--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপৰাজিতা সকলোৰে অতি চিনাকি ফুল। ই এক অতি দৰকাৰী বনৌষধি লতা। অপৰাজিতা সাধাৰণতে বগা আৰু নীলা ৰঙৰ ফুলৰ দুবিধ দেখা যায় যদিও আৰু বেলেগ বেলেগ ৰঙৰ ফুল ফুলা অপৰাজিতাও আছে। অপৰাজিতা ফুল দেৱতাৰ পূজাত ব্যৱহাৰ কৰা হয়। অপৰাজিতা ফুলৰ বহু ঔষধি গুণ আছে। ঔষধ হিচাপে অপৰাজিতাৰ শিপা, গছ আৰু পাত সাধাৰণতে ব্যৱহাৰ কৰা হয়।

১) হিষ্টিৰিয়া(Histetia) ৰোগত অপৰাজিতাৰ শিপা ৫ গ্ৰাম, পাত ৩০ টা থেতালি চেকি ১ চাহ চামুচ পৰিমাণে ৰস খালে হিষ্টিৰিয়া বেমাৰত মূৰ্ছা যোৱা ভাল হয়। চাৰি-পাঁচ দিন খালে ৰোগ সম্পূৰ্ণ আৰোগ্য হয়।

২) বুকু-পিঠিত খোচা-বিন্ধা কৰিলে বা বিষ হ’লে তিনি-চাৰি গ্ৰাম অপৰাজিতাৰ শিপা বতি তাত অলপ গৰু ঘিউ, অলপ মৌজোল আৰু চেনি মিহলাই ৰাতিপুৱা আৰু আবেলি দিনে দুবাৰকৈ সাত-আঠ দিন খালে বিষ বা পিঠিৰ খোচা-বিন্ধা কমি যায়।

৩) কামজ উন্মাদ হ’লে অপৰাজিতাৰ(নীলা-বগা) শিপাৰ চাল তিনি গ্ৰাম এক গ্ৰাম ঘিউৰ সৈতে পিহি তাত এচামুচ চাউল ধোৱা পানীৰে খাব লাগে। সাত দিন খালে বেমাৰটো পানীৰে খাব লাগে। সাত দিন খালে বেমাৰটো আৰোগ্য হয়।

৪) থাইৰয়ড ৰোগত ভোগা ৰোগীয়ে অপৰাজিতাৰ মূলৰ লগত পাঁচ-ছয় গ্ৰাম ঘিউ মিহলাই শিলেৰে পিহি তাত আধা চামুচ মৌজোল মিহলাই খাব লাগে। দহ-পোন্ধৰ দিন খাব লাগে। মূল বা শিপা তিনি গ্ৰাম হ’ব লাগে।

৫) ঘন ঘনকৈ প্ৰস্ৰাৱ হোৱা ৰোগত নীলা অপৰাজিত লতাৰ শিপাৰ ৰস এক চাহ চামুচ পৰিমাণত দিনে দুবাৰকৈ অলপ গাখীৰ মিহলাই খাব লাগে। তিনি-চাৰি দিন খালে এনে সমস্যা দূৰ হয়।

৬) মেধাশক্তি বৃদ্ধিৰ বাবে বগা অপৰাজিতাৰ শিপাৰ ৰস আৰু পাতৰ ৰস উলিয়াই আয়ুৰ্বেদীয় ঘিউ তৈয়াৰ কৰি খাব লাগে। দিনে এবাৰকৈ খালে মেধাশক্তি বৃদ্ধি হয়। এইকেইটা মিশ্ৰণৰ ঘিউ প্ৰস্তুত কৰি কিছুদিন ব্যৱহাৰ কৰি স্মৰণ শক্তি বাঢ়ে।

৭) মাত ভাগিলে বগা বা নীলা অপৰাজিতাৰ পাত দহ গ্ৰাম থেতালি চেকি পানীখিনিৰে কুলি(Gargle) কৰিব লাগে। পাঁচ মিনিটকৈ দিনে দুই-তিনিবাৰ পাঁচ দিন।

৮) শুকান কাহত এলাৰ্জিৰ দৰে হ’লে অপৰাজিতাৰ(নীলা বা বগা) শিপাৰ ৰস একে চাহ চামুচ, আধা কাপ গৰম পানী মিহলাই সেই পানী(সহ্য কৰিব পৰা) মুখত দহ মিনিট সময় ৰাখি কুলি কৰিব লাগে। দিনে দুবাৰ কুলি কৰিলে কাহ উপশম হয়। পাঁচ দিন ধৰি এনে ব্যৱস্থা ল’ব লাগে।

৯) মাইগ্ৰেণ ৰোগত নীলা অপৰাজিতাৰ শিপা আৰু ল’তা-পাতসহ একেলগে থেতালি তাৰ ৰস নাকত দিলে দুই-তিনি দিনৰ ভিতৰত ভাল হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু