--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰত্যেক ঘৰতে মছলা ব্যৱহাৰ কৰা হয়। মছলাবোৰে খাদ্য সোৱাদযুক্ত কৰাৰ কাম কৰে। কিন্তু আমি আপোনালোকক এনে এটা মছলাৰ বিষয়ে ক’বলৈ ওলাইছো, যিটো কেৱল খাদ্যত ব্যৱহাৰ কৰাই নহয় স্বাস্থ্য আৰু ছালৰ বাবেও অতি উপকাৰী। ই হ'ল তেজপাত। স্বাস্থ্যৰ বাবে সম্পদ তেজপাত। বিশেষজ্ঞসকলৰ মতে, ৰাতিপুৱা খালী পেটত তেজপাত উতলাই খালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায়। ইয়াৰ অন্যান্য উপকাৰৰ বিষয়ে জানো আহক।

কেনেকৈ উপকাৰী
তেজপাতত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। আমাক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াত বিভিন্ন ভিটামিনৰ লগতে আইৰণ, কেলচিয়াম, মেংগানিজ আদি বহু উপাদান থাকে। ইয়াত বহু ধৰণৰ ঔষধি গুণো পোৱা যায়। তেজপাতে মানুহৰ শৰীৰৰ পুষ্টিৰ অভাৱ দূৰ কৰাত সহায় কৰে।

তেজপাতৰ সিজোৱা পানী খোৱাৰ সুবিধা
• কলেষ্টেৰল কমোৱাত সহায় হয়।
• পাচনতন্ত্ৰ উন্নত কৰে আৰু বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰি অতিৰিক্ত কেলৰি হ্ৰাস কৰি ওজন হ্ৰাস কৰাত সহায় কৰে।
• তেজপাতৰ সিজোৱা পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
• তেজৰ চুগাৰৰ পৰিমাণ কম আৰু উচ্চ দুয়োটা অৱস্থা নিয়ন্ত্ৰণ কৰাত আৰু ইয়াৰ সম্ভাৱনা হ্ৰাস কৰাত উপকাৰী।
• ই বৃক্কৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ই বৃক্ক ফিল্টাৰ কৰি ভালদৰে কাম কৰাত সহায় কৰে।
• তেজপাতৰ পানী খালে অনিদ্ৰা, ৰাতি সঘনাই সাৰ পোৱা আৰু অস্থিৰতা আদি সমস্যা দূৰ হয়।

তেজপাত কেনেকৈ উতলাই খাব লাগে
কেৰাহী বা পাত্ৰত ১.৫ গিলাচ পানী খাব লাগিব। তাত ৩-৪ টা তেজপাত দি পানী আধা হোৱালৈকে উতলাই লওক। ইয়াৰ পাছত ফিল্টাৰ কৰি বাচন এটাত উলিয়াই অলপ ঠাণ্ডা হ’বলৈ দিয়ক। কুহুমীয়া হ’লে তাত মৌ আৰু নেমুৰ ৰস মিহলাই খাব। ইয়াৰ দ্বাৰা প্ৰচণ্ড লাভ হ’ব। ৰাতিপুৱা খালী পেটত খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু