--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে লোকজনে৷ ছয়গৰাকীকৈ মহিলাক বিয়া পাতি ৫৪ টা সন্তান জন্ম দিয়া পাকিস্তানৰ   হাজী আব্দুল মজিদ মেংগলৰ যোৱা  নিশা মৃত্যু হয়। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ  তেওঁৰ মৃত্যু ঘটে।

আব্দুল মজিদ মংগলৰ বয়স প্ৰায় ৭৫ বছৰ হৈছিল  আৰু তেওঁ এজন ট্ৰাক চালক আছিল। আব্দুল মজিদ মেংগল আফগানিস্তানৰ সীমান্তৰ  বেলুচিস্তানৰ নশ্কি জিলাৰ কালী মঙ্গল গাঁৱৰ বাসিন্দা আছিল। 

মেংগলৰ বৰ্তমান ৪২ টা সন্তান আৰু চাৰিগৰাকী পত্নী আছে। ইতিমধ্যে  তেওঁৰ ১২ টা সন্তান আৰু দুগৰাকী পত্নীৰ মৃত্যু হৈছে। হাজী আব্দুলৰ সন্তানৰ ভিতৰত আছে ২২ টা ল'ৰা আৰু ২০ গৰাকী  ছোৱালী। যদি নাতি-নাতিনী যোগকৰা  হয় গোটেই পৰিয়ালটোৰ সদস্য সংখ্যা ১৫০ হ’ব৷ আব্দুল মজিদ মেংগলে ১৮ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল।

আব্দুল মজিদ আৰু তেওঁৰ পৰিয়ালৰ কথা  ২০১৭ চনত পাকিস্তানত হোৱা লোকপিয়লৰ সময়ত পোহৰলৈ আহিছিল৷  হাজীৰ গাওঁখন আফগানিস্তানৰ সীমান্তৰ ওচৰৰ কোৱেটাৰ পৰা ১৩০ কিলোমিটাৰ দূৰৈত অৱস্থিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ