰণি বিষয়বোৰ উত্থাপন কৰি অপ্ৰয়োজনীয় বিতৰ্কৰ সৃষ্টি কৰিছে। অৱশেষত প্ৰতিবাদৰ বাবে অধিৱেশন স্থগিত ৰাখিবলগীয়া  হয়।

পিছত সংসদৰ  বাহিৰত এন ডি এৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ হাতত থকা প্লেকাৰ্ডত লিখা আছিল, ‘এনানায়কত্ববাদী মানসিকতা, কংগ্ৰেছৰ বাস্তৱতা’, ‘কিছুমান কথা কেতিয়াও সলনি নহয়’। সেই প্ৰতিবাদত প্ৰহ্লাদ যোশী, কিৰেণ ৰিজিজুৰ দৰে মন্ত্ৰীসকলেও ভাগ লয়।  দৰাচলতে লোকসভা নিৰ্বাচনৰ পিছৰে পৰা কংগ্ৰেছে সংবিধান ৰক্ষাৰ বিষয়টো উত্থাপন কৰি আহিছে। চৰকাৰে এতিয়া  জৰুৰীকালীন অৱস্থাৰ বিষয়টো টানি আনি  বিৰোধীক কাবু কৰিব বিচাৰিছে বুলি বহুতে মন্তব্য কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু