--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইৰয়ড হৈছে আমাৰ ডিঙিৰ আগফালৰ গুৰিতে অৱস্থিত পখিলাৰ আকৃতিৰ সৰু গ্ৰন্থি। এই গ্ৰন্থিৰ দ্বাৰা উৎপন্ন হোৱা হৰম’নসমূহ হ’ল ট্ৰাইআয়োডো-থাইৰোনিন’ আৰু টেট্ৰাআয়োডো-থাইৰোনিন’ যিবোৰক ক্ৰমে T3 আৰু T4 বোলা হয়। 

এই দুয়োটাই আমাৰ স্বাস্থ্যৰ ওপৰত বৃহৎ প্ৰভাৱ পেলায়, আমাৰ বিপাকীয় ক্ৰিয়াৰ সকলো দিশতে ই প্ৰভাৱ পেলায়। ভাৰতৰ বিখ্যাত স্বাস্থ্য বিশেষজ্ঞ নিখিল ভাটছে জনোৱা মতে, প্ৰায় ৫ কোটি ৯০ লাখ লোকৰ থাইৰয়ড সম্পৰ্কীয় সমস্যা আছে, কিন্তু আশ্চৰ্যজনক কথাটো হ’ল আক্ৰান্তৰ অধিকাংশ লোকে এই বিষয়েও নাজানে। এই সমস্যাৰ লক্ষণ কি হ’ব পাৰে জানো আহক।

১) কলেষ্টেৰল আৰু ডিঙি বৃদ্ধি- থাইৰয়ডৰ অকাৰ্য্যকৰীতাৰ বাবে উচ্চ কলেষ্টেৰল হ'বলৈ আৰম্ভ কৰে আৰু লগতে ডিঙি বৃদ্ধি পাবলৈ আৰম্ভ কৰে, সাধাৰণতে ডিঙিৰ আকাৰ বৃদ্ধি হোৱাটো হাইপোথাইৰয়ডিজমৰ দিশত এটা গুৰুত্বপূৰ্ণ লক্ষণ।

২) পেশী আৰু গাঁঠিৰ বিষ- হাইপোথাইৰয়ডিজমৰ বাবে হাতত কাৰ্পল টানেলৰ বিকাশ আৰম্ভ হয়, যাৰ ফলত হাড় আৰু পেশী দুৰ্বল হৈ পৰে আৰু গাঁঠিৰ বিষো বাঢ়ে। থাইৰয়ডক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়, যদি ই সঠিকভাৱে কাম নকৰে তেন্তে শৰীৰৰ প্ৰায় প্ৰতিটো অংশই ইয়াৰ প্ৰভাৱ পৰিব।

৩) ডিপ্ৰেছন- থাইৰয়ডৰ সমস্যা হ’লে আপুনি অধিক মানসিক চাপ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব, বিশেষকৈ পেনিক ডিছঅৰ্ডাৰৰ সম্ভাৱনা বৃদ্ধি পায়।

৪) চুলি আৰু ছালৰ সমস্যা- যদি আপোনাৰ পৰিয়ালৰ লোকৰ চুলি আৰু থাইৰয়ডৰ সমস্যা থাকে তেন্তে আপোনাৰো এই সমস্যা হোৱাটো অতি সম্ভৱ। আপোনাৰ চুলি সোনকালে সৰিবলৈ আৰম্ভ কৰিব আৰু ছালৰ সমস্যাও থাকিব। বহুক্ষেত্ৰত মানুহে বন্ধ্যাত্বৰ সমস্যাৰো সন্মুখীন হয়।

৫) পেটৰ বিকাৰ- থাইৰয়ডৰ অকাৰ্য্যকৰীতাত পেটৰ সমস্যা হ’ব পাৰে, য’ত কোষ্ঠকাঠিন্য আৰু ডায়েৰিয়া বা খিংখিঙীয়া অন্ত্ৰৰ চিনড্ৰম হ’ব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক