--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বা দুটা নহয়, মুঠ ১২টা গ্ৰেমী আছে টেইলৰ ছুইফটৰ না্মত। পশ্চিমীয়া সংগীত জগতৰ অন্যতম জনপ্ৰিয় পপ তাৰকা। অন্যতম ধনী সংগীতশিল্পী। অহা নৱেম্বৰ মাহত টেইলৰ ১০০ কোটি টকাৰ মালিক হ’বলৈ গৈ আছে। সম্প্ৰতি ষষ্ঠ ‘দ্য ইৰেজাৰ ট্যুৰ’ত ব্যস্ত কণ্ঠশিল্পীগৰাকী। চলিত বৰ্ষৰ ১৭ মাৰ্চৰ পৰা আৰম্ভ হৈছিল এই ভ্ৰমণ। অহা বছৰৰ ১৭ আগষ্টত ইয়াৰ অন্ত পৰিব।

টেইলৰৰ ‘দ্য ইৰেজাৰ ট্যুৰ’ক পপ ষ্টাৰ কনচাৰ্ট ভ্ৰমণৰ ইতিহাসৰ অন্যতম লাভজনক ভ্ৰমণ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইতিমধ্যে আমেৰিকাত এই কনচাৰ্ট ট্যুৰ শেষ হ’ব হৈছে। ইয়াৰ পূৰ্বে টেইলৰে ভ্ৰমণৰ সফলতাত উৎসাহিত হৈ সংগীসকলৰ বাবে মন খুলি পইচা খৰচ কৰিছে।

বিভিন্ন চহৰৰ এখন ষ্টেডিয়ামৰ পৰা আন এখন ষ্টেডিয়ামলৈ যোৱাৰ বাবে পপ তাৰকাসকলে সাধাৰণতে ট্ৰাক ব্যৱহাৰ কৰে। টেইলৰৰ ‘দ্য ইৰেজাৰ ট্যুৰ’ত যোগদান কৰিছে ৫০জন ট্ৰাকচালকে। তেওঁলোকৰ প্ৰত্যেককে প্ৰায় ৮২ লাখ টকাৰ বোনাছ দিছে সংগীতশিল্পীগৰাকীয়ে। এনে উপহাৰ পাই ট্ৰাক চালকসকলে আপ্লুত হৈ পৰিছে।

কেৱল ট্ৰাক চালকসকলেই নহয়, তেওঁৰ বেণ্ডৰ সংগীতজ্ঞ আৰু নৃত্যশিল্পীসকলেও উপহাৰ লাভ কৰিছে। মনোৰঞ্জন জগতৰ আন আন শিল্পীসকলেও টেইলৰৰ এই পদক্ষেপক প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ