--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱটে আকৌ এবাৰ আলিয়া ভাটৰ আহিবলগীয়া ছবি ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ক লক্ষ্য কৰি লৈছে। নতুন ছবিখন শুকুৰবাৰে ছবিগৃহত মুক্তি পোৱাৰ কথা। ছবিখনৰ মুক্তিৰ প্ৰাকমুহূৰ্তত আকৌ এবাৰ সৰব হৈ পৰিছে বিতৰ্কিত অভিনেত্ৰী কংগনা। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত এটা টোকা শ্বেয়াৰ কৰি দাবী কৰে যে, ছবিখনৰ আটাইতকৈ ডাঙৰ ভুল হৈছে ‘ভুল কাষ্টিং’। পৰোক্ষভাৱে আলিয়া ভাটক ‘পাপা কী পৰী’ আৰু মহেশ ভাটক ‘চলচ্চিত্ৰ মাফিয়া’ বুলি অভিহিত কৰি কংগনা ৰাণাৱটে কয়, ‘চলচ্চিত্ৰ মাফিয়াই ক্ষমতা দখলেৰে বলীউডক বিপথে পৰিচালিত কৰিছে।’ কংগনাই ইনষ্টাগ্ৰামত লিখিছে, ‘পাপা কী পৰী’ৰ বাবে শুকুৰবাৰে ব’ক্স অফিচত ২০০ কোটি জ্বলাই দিয়া হ’ব। পিতৃৰ দৃষ্টিত ৰমকম বিম্বোৱে অভিনয় কৰিব পাৰে বুলিয়েই প্ৰমাণ কৰিবলৈ এই ছবিখন। ছবিখনৰ আটাইতকৈ ডাঙৰ ক্ৰুটি হৈছে ভুল কাষ্টিং। বলীউড উদ্যোগত এই দিন আৰু দেখিব লাগিব, যেতিয়ালৈকে ক্ষমতাৰ বাঘজৰী চলচ্চিত্ৰ মাফিয়াৰ হাতত থাকে।’ তেওঁ আন এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীত কয়, ‘বলীউড মাফিয়াই অকলে চলচ্চিত্ৰ উদ্যোগটোৰ কৰ্ম সংস্কৃতি ধ্বংস কৰিছে। বহুতো ডাঙৰ পৰিচালকক আৱেগিকভাৱে নিজৰ ফলিয়া কৰি লৈছে।’ চলচ্চিত্ৰখনৰ বিষয়ে ক’বলৈ গ’লে, জীৱনীমূলক ক্ৰাইম ড্ৰামা ‘গংগুবাই কাঠীয়াৱাড়ী’ হুছেইন জৈদীৰ ‘মাফিয়া কুইন্স অব মুম্বাই’ নামৰ গ্ৰন্থখনৰ এটা অধ্যায়ৰ পৰা লোৱা হৈছে। কামাথীপুৰাৰ ৰেড লাইট এৰিয়াৰ এজন যৌন কৰ্মীৰ পৰা কৰ্তৃত্বশীল ব্যক্তিলৈ গঙ্গুবাইৰ উত্থানৰ কাহিনী সন্নিবিষ্ট হৈ আছে। চলচ্চিত্ৰখনত আলিয়াই মূখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে ছবিখনত আছে অভিনয় কৰিছে অজয় দেৱগন, বিজয় ৰাজ, শান্তনু মহেশ্বৰী, সীমা ভাৰ্গৱ পাহৱা, ইন্দিৰা তিৱাৰী আৰু বৰুণ কাপুৰ। চলচ্চিত্ৰখনত কঠীয়াৱাদৰ এগৰাকী সাধাৰণ ছোৱালী গংগা হৰজীৱনদাসৰ কাহিনী বৰ্ণনা কৰা হৈছে। প্ৰেমিকৰ অত্যাচাৰৰ বলি হৈ কিদৰে পতিতালয় পাইছিল গংগাই? প্ৰতিকূল জীৱন অতিক্ৰম কৰি, গঙ্গাই কিদৰে হৈ পৰিল সমাজৰ আদৰ্শ। স্মৰ্তব্য যে, সঞ্জয় লীলা ভাঞ্চালী আৰু জয়ন্তীলাল গদাৰ দ্বাৰা প্ৰযোজিত 'গঙ্গুবাই কাঠীয়াৱাড়ী' ২৫ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু