--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুয়োখন হাত বতাহত জোকাৰি চাইকেল চলাই থকা এই বৃদ্ধৰ ষ্টাণ্ট দেখি চচিয়েল মিডিয়াত সকলো আচৰিত হৈ পৰিছে। অৱশ্যে এই সময়ছোৱাত বৃদ্ধজনৰ সুখ দেখিলে আপোনাৰো মুখত ভাহি আহিব এটি সন্তোষৰ হাঁহি। ভিডিঅ'টোত যথেষ্ট সুখী যেন লাগিছে বৃদ্ধ ককাজনক।

ছ’চিয়েল মিডিয়াত চাইকেলৰ ষ্টাণ্ট বহুত দেখা যায়, কিন্তু এই ষ্টাণ্টটো বিশেষ কাৰণ ইয়াত এজন বৃদ্ধ ককায়ে চাইকেলৰ হেণ্ডেল এৰি চাইকেলখন চলাই থকা দেখা যায়। আৰু এই মনোমোহা দৃশ্য পিছফালৰ পৰা কোনোবাই  কেমেৰাত বন্দী কৰিছে।

ভিডিঅ'টো বৰ্তমান দ্ৰুতগতিত টুইটাৰত শ্বেয়াৰ হৈছে।কেপচনত লিখিছে প্ৰতিটো মুহূৰ্ত উপভোগ কৰক। ভিডিঅ’টোত এজন বৃদ্ধক চাইকেল চলাই থকা দেখা গৈছে। ভিডিঅ’টো চাই এনে লাগে যেন সেয়া বাৰিষাৰ বতৰৰ কাৰণ ৰাস্তাটো তিতা যেন লাগিছে আৰু চাৰিওফালে বতৰটো যথেষ্ট সুখদায়ক দেখা গৈছে।

বৃদ্ধজনে চাইকেলত ষ্টাণ্ট কৰা দেখা গৈছে। ইয়াৰ মাজতে দুয়োখন হাত উন্মুক্ত চৰাইৰ ডেউকাৰ দৰে  বতাহত জোকাৰি থকা দেখা যায় আৰু মাজে মাজে টাইটানিকৰ ভংগীমা দি থকা দেখা যায়। তাৰ কিছু সময়ৰ পাছত দুয়োখন ভৰি তুলিবলৈ চেষ্টা কৰিছে। মুঠতে সুখৰ জোৱাৰ নামিছে ।‌



যদিও এই ভিডিঅ'টো পোষ্ট কৰাৰ লগে লগে নিশ্চিতভাৱে ভাইৰেল হৈ গ'ল, কিন্তু সকলোৱে ইয়াৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া দি আছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে খুড়াক খুব সুখী দেখাটো ভাল কথা, কিন্তু সামান্য ভুল হ’লেই  তেওঁ আঘাত পাব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক