--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰত্যেক ঘৰতে মছলা ব্যৱহাৰ কৰা হয়। মছলাবোৰে খাদ্য সোৱাদযুক্ত কৰাৰ কাম কৰে। কিন্তু আমি আপোনালোকক এনে এটা মছলাৰ বিষয়ে ক’বলৈ ওলাইছো, যিটো কেৱল খাদ্যত ব্যৱহাৰ কৰাই নহয় স্বাস্থ্য আৰু ছালৰ বাবেও অতি উপকাৰী। ই হ'ল তেজপাত। স্বাস্থ্যৰ বাবে সম্পদ তেজপাত। বিশেষজ্ঞসকলৰ মতে, ৰাতিপুৱা খালী পেটত তেজপাত উতলাই খালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায়। ইয়াৰ অন্যান্য উপকাৰৰ বিষয়ে জানো আহক।

কেনেকৈ উপকাৰী
তেজপাতত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। আমাক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াত বিভিন্ন ভিটামিনৰ লগতে আইৰণ, কেলচিয়াম, মেংগানিজ আদি বহু উপাদান থাকে। ইয়াত বহু ধৰণৰ ঔষধি গুণো পোৱা যায়। তেজপাতে মানুহৰ শৰীৰৰ পুষ্টিৰ অভাৱ দূৰ কৰাত সহায় কৰে।

তেজপাতৰ সিজোৱা পানী খোৱাৰ সুবিধা
• কলেষ্টেৰল কমোৱাত সহায় হয়।
• পাচনতন্ত্ৰ উন্নত কৰে আৰু বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰি অতিৰিক্ত কেলৰি হ্ৰাস কৰি ওজন হ্ৰাস কৰাত সহায় কৰে।
• তেজপাতৰ সিজোৱা পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
• তেজৰ চুগাৰৰ পৰিমাণ কম আৰু উচ্চ দুয়োটা অৱস্থা নিয়ন্ত্ৰণ কৰাত আৰু ইয়াৰ সম্ভাৱনা হ্ৰাস কৰাত উপকাৰী।
• ই বৃক্কৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ই বৃক্ক ফিল্টাৰ কৰি ভালদৰে কাম কৰাত সহায় কৰে।
• তেজপাতৰ পানী খালে অনিদ্ৰা, ৰাতি সঘনাই সাৰ পোৱা আৰু অস্থিৰতা আদি সমস্যা দূৰ হয়।

তেজপাত কেনেকৈ উতলাই খাব লাগে
কেৰাহী বা পাত্ৰত ১.৫ গিলাচ পানী খাব লাগিব। তাত ৩-৪ টা তেজপাত দি পানী আধা হোৱালৈকে উতলাই লওক। ইয়াৰ পাছত ফিল্টাৰ কৰি বাচন এটাত উলিয়াই অলপ ঠাণ্ডা হ’বলৈ দিয়ক। কুহুমীয়া হ’লে তাত মৌ আৰু নেমুৰ ৰস মিহলাই খাব। ইয়াৰ দ্বাৰা প্ৰচণ্ড লাভ হ’ব। ৰাতিপুৱা খালী পেটত খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক