--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপৰাজিতা সকলোৰে অতি চিনাকি ফুল। ই এক অতি দৰকাৰী বনৌষধি লতা। অপৰাজিতা সাধাৰণতে বগা আৰু নীলা ৰঙৰ ফুলৰ দুবিধ দেখা যায় যদিও আৰু বেলেগ বেলেগ ৰঙৰ ফুল ফুলা অপৰাজিতাও আছে। অপৰাজিতা ফুল দেৱতাৰ পূজাত ব্যৱহাৰ কৰা হয়। অপৰাজিতা ফুলৰ বহু ঔষধি গুণ আছে। ঔষধ হিচাপে অপৰাজিতাৰ শিপা, গছ আৰু পাত সাধাৰণতে ব্যৱহাৰ কৰা হয়।

১) হিষ্টিৰিয়া(Histetia) ৰোগত অপৰাজিতাৰ শিপা ৫ গ্ৰাম, পাত ৩০ টা থেতালি চেকি ১ চাহ চামুচ পৰিমাণে ৰস খালে হিষ্টিৰিয়া বেমাৰত মূৰ্ছা যোৱা ভাল হয়। চাৰি-পাঁচ দিন খালে ৰোগ সম্পূৰ্ণ আৰোগ্য হয়।

২) বুকু-পিঠিত খোচা-বিন্ধা কৰিলে বা বিষ হ’লে তিনি-চাৰি গ্ৰাম অপৰাজিতাৰ শিপা বতি তাত অলপ গৰু ঘিউ, অলপ মৌজোল আৰু চেনি মিহলাই ৰাতিপুৱা আৰু আবেলি দিনে দুবাৰকৈ সাত-আঠ দিন খালে বিষ বা পিঠিৰ খোচা-বিন্ধা কমি যায়।

৩) কামজ উন্মাদ হ’লে অপৰাজিতাৰ(নীলা-বগা) শিপাৰ চাল তিনি গ্ৰাম এক গ্ৰাম ঘিউৰ সৈতে পিহি তাত এচামুচ চাউল ধোৱা পানীৰে খাব লাগে। সাত দিন খালে বেমাৰটো পানীৰে খাব লাগে। সাত দিন খালে বেমাৰটো আৰোগ্য হয়।

৪) থাইৰয়ড ৰোগত ভোগা ৰোগীয়ে অপৰাজিতাৰ মূলৰ লগত পাঁচ-ছয় গ্ৰাম ঘিউ মিহলাই শিলেৰে পিহি তাত আধা চামুচ মৌজোল মিহলাই খাব লাগে। দহ-পোন্ধৰ দিন খাব লাগে। মূল বা শিপা তিনি গ্ৰাম হ’ব লাগে।

৫) ঘন ঘনকৈ প্ৰস্ৰাৱ হোৱা ৰোগত নীলা অপৰাজিত লতাৰ শিপাৰ ৰস এক চাহ চামুচ পৰিমাণত দিনে দুবাৰকৈ অলপ গাখীৰ মিহলাই খাব লাগে। তিনি-চাৰি দিন খালে এনে সমস্যা দূৰ হয়।

৬) মেধাশক্তি বৃদ্ধিৰ বাবে বগা অপৰাজিতাৰ শিপাৰ ৰস আৰু পাতৰ ৰস উলিয়াই আয়ুৰ্বেদীয় ঘিউ তৈয়াৰ কৰি খাব লাগে। দিনে এবাৰকৈ খালে মেধাশক্তি বৃদ্ধি হয়। এইকেইটা মিশ্ৰণৰ ঘিউ প্ৰস্তুত কৰি কিছুদিন ব্যৱহাৰ কৰি স্মৰণ শক্তি বাঢ়ে।

৭) মাত ভাগিলে বগা বা নীলা অপৰাজিতাৰ পাত দহ গ্ৰাম থেতালি চেকি পানীখিনিৰে কুলি(Gargle) কৰিব লাগে। পাঁচ মিনিটকৈ দিনে দুই-তিনিবাৰ পাঁচ দিন।

৮) শুকান কাহত এলাৰ্জিৰ দৰে হ’লে অপৰাজিতাৰ(নীলা বা বগা) শিপাৰ ৰস একে চাহ চামুচ, আধা কাপ গৰম পানী মিহলাই সেই পানী(সহ্য কৰিব পৰা) মুখত দহ মিনিট সময় ৰাখি কুলি কৰিব লাগে। দিনে দুবাৰ কুলি কৰিলে কাহ উপশম হয়। পাঁচ দিন ধৰি এনে ব্যৱস্থা ল’ব লাগে।

৯) মাইগ্ৰেণ ৰোগত নীলা অপৰাজিতাৰ শিপা আৰু ল’তা-পাতসহ একেলগে থেতালি তাৰ ৰস নাকত দিলে দুই-তিনি দিনৰ ভিতৰত ভাল হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক