--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ।  যেতিয়ালৈকে ই সঠিকভাৱে কাম কৰি থাকিব তেতিয়ালৈকে আমাৰ জীৱনটো স্বাভাৱিকভাৱে চলি থাকিব। ভাৰতকে ধৰি বিশ্বৰ বহু লোকে হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ বাবে প্ৰাণ হেৰুৱাইছে। আমাৰ দেশত তেলযুক্ত খাদ্য আৰু মিঠা খাদ্য খোৱাৰ ধাৰাটো অতি প্ৰচলিত, যাৰ বাবে কলেষ্টেৰল বৃদ্ধি পায় আৰু তাৰ পিছত হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। সেইবাবেই হৃদযন্ত্ৰৰ সমস্যা সময়মতে চিনি পাব লাগে, নহ’লে আপোনাৰ জীৱন বিপদত পৰিব পাৰে। হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰিলে আমি কেনেধৰণৰ সংকেত পাওঁ জানো আহক।

হৃদযন্ত্ৰৰ দুৰ্বল হোৱাৰ লক্ষণ

১) ধপধপনিঃ আমাৰ হৃদস্পন্দনৰ গতিৰ দ্বাৰা হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বিষয়ে জনা যায়, গতিকে চিকিৎসকে প্ৰায়ে তেওঁলোকৰ ষ্টেথ’স্কোপ ব্যৱহাৰ কৰি হৃদস্পন্দনৰ অৱস্থা ধৰা পেলায়, সাধাৰণতে আমাৰ হৃদযন্ত্ৰ এক মিনিটত ৭০ৰ পৰা ৮০ বাৰ স্পন্দিত হয়, যদিও শাৰীৰিক কাৰ্য্যকলাপৰ সময়ত ই বৃদ্ধি পায়। যদি আপোনাৰ হৃদস্পন্দন স্বাভাৱিক অৱস্থাতো ১০০ৰ ওপৰলৈ গৈ আছে, তেন্তে ই গুৰুতৰ অসুস্থতাৰ লক্ষণ হ’ব পাৰে, এনে পৰিস্থিতিত বুজিব যে আপোনাৰ হৃদযন্ত্ৰ দুৰ্বল হৈ পৰিছে।

২) শৰীৰৰ সোনকালে ভাগৰুৱা হোৱাঃ প্ৰায়ে বহু মানুহে কাম কৰাৰ পাছত অতি সোনকালে ভাগৰি পৰে, এনে পৰিস্থিতিয়ে আপোনাৰ হৃদযন্ত্ৰ দুৰ্বল হোৱাটো ইংগিত বহন কৰে। আচলতে শিৰা বন্ধ হৈ গ’লে শৰীৰৰ প্ৰতিটো অংশত তেজ সঠিকভাৱে নাযায়, যাৰ বাবে শৰীৰৰ দুৰ্বলতা সোনকালে আহিবলৈ আৰম্ভ কৰে।

৩) বুকুৰ বিষঃ বুকুৰ বিষে হৃদযন্ত্ৰ দুৰ্বল হোৱাৰ ইংগিত দিয়ে, ইয়াক অতি গুৰুত্বসহকাৰে ল’ব লাগে আৰু লগে লগে ভাল চিকিৎসকৰ ওচৰত দেখুৱাব লাগে। আচলতে ধমনীবোৰত যদি কোনো ধৰণৰ বাধাৰ সৃষ্টি হয়, তেন্তে হৃদযন্ত্ৰলৈ যাবলৈ তেজে যথেষ্ট শক্তি প্ৰয়োগ কৰিবলগীয়া হয়, যাৰ বাবে বুকুৰ বিষৰ অভিযোগ উত্থাপন হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু