--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শৰীৰ সুস্থ কৰি ৰাখিবলৈ সকলো ভিটামিনৰ প্ৰয়োজন।যিকোনো এবিধ ভিটামিনৰ অভাৱ হ'লেই শৰীৰ দুৰ্বল হোৱাৰ লগতে ইয়াৰ লগত জড়িত ৰোগবোৰ হ’বলৈ আৰম্ভ কৰে। শৰীৰক সুস্থ কৰি ৰাখিবলৈ তেনে এক অপৰিহাৰ্য খনিজ পদাৰ্থ হ’ল-ভিটামিন-বি১২। যদি শৰীৰত ভিটামিন-বি১২ কমি যায় তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতাতো প্ৰভাৱ পেলায়। মগজুক সুস্থ কৰি ৰখা আৰু শৰীৰত ৰক্তকণিকা আৰু ডিএনএ উৎপন্ন কৰাৰ বাবে ভিটামিন-বি১২ অতি প্ৰয়োজন। স্নায়ু সম্পৰ্কীয় ৰোগ নিৰাময়ৰ বাবেও ভিটামিন-বি১২ প্ৰয়োজন। ভিটামিন-বি১২ৰ অভাৱত দুৰ্বলতা আৰু ৰক্তহীনতাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত কিছুমান খাদ্য সামগ্ৰীৰে ভিটামিন-বি১২ৰ অভাৱ পূৰণ কৰিব পাৰি।

ভিটামিন-বি১২ৰ মূল উৎস-
* নন-ভেজ খায় তেন্তে আপোনাৰ বাবে ভিটামিন-বি১২ৰ বহু উৎস আছে। কুকুৰা, মাংস আৰু মাছৰ পৰা ভিটামিন-বি১২ লাভ কৰিব পাৰি।
* কণীত যথেষ্ট পৰিমাণৰ ভিটামিন-বি১২ আৰু ভিটামিন বি-২ পোৱা যায়। যদি আপুনি দিনটোত দুটা কণী খায় তেন্তে ই দৈনিক প্ৰয়োজনীয় ৪৬ শতাংশ পূৰণ কৰে।
* দুগ্ধজাত সামগ্ৰীতো ভিটামিন-বি১২ পোৱা যায়। সেয়েহে ইয়াৰ বাবে আপুনি দুগ্ধজাত সামগ্ৰী যেনে-গাখীৰ, দৈ আৰু পনীৰ খাব পাৰে।
* ভিটামিন-বি১২ৰ অভাৱ দূৰ কৰিবলৈ আলমণ্ড, কাজু, অটছ আৰু নাৰিকলৰ গাখীৰ সেৱন কৰিব পাৰে।
* নিৰামিষভোজী লোকৰ বাবেও ভিটামিন-বি১২ৰ অভাৱ পূৰণৰ বাবে চয়াবিন এক উত্তম উৎস। চয়াবিনত ভিটামিন-বি১২ প্ৰচুৰ পৰিমাণে পোৱা যায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক