--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মনিৰপেক্ষতা, সমাজবাদ আৰু প্ৰগতিশীলতা বিশ্বাসী, অসমৰ আঞ্চলিক ৰাজনৈতিক ক্ষেত্ৰত এক অনবদ্য সংযোজন ৰাইজৰ দল৷ ৰাইজৰ দল গঠন হৈছিল  কৃষক নেতা অখিল গগৈৰ নেতৃত্বত ২০২০ চনৰ ২ অক্টোবৰত৷ এক প্ৰগতিশীল আঞ্চলিক বিকল্প প্ৰদান কৰা লক্ষৰে গঠন কৰা দলটোৱে ‘নেতৃত্ব নতুনৰ লক্ষ্য সূৰ্যোদয়ৰ’ উদ্দেশ্য আগত ৰাখি যোগদান কাৰ্যসূচী গ্ৰহণ কৰিছে৷ 

দলটোৰ বিশ্বাস নতুন প্ৰজন্মই আঞ্চলিক ৰাজনৈতিক শক্তিক বৃদ্ধি কৰাৰ লগতে জাতি-ভেটি, ভাষা-সংস্কৃতি আৰু অৰ্থনীতিও আঞ্চলিক শক্তিয়ে সমৃদ্ধ কৰিব৷ বৃহস্পতি বাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে দলটোৱে।

উক্ত যোগদান কার্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, লখিমপুৰ কমাৰ্চ কলেজৰ একাধিক প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ সমাজে যোগদান কৰে। বীৰ লাচিত সেনা, ভাৰতীয় জনতা যুৱ মৰ্চাকে ধৰি বিভিন্ন সংগঠন ত্যাগ কৰি শতাধিক যুৱ সমাজে আজি জাতীয় যুৱ বাহিনীত যোগদান কৰে। 

উনুষ্ঠানটোত উপস্থিত থাকে ক্ৰমে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈ, উপ-সভাপতি ৰাতুল ৰয়, নাৰী বাহিনীৰ সাধাৰণ সম্পাদিকা মমী ৰায় চৌধুৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিটিত যোগদান কাৰ্যসূচী সমাপন হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু