--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে লোকজনে৷ ছয়গৰাকীকৈ মহিলাক বিয়া পাতি ৫৪ টা সন্তান জন্ম দিয়া পাকিস্তানৰ   হাজী আব্দুল মজিদ মেংগলৰ যোৱা  নিশা মৃত্যু হয়। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ  তেওঁৰ মৃত্যু ঘটে।

আব্দুল মজিদ মংগলৰ বয়স প্ৰায় ৭৫ বছৰ হৈছিল  আৰু তেওঁ এজন ট্ৰাক চালক আছিল। আব্দুল মজিদ মেংগল আফগানিস্তানৰ সীমান্তৰ  বেলুচিস্তানৰ নশ্কি জিলাৰ কালী মঙ্গল গাঁৱৰ বাসিন্দা আছিল। 

মেংগলৰ বৰ্তমান ৪২ টা সন্তান আৰু চাৰিগৰাকী পত্নী আছে। ইতিমধ্যে  তেওঁৰ ১২ টা সন্তান আৰু দুগৰাকী পত্নীৰ মৃত্যু হৈছে। হাজী আব্দুলৰ সন্তানৰ ভিতৰত আছে ২২ টা ল'ৰা আৰু ২০ গৰাকী  ছোৱালী। যদি নাতি-নাতিনী যোগকৰা  হয় গোটেই পৰিয়ালটোৰ সদস্য সংখ্যা ১৫০ হ’ব৷ আব্দুল মজিদ মেংগলে ১৮ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল।

আব্দুল মজিদ আৰু তেওঁৰ পৰিয়ালৰ কথা  ২০১৭ চনত পাকিস্তানত হোৱা লোকপিয়লৰ সময়ত পোহৰলৈ আহিছিল৷  হাজীৰ গাওঁখন আফগানিস্তানৰ সীমান্তৰ ওচৰৰ কোৱেটাৰ পৰা ১৩০ কিলোমিটাৰ দূৰৈত অৱস্থিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান