--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইৰয়ড হৈছে আমাৰ ডিঙিৰ আগফালৰ গুৰিতে অৱস্থিত পখিলাৰ আকৃতিৰ সৰু গ্ৰন্থি। এই গ্ৰন্থিৰ দ্বাৰা উৎপন্ন হোৱা হৰম’নসমূহ হ’ল ট্ৰাইআয়োডো-থাইৰোনিন’ আৰু টেট্ৰাআয়োডো-থাইৰোনিন’ যিবোৰক ক্ৰমে T3 আৰু T4 বোলা হয়। 

এই দুয়োটাই আমাৰ স্বাস্থ্যৰ ওপৰত বৃহৎ প্ৰভাৱ পেলায়, আমাৰ বিপাকীয় ক্ৰিয়াৰ সকলো দিশতে ই প্ৰভাৱ পেলায়। ভাৰতৰ বিখ্যাত স্বাস্থ্য বিশেষজ্ঞ নিখিল ভাটছে জনোৱা মতে, প্ৰায় ৫ কোটি ৯০ লাখ লোকৰ থাইৰয়ড সম্পৰ্কীয় সমস্যা আছে, কিন্তু আশ্চৰ্যজনক কথাটো হ’ল আক্ৰান্তৰ অধিকাংশ লোকে এই বিষয়েও নাজানে। এই সমস্যাৰ লক্ষণ কি হ’ব পাৰে জানো আহক।

১) কলেষ্টেৰল আৰু ডিঙি বৃদ্ধি- থাইৰয়ডৰ অকাৰ্য্যকৰীতাৰ বাবে উচ্চ কলেষ্টেৰল হ'বলৈ আৰম্ভ কৰে আৰু লগতে ডিঙি বৃদ্ধি পাবলৈ আৰম্ভ কৰে, সাধাৰণতে ডিঙিৰ আকাৰ বৃদ্ধি হোৱাটো হাইপোথাইৰয়ডিজমৰ দিশত এটা গুৰুত্বপূৰ্ণ লক্ষণ।

২) পেশী আৰু গাঁঠিৰ বিষ- হাইপোথাইৰয়ডিজমৰ বাবে হাতত কাৰ্পল টানেলৰ বিকাশ আৰম্ভ হয়, যাৰ ফলত হাড় আৰু পেশী দুৰ্বল হৈ পৰে আৰু গাঁঠিৰ বিষো বাঢ়ে। থাইৰয়ডক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়, যদি ই সঠিকভাৱে কাম নকৰে তেন্তে শৰীৰৰ প্ৰায় প্ৰতিটো অংশই ইয়াৰ প্ৰভাৱ পৰিব।

৩) ডিপ্ৰেছন- থাইৰয়ডৰ সমস্যা হ’লে আপুনি অধিক মানসিক চাপ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব, বিশেষকৈ পেনিক ডিছঅৰ্ডাৰৰ সম্ভাৱনা বৃদ্ধি পায়।

৪) চুলি আৰু ছালৰ সমস্যা- যদি আপোনাৰ পৰিয়ালৰ লোকৰ চুলি আৰু থাইৰয়ডৰ সমস্যা থাকে তেন্তে আপোনাৰো এই সমস্যা হোৱাটো অতি সম্ভৱ। আপোনাৰ চুলি সোনকালে সৰিবলৈ আৰম্ভ কৰিব আৰু ছালৰ সমস্যাও থাকিব। বহুক্ষেত্ৰত মানুহে বন্ধ্যাত্বৰ সমস্যাৰো সন্মুখীন হয়।

৫) পেটৰ বিকাৰ- থাইৰয়ডৰ অকাৰ্য্যকৰীতাত পেটৰ সমস্যা হ’ব পাৰে, য’ত কোষ্ঠকাঠিন্য আৰু ডায়েৰিয়া বা খিংখিঙীয়া অন্ত্ৰৰ চিনড্ৰম হ’ব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু