--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বা দুটা নহয়, মুঠ ১২টা গ্ৰেমী আছে টেইলৰ ছুইফটৰ না্মত। পশ্চিমীয়া সংগীত জগতৰ অন্যতম জনপ্ৰিয় পপ তাৰকা। অন্যতম ধনী সংগীতশিল্পী। অহা নৱেম্বৰ মাহত টেইলৰ ১০০ কোটি টকাৰ মালিক হ’বলৈ গৈ আছে। সম্প্ৰতি ষষ্ঠ ‘দ্য ইৰেজাৰ ট্যুৰ’ত ব্যস্ত কণ্ঠশিল্পীগৰাকী। চলিত বৰ্ষৰ ১৭ মাৰ্চৰ পৰা আৰম্ভ হৈছিল এই ভ্ৰমণ। অহা বছৰৰ ১৭ আগষ্টত ইয়াৰ অন্ত পৰিব।

টেইলৰৰ ‘দ্য ইৰেজাৰ ট্যুৰ’ক পপ ষ্টাৰ কনচাৰ্ট ভ্ৰমণৰ ইতিহাসৰ অন্যতম লাভজনক ভ্ৰমণ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইতিমধ্যে আমেৰিকাত এই কনচাৰ্ট ট্যুৰ শেষ হ’ব হৈছে। ইয়াৰ পূৰ্বে টেইলৰে ভ্ৰমণৰ সফলতাত উৎসাহিত হৈ সংগীসকলৰ বাবে মন খুলি পইচা খৰচ কৰিছে।

বিভিন্ন চহৰৰ এখন ষ্টেডিয়ামৰ পৰা আন এখন ষ্টেডিয়ামলৈ যোৱাৰ বাবে পপ তাৰকাসকলে সাধাৰণতে ট্ৰাক ব্যৱহাৰ কৰে। টেইলৰৰ ‘দ্য ইৰেজাৰ ট্যুৰ’ত যোগদান কৰিছে ৫০জন ট্ৰাকচালকে। তেওঁলোকৰ প্ৰত্যেককে প্ৰায় ৮২ লাখ টকাৰ বোনাছ দিছে সংগীতশিল্পীগৰাকীয়ে। এনে উপহাৰ পাই ট্ৰাক চালকসকলে আপ্লুত হৈ পৰিছে।

কেৱল ট্ৰাক চালকসকলেই নহয়, তেওঁৰ বেণ্ডৰ সংগীতজ্ঞ আৰু নৃত্যশিল্পীসকলেও উপহাৰ লাভ কৰিছে। মনোৰঞ্জন জগতৰ আন আন শিল্পীসকলেও টেইলৰৰ এই পদক্ষেপক প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?