--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেখাত কোনো ৰোগী নহয়। এইটোও ভাবিব নোৱাৰি যে এজন সুস্থ ব্যক্তিয়ে খাদ্যৰ বাহিৰে আন কিবা খাব পাৰে। চিকিৎসকৰ মতে গৰ্ভৱতী মহিলা আৰু শিশুৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ দেখা যায়। ইয়াৰ কাৰণ কি? মাটি, চক, ফটা কাগজ খোৱাৰ প্ৰৱণতা—এনে সমস্যাৰ সৃষ্টি হ’লে স্বাভাৱিকতে তেজত আইৰনৰ মাত্ৰা পৰীক্ষা কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। চিকিৎসা বিজ্ঞানৰ ভাষাত এই ৰোগক ‘পিকা’ বুলি কোৱা হয়।

 * 'পিকা' কি?

‘পিকা’ৰ এটা লক্ষণ হ’ল মানুহৰ খাদ্য হিচাপে একেবাৰে অগ্ৰহণযোগ্য বস্তু যেনে-চক, মাটি, ধূলি, মাটি পেঞ্চিল, চুলি, চাবোন, কাগজ আদি খোৱাৰ ইচ্ছা।

* এনে ৰোগ কিয় হয়?

চিকিৎসকৰ মতে এই ৰোগৰ অধিকাংশ ৰোগীয়ে শৰীৰত আইৰণৰ অভাৱত ভোগা দেখা যায়। কিন্তু আইৰণ, জিংক বা অন্যান্য খনিজ পদাৰ্থৰ অভাৱৰ উপৰি মানসিক সমস্যা বা ‘স্কিজ’ফ্ৰেনিয়া’ বা ‘অ’চিডি’ হ’লেও এনে সকলো বস্তু খোৱাৰ প্ৰৱণতা দেখা যায়।

* এই ৰোগৰ চিকিৎসা কি?

যিহেতু pica এটা মানসিক সমস্যা, গতিকে ইয়াৰ নিৰাময়ৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ নাই। কিন্তু যদি কোনোবাই মাটি, চক, ধূলি, চাবোন আদি কিবা খোৱাৰ প্ৰৱণতা আহে, তেন্তে সেই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ‘পিকা’ৰ দৰে ৰোগ যদি দীৰ্ঘদিন ধৰি থাকে তেন্তে ই পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঔষধৰ পৰিৱৰ্তে আইৰণ আৰু জিংকযুক্ত খাদ্য খোৱাটোৱে এই সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক