--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ উত্তাল হৈ পৰিছে বাংলাদেশ৷দেশ খনৰ বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি)ৰ সমদলক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ, মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰা  আৰু অন্যান্য দাবীত বি এন পিয়ে এক বৃহৎ সমদলৰ আহ্বান জনাইছে। সমদলত  হাজাৰ হাজাৰ মানুহ গোট খাইছে। বি এন পিৰ সমদলকলৈ  পিছত বাংলাদেশৰ ৰাজনীতিত এক আলোড়ন সৃষ্টি হৈছে।

বি এন পিৰ বৃহৎ সমদল সন্দৰ্ভত চৰকাৰৰ বক্তব্য বাংলাদেশী সংবাদ মাধ্যমত প্ৰকাশ পাইছে। চৰকাৰে কৈছে যে বাংলাদেশে দেশৰ নিৰ্বাচন সম্পৰ্কীয় কোনো 'আভ্যন্তৰীণ ষড়যন্ত্ৰ' সহ্য নকৰে। এই ক্ষেত্ৰত "বিদেশীৰ হস্তক্ষেপ" সহ্য কৰা নহ'ব। শ্বেখ হাছিনাৰ চৰকাৰ বাংলাদেশত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও পুনৰবাৰ দোহাৰে।বাংলাদেশৰ আইন মন্ত্ৰী আনিছুল হক, বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেন আৰু ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মোঃ চহৰিয়াৰ আলমেও চৰকাৰৰ স্থিতিকেই দোহাৰিছে। তেওঁলোকে বি এন পিৰ বৈঠক সন্দৰ্ভত চৰকাৰৰ স্থিতিৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। উল্লেখ্য অহা বছৰ বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। চৰকাৰে কৈছে যে বাংলাদেশে এই ক্ষেত্ৰত "কোনো বাহ্যিক চাপ"ৰ সন্মুখীন নহ'ব।

উল্লেখ্য বাংলাদেশত বি এন পিয়ে  সমদলৰ উলিওৱাৰ  আগতে কেইবাজনো গুৰুত্বপূৰ্ণ নেতাক আৰক্ষীয়ে আটক কৰে৷  বি এন পিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত আৰক্ষী আৰু কৰ্মীসকলৰ মাজত সংঘৰ্ষ লগাও পৰিলক্ষিত হয়। সমদলটোৰ আগতে আৰক্ষীয়ে এজন লোকক গুলীয়াই হত্যা কৰিছিল৷
বি এন পিয়ে সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰি আহিছে। একে সময়তে, বি এন পি নেতৃত্বই বিচাৰে যে নিৰ্বাচন এখন নিৰপেক্ষ চৰকাৰৰ অধীনত অনুষ্ঠিত হওঁক। ক্ষমতাসীন আৱামী লীগে কৈছে যে দলটোৱে  নিৰপেক্ষ চৰকাৰৰ অধীনত নিৰ্বাচন অনুষ্ঠিত  কৰিবলৈ ইচ্ছুক নহয়। কাৰণ এয়া  বাংলাদেশৰ সংবিধানৰ বিৰোধী। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ