--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেনাবাহিনীয়ে অভিনেত্ৰীসকলক 'হানি ট্ৰেপিঙ'ত ব্যৱহাৰ কৰে! পাকিস্তানৰ প্ৰাক্তন সেনা বিষয়া আদিল ৰাজাই তেওঁৰ ইউটিউব চেনেলত এনে ধৰণৰ মন্তব্য দিয়াৰ পিছতে ব্যাপক সমালোচিত হৈছে। পাকিস্তানৰ জনপ্ৰিয় অভিনেত্ৰী সজল আলীয়ে এই মন্তব্য দিয়াৰ বাবে প্ৰাক্তন বিষয়াজনৰ ওপৰত তীব্ৰ সমালোচনা কৰিছে।

উল্লেখ্য যে প্ৰাক্তন সেনা বিষয়া আদিলৰ এটা ইউটিউব চেনেল আছে। যাৰ নাম 'চলজাৰ স্পিক্ছ'। তাত আদিলে কৈছিল যে পাকিস্তানৰ সেনাবাহিনীত সেই দেশৰ অভিনেত্ৰীসকলক হানি ট্ৰেপিঙৰ 'টোপ' হিচাপে ব্যৱহাৰ কৰা হয়।

অৱশ্যে, বিষয়াজনে কেৱল ইয়াতে ক্ষান্ত থকা নাছিল। তেওঁ কেইবাজনো পাকিস্তানী অভিনেত্ৰীৰ নামো উল্লেখ কৰিছিল। তেওঁলোকৰ ভিতৰত আছে সজল খান। সজলক বলীউডৰ ছবি 'মম'ত দেখা গৈছিল।

তাৰপাছতে বিষয়টো সম্পৰ্কত এটা টুইট কৰিছে সজলে। লিখিছে- "এইটো অতি দুখজনক যে আমাৰ দেশ নৈতিকভাৱে বিধ্বস্ত হৈছে। কুৎসাৰটনা চলি আছে। চৰিত্ৰহানি কৰা হৈছে। মানৱীয়তাৰ বাবে ই অত্যন্ত ভয়ংকৰ।’’


কেৱল সজলেই নহয়, অভিনেত্ৰী কুব্ৰা, মাহিৰা খানৰ নামো প্ৰাক্তন সেনা বিষয়াজনে উল্লেখ কৰিছিল। কুব্ৰাই ছ'চিয়েল মিডিয়াত 
শেহতীয়াকৈ লিখে- "আদিল ৰাজা, যিকোনো অভিযোগ কৰাৰ আগতে প্ৰথমে প্ৰমাণ দিয়ক।"

দুয়োগৰাকী অভিনেত্ৰীয়ে আদিলক গোটেই ঘটনাটোৰ বাবে ক্ষমা বিচাৰিবলৈ ৰাজহুৱাভাৱে দাবী কৰিছে। যদি আদিলে ক্ষমা নিবিচাৰে, মানহানিৰ গোচৰ ৰুজু কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক