--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ।  যেতিয়ালৈকে ই সঠিকভাৱে কাম কৰি থাকিব তেতিয়ালৈকে আমাৰ জীৱনটো স্বাভাৱিকভাৱে চলি থাকিব। ভাৰতকে ধৰি বিশ্বৰ বহু লোকে হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ বাবে প্ৰাণ হেৰুৱাইছে। আমাৰ দেশত তেলযুক্ত খাদ্য আৰু মিঠা খাদ্য খোৱাৰ ধাৰাটো অতি প্ৰচলিত, যাৰ বাবে কলেষ্টেৰল বৃদ্ধি পায় আৰু তাৰ পিছত হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। সেইবাবেই হৃদযন্ত্ৰৰ সমস্যা সময়মতে চিনি পাব লাগে, নহ’লে আপোনাৰ জীৱন বিপদত পৰিব পাৰে। হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰিলে আমি কেনেধৰণৰ সংকেত পাওঁ জানো আহক।

হৃদযন্ত্ৰৰ দুৰ্বল হোৱাৰ লক্ষণ

১) ধপধপনিঃ আমাৰ হৃদস্পন্দনৰ গতিৰ দ্বাৰা হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বিষয়ে জনা যায়, গতিকে চিকিৎসকে প্ৰায়ে তেওঁলোকৰ ষ্টেথ’স্কোপ ব্যৱহাৰ কৰি হৃদস্পন্দনৰ অৱস্থা ধৰা পেলায়, সাধাৰণতে আমাৰ হৃদযন্ত্ৰ এক মিনিটত ৭০ৰ পৰা ৮০ বাৰ স্পন্দিত হয়, যদিও শাৰীৰিক কাৰ্য্যকলাপৰ সময়ত ই বৃদ্ধি পায়। যদি আপোনাৰ হৃদস্পন্দন স্বাভাৱিক অৱস্থাতো ১০০ৰ ওপৰলৈ গৈ আছে, তেন্তে ই গুৰুতৰ অসুস্থতাৰ লক্ষণ হ’ব পাৰে, এনে পৰিস্থিতিত বুজিব যে আপোনাৰ হৃদযন্ত্ৰ দুৰ্বল হৈ পৰিছে।

২) শৰীৰৰ সোনকালে ভাগৰুৱা হোৱাঃ প্ৰায়ে বহু মানুহে কাম কৰাৰ পাছত অতি সোনকালে ভাগৰি পৰে, এনে পৰিস্থিতিয়ে আপোনাৰ হৃদযন্ত্ৰ দুৰ্বল হোৱাটো ইংগিত বহন কৰে। আচলতে শিৰা বন্ধ হৈ গ’লে শৰীৰৰ প্ৰতিটো অংশত তেজ সঠিকভাৱে নাযায়, যাৰ বাবে শৰীৰৰ দুৰ্বলতা সোনকালে আহিবলৈ আৰম্ভ কৰে।

৩) বুকুৰ বিষঃ বুকুৰ বিষে হৃদযন্ত্ৰ দুৰ্বল হোৱাৰ ইংগিত দিয়ে, ইয়াক অতি গুৰুত্বসহকাৰে ল’ব লাগে আৰু লগে লগে ভাল চিকিৎসকৰ ওচৰত দেখুৱাব লাগে। আচলতে ধমনীবোৰত যদি কোনো ধৰণৰ বাধাৰ সৃষ্টি হয়, তেন্তে হৃদযন্ত্ৰলৈ যাবলৈ তেজে যথেষ্ট শক্তি প্ৰয়োগ কৰিবলগীয়া হয়, যাৰ বাবে বুকুৰ বিষৰ অভিযোগ উত্থাপন হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক