--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। কাৰণ ই শৰীৰলৈ অবিৰতভাৱে তেজ যোগান ধৰে। হৃদযন্ত্ৰ বা Heart হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে প্ৰাণীৰ জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। ই বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ। 

হৃদযন্ত্ৰ হৃদয়াৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক হৃদয়াৱৰণ গহ্বৰ বোলে। ই এক প্ৰকাৰ জুলীয়া ৰসেৰে পূৰ্ণ হৈ থাকে। এই ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে। হৃদযন্ত্ৰটো ৪টা কোঠালিযুক্ত। আমি ভালদৰে জীয়াই থাকিবলৈ হলে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজন।

হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ উপায়

১) আপুনি জানেনে যে ধূমপান আপোনাৰ হৃদযন্ত্ৰৰ বাবে অতি ক্ষতিকাৰক।গতিকে যদি আপুনি আপোনাৰ হৃদযন্ত্ৰৰ পেশীবোৰ সুস্থ হোৱাটো বিচাৰে তেন্তে ধূমপানৰ পৰা আঁতৰি থাকক।

২) হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ পৰা হাত সাৰিবলৈ আৰু হৃদযন্ত্ৰৰ পেশী দুৰ্বল হোৱাৰ পৰা হাত সাৰিবলৈ শৰীৰত হাই কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগে।

৩) নিয়মিতভাৱে ব্যায়াম কৰিলে আপোনাৰ হৃদযন্ত্ৰৰ পেশীবোৰে বহু উপকাৰ লাভ কৰে।সেয়েহে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ব্যায়াম কৰক।

৪) যদি আপুনি মদ্যপান কৰে তেন্তে আজিয়েই সজাগ হওক কাৰণ ই আপোনাৰ হৃদযন্ত্ৰৰ পেশী দুৰ্বল কৰি তুলিব পাৰে। মদৰ পৰা তৎক্ষণাত দূৰত্ব বনাওক।

৫) হৃদযন্ত্ৰৰ পেশীবোৰক দুৰ্বলতাৰ পৰা ৰক্ষা কৰিবলৈ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু