--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱটে আকৌ এবাৰ আলিয়া ভাটৰ আহিবলগীয়া ছবি ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ক লক্ষ্য কৰি লৈছে। নতুন ছবিখন শুকুৰবাৰে ছবিগৃহত মুক্তি পোৱাৰ কথা। ছবিখনৰ মুক্তিৰ প্ৰাকমুহূৰ্তত আকৌ এবাৰ সৰব হৈ পৰিছে বিতৰ্কিত অভিনেত্ৰী কংগনা। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত এটা টোকা শ্বেয়াৰ কৰি দাবী কৰে যে, ছবিখনৰ আটাইতকৈ ডাঙৰ ভুল হৈছে ‘ভুল কাষ্টিং’। পৰোক্ষভাৱে আলিয়া ভাটক ‘পাপা কী পৰী’ আৰু মহেশ ভাটক ‘চলচ্চিত্ৰ মাফিয়া’ বুলি অভিহিত কৰি কংগনা ৰাণাৱটে কয়, ‘চলচ্চিত্ৰ মাফিয়াই ক্ষমতা দখলেৰে বলীউডক বিপথে পৰিচালিত কৰিছে।’ কংগনাই ইনষ্টাগ্ৰামত লিখিছে, ‘পাপা কী পৰী’ৰ বাবে শুকুৰবাৰে ব’ক্স অফিচত ২০০ কোটি জ্বলাই দিয়া হ’ব। পিতৃৰ দৃষ্টিত ৰমকম বিম্বোৱে অভিনয় কৰিব পাৰে বুলিয়েই প্ৰমাণ কৰিবলৈ এই ছবিখন। ছবিখনৰ আটাইতকৈ ডাঙৰ ক্ৰুটি হৈছে ভুল কাষ্টিং। বলীউড উদ্যোগত এই দিন আৰু দেখিব লাগিব, যেতিয়ালৈকে ক্ষমতাৰ বাঘজৰী চলচ্চিত্ৰ মাফিয়াৰ হাতত থাকে।’ তেওঁ আন এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীত কয়, ‘বলীউড মাফিয়াই অকলে চলচ্চিত্ৰ উদ্যোগটোৰ কৰ্ম সংস্কৃতি ধ্বংস কৰিছে। বহুতো ডাঙৰ পৰিচালকক আৱেগিকভাৱে নিজৰ ফলিয়া কৰি লৈছে।’ চলচ্চিত্ৰখনৰ বিষয়ে ক’বলৈ গ’লে, জীৱনীমূলক ক্ৰাইম ড্ৰামা ‘গংগুবাই কাঠীয়াৱাড়ী’ হুছেইন জৈদীৰ ‘মাফিয়া কুইন্স অব মুম্বাই’ নামৰ গ্ৰন্থখনৰ এটা অধ্যায়ৰ পৰা লোৱা হৈছে। কামাথীপুৰাৰ ৰেড লাইট এৰিয়াৰ এজন যৌন কৰ্মীৰ পৰা কৰ্তৃত্বশীল ব্যক্তিলৈ গঙ্গুবাইৰ উত্থানৰ কাহিনী সন্নিবিষ্ট হৈ আছে। চলচ্চিত্ৰখনত আলিয়াই মূখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে ছবিখনত আছে অভিনয় কৰিছে অজয় দেৱগন, বিজয় ৰাজ, শান্তনু মহেশ্বৰী, সীমা ভাৰ্গৱ পাহৱা, ইন্দিৰা তিৱাৰী আৰু বৰুণ কাপুৰ। চলচ্চিত্ৰখনত কঠীয়াৱাদৰ এগৰাকী সাধাৰণ ছোৱালী গংগা হৰজীৱনদাসৰ কাহিনী বৰ্ণনা কৰা হৈছে। প্ৰেমিকৰ অত্যাচাৰৰ বলি হৈ কিদৰে পতিতালয় পাইছিল গংগাই? প্ৰতিকূল জীৱন অতিক্ৰম কৰি, গঙ্গাই কিদৰে হৈ পৰিল সমাজৰ আদৰ্শ। স্মৰ্তব্য যে, সঞ্জয় লীলা ভাঞ্চালী আৰু জয়ন্তীলাল গদাৰ দ্বাৰা প্ৰযোজিত 'গঙ্গুবাই কাঠীয়াৱাড়ী' ২৫ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ