--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেনাবাহিনীয়ে অভিনেত্ৰীসকলক 'হানি ট্ৰেপিঙ'ত ব্যৱহাৰ কৰে! পাকিস্তানৰ প্ৰাক্তন সেনা বিষয়া আদিল ৰাজাই তেওঁৰ ইউটিউব চেনেলত এনে ধৰণৰ মন্তব্য দিয়াৰ পিছতে ব্যাপক সমালোচিত হৈছে। পাকিস্তানৰ জনপ্ৰিয় অভিনেত্ৰী সজল আলীয়ে এই মন্তব্য দিয়াৰ বাবে প্ৰাক্তন বিষয়াজনৰ ওপৰত তীব্ৰ সমালোচনা কৰিছে।

উল্লেখ্য যে প্ৰাক্তন সেনা বিষয়া আদিলৰ এটা ইউটিউব চেনেল আছে। যাৰ নাম 'চলজাৰ স্পিক্ছ'। তাত আদিলে কৈছিল যে পাকিস্তানৰ সেনাবাহিনীত সেই দেশৰ অভিনেত্ৰীসকলক হানি ট্ৰেপিঙৰ 'টোপ' হিচাপে ব্যৱহাৰ কৰা হয়।

অৱশ্যে, বিষয়াজনে কেৱল ইয়াতে ক্ষান্ত থকা নাছিল। তেওঁ কেইবাজনো পাকিস্তানী অভিনেত্ৰীৰ নামো উল্লেখ কৰিছিল। তেওঁলোকৰ ভিতৰত আছে সজল খান। সজলক বলীউডৰ ছবি 'মম'ত দেখা গৈছিল।

তাৰপাছতে বিষয়টো সম্পৰ্কত এটা টুইট কৰিছে সজলে। লিখিছে- "এইটো অতি দুখজনক যে আমাৰ দেশ নৈতিকভাৱে বিধ্বস্ত হৈছে। কুৎসাৰটনা চলি আছে। চৰিত্ৰহানি কৰা হৈছে। মানৱীয়তাৰ বাবে ই অত্যন্ত ভয়ংকৰ।’’


কেৱল সজলেই নহয়, অভিনেত্ৰী কুব্ৰা, মাহিৰা খানৰ নামো প্ৰাক্তন সেনা বিষয়াজনে উল্লেখ কৰিছিল। কুব্ৰাই ছ'চিয়েল মিডিয়াত 
শেহতীয়াকৈ লিখে- "আদিল ৰাজা, যিকোনো অভিযোগ কৰাৰ আগতে প্ৰথমে প্ৰমাণ দিয়ক।"

দুয়োগৰাকী অভিনেত্ৰীয়ে আদিলক গোটেই ঘটনাটোৰ বাবে ক্ষমা বিচাৰিবলৈ ৰাজহুৱাভাৱে দাবী কৰিছে। যদি আদিলে ক্ষমা নিবিচাৰে, মানহানিৰ গোচৰ ৰুজু কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
IRCTCৰ ৱেবছাইট আৰু এপ ডাউন, চিন্তিত হাজাৰ হাজাৰ যাত্ৰী
মাত্ৰ দুসপ্তাহৰ বাবে চেনি এৰি দিলে আপুনি বহুতো পৰিৱৰ্তন দেখিবলৈ পাব
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে