--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেখাত কোনো ৰোগী নহয়। এইটোও ভাবিব নোৱাৰি যে এজন সুস্থ ব্যক্তিয়ে খাদ্যৰ বাহিৰে আন কিবা খাব পাৰে। চিকিৎসকৰ মতে গৰ্ভৱতী মহিলা আৰু শিশুৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ দেখা যায়। ইয়াৰ কাৰণ কি? মাটি, চক, ফটা কাগজ খোৱাৰ প্ৰৱণতা—এনে সমস্যাৰ সৃষ্টি হ’লে স্বাভাৱিকতে তেজত আইৰনৰ মাত্ৰা পৰীক্ষা কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। চিকিৎসা বিজ্ঞানৰ ভাষাত এই ৰোগক ‘পিকা’ বুলি কোৱা হয়।

 * 'পিকা' কি?

‘পিকা’ৰ এটা লক্ষণ হ’ল মানুহৰ খাদ্য হিচাপে একেবাৰে অগ্ৰহণযোগ্য বস্তু যেনে-চক, মাটি, ধূলি, মাটি পেঞ্চিল, চুলি, চাবোন, কাগজ আদি খোৱাৰ ইচ্ছা।

* এনে ৰোগ কিয় হয়?

চিকিৎসকৰ মতে এই ৰোগৰ অধিকাংশ ৰোগীয়ে শৰীৰত আইৰণৰ অভাৱত ভোগা দেখা যায়। কিন্তু আইৰণ, জিংক বা অন্যান্য খনিজ পদাৰ্থৰ অভাৱৰ উপৰি মানসিক সমস্যা বা ‘স্কিজ’ফ্ৰেনিয়া’ বা ‘অ’চিডি’ হ’লেও এনে সকলো বস্তু খোৱাৰ প্ৰৱণতা দেখা যায়।

* এই ৰোগৰ চিকিৎসা কি?

যিহেতু pica এটা মানসিক সমস্যা, গতিকে ইয়াৰ নিৰাময়ৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ নাই। কিন্তু যদি কোনোবাই মাটি, চক, ধূলি, চাবোন আদি কিবা খোৱাৰ প্ৰৱণতা আহে, তেন্তে সেই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ‘পিকা’ৰ দৰে ৰোগ যদি দীৰ্ঘদিন ধৰি থাকে তেন্তে ই পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঔষধৰ পৰিৱৰ্তে আইৰণ আৰু জিংকযুক্ত খাদ্য খোৱাটোৱে এই সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু