--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মনিৰপেক্ষতা, সমাজবাদ আৰু প্ৰগতিশীলতাত বিশ্বাসী, অসমৰ আঞ্চলিক ৰাজনৈতিক ক্ষেত্ৰত এক অনবদ্য সংযোজন ৰাইজৰ দল৷ ৰাইজৰ দল গঠন হৈছিল  কৃষক নেতা অখিল গগৈৰ নেতৃত্বত ২০২০ চনৰ ২ অক্টোবৰত৷ এক প্ৰগতিশীল আঞ্চলিক বিকল্প প্ৰদান কৰা লক্ষৰে গঠন কৰা দলটোৱে ‘নেতৃত্ব নতুনৰ লক্ষ্য সূৰ্যোদয়ৰ’ উদ্দেশ্য আগত ৰাখি যোগদান কাৰ্যসূচী গ্ৰহণ কৰিছে৷ 

দলটোৰ বিশ্বাস নতুন প্ৰজন্মই আঞ্চলিক ৰাজনৈতিক শক্তিক বৃদ্ধি কৰাৰ লগতে জাতি-ভেটি, ভাষা-সংস্কৃতি আৰু অৰ্থনীতিও আঞ্চলিক শক্তিয়ে সমৃদ্ধ কৰিব৷ বৃহস্পতি বাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে দলটোৱে।

উক্ত যোগদান কার্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, লখিমপুৰ কমাৰ্চ কলেজৰ একাধিক প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ সমাজে যোগদান কৰে। বীৰ লাচিত সেনা, ভাৰতীয় জনতা যুৱ মৰ্চাকে ধৰি বিভিন্ন সংগঠন ত্যাগ কৰি শতাধিক যুৱ সমাজে আজি জাতীয় যুৱ বাহিনীত যোগদান কৰে। 

উনুষ্ঠানটোত উপস্থিত থাকে ক্ৰমে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈ, উপ-সভাপতি ৰাতুল ৰয়, নাৰী বাহিনীৰ সাধাৰণ সম্পাদিকা মমী ৰায় চৌধুৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিটিত যোগদান কাৰ্যসূচী সমাপন হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু