--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ উত্তাল হৈ পৰিছে বাংলাদেশ৷দেশ খনৰ বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি)ৰ সমদলক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ, মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰা  আৰু অন্যান্য দাবীত বি এন পিয়ে এক বৃহৎ সমদলৰ আহ্বান জনাইছে। সমদলত  হাজাৰ হাজাৰ মানুহ গোট খাইছে। বি এন পিৰ সমদলকলৈ  পিছত বাংলাদেশৰ ৰাজনীতিত এক আলোড়ন সৃষ্টি হৈছে।

বি এন পিৰ বৃহৎ সমদল সন্দৰ্ভত চৰকাৰৰ বক্তব্য বাংলাদেশী সংবাদ মাধ্যমত প্ৰকাশ পাইছে। চৰকাৰে কৈছে যে বাংলাদেশে দেশৰ নিৰ্বাচন সম্পৰ্কীয় কোনো 'আভ্যন্তৰীণ ষড়যন্ত্ৰ' সহ্য নকৰে। এই ক্ষেত্ৰত "বিদেশীৰ হস্তক্ষেপ" সহ্য কৰা নহ'ব। শ্বেখ হাছিনাৰ চৰকাৰ বাংলাদেশত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও পুনৰবাৰ দোহাৰে।বাংলাদেশৰ আইন মন্ত্ৰী আনিছুল হক, বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেন আৰু ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মোঃ চহৰিয়াৰ আলমেও চৰকাৰৰ স্থিতিকেই দোহাৰিছে। তেওঁলোকে বি এন পিৰ বৈঠক সন্দৰ্ভত চৰকাৰৰ স্থিতিৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। উল্লেখ্য অহা বছৰ বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। চৰকাৰে কৈছে যে বাংলাদেশে এই ক্ষেত্ৰত "কোনো বাহ্যিক চাপ"ৰ সন্মুখীন নহ'ব।

উল্লেখ্য বাংলাদেশত বি এন পিয়ে  সমদলৰ উলিওৱাৰ  আগতে কেইবাজনো গুৰুত্বপূৰ্ণ নেতাক আৰক্ষীয়ে আটক কৰে৷  বি এন পিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত আৰক্ষী আৰু কৰ্মীসকলৰ মাজত সংঘৰ্ষ লগাও পৰিলক্ষিত হয়। সমদলটোৰ আগতে আৰক্ষীয়ে এজন লোকক গুলীয়াই হত্যা কৰিছিল৷
বি এন পিয়ে সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰি আহিছে। একে সময়তে, বি এন পি নেতৃত্বই বিচাৰে যে নিৰ্বাচন এখন নিৰপেক্ষ চৰকাৰৰ অধীনত অনুষ্ঠিত হওঁক। ক্ষমতাসীন আৱামী লীগে কৈছে যে দলটোৱে  নিৰপেক্ষ চৰকাৰৰ অধীনত নিৰ্বাচন অনুষ্ঠিত  কৰিবলৈ ইচ্ছুক নহয়। কাৰণ এয়া  বাংলাদেশৰ সংবিধানৰ বিৰোধী। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান