--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেছলাৰ টেক্সাছৰ কাৰখানাত ৰবটৰ আক্ৰমণত এজন কৰ্মী আঘাটপ্ৰাপ্ত হয়। ঘটনাটোৰ সম্পৰ্কে মুকলিকৈ মন্তব্য কৰে টেছলাৰ চিইঅ’ ইলন মাস্কে। তেওঁ দাবী কৰে যে ৰবটটোৰ কোনো দোষ নাই। 

প্ৰসংগক্ৰমে ইলন মাস্কৰ বিখ্যাত গাড়ী নিৰ্মাতা টেছলাৰ টেক্সাছৰ কাৰখানাৰ কৰ্মীক সহায় কৰিবলৈ তিনিটা ৰবট ৰখা হৈছে। কিন্তু এটা ৰবটে হঠাতে তাত থকা এজন কৰ্মীক কৃত্ৰিম নখৰে আঁচোৰ মাৰি পেলায়। সদ্য প্রকাশিত সংস্থাটোৰ প্রতিবেদনত এই কথা জানিব পৰা গৈছে৷

অৱশ্যে এই ঘটনা তিনি বছৰৰ আগৰ বুলিও দাবী কৰা হৈছে প্ৰতিবেদনত। অৱশ্যে শেহতীয়াকৈ ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে এই সন্দৰ্ভত মুকলিকৈ কৈছে। খবৰ অনুসৰি, আক্ৰান্ত কৰ্মীজনে টেক্সাছৰ কাৰখানাটোত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। তেওঁৰ কাম আছিল নতুন এলুমিনিয়ামৰ পাত কাটি নতুন গাড়ীত ব্যৱহাৰ কৰা।

ঘটনাৰ দিনটোত দুটা ৰবট স্থবিৰ কৰি ৰখাৰ বিপৰীতে এটা ৰবট আংশিকভাৱে কাৰ্যক্ষম হৈ আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, তৃতীয়টো ৰবটে ক্ষতিগ্ৰস্ত কৰ্মীজনক বাধা দি আছিল। ইয়াৰ পিছতো কৰ্মীজনে কাম কৰি যোৱাৰ লগে লগে ৰবটটোৱে কৃত্ৰিম নখেৰে পিঠি আৰু হাত দুখন খোঁচ মাৰিলে। খবৰ অনুসৰি ৰবটে আক্ৰমণ কৰাৰ পিছত দুৰ্ঘটনাস্থলী তেজেৰে লুতুৰি-পুতুৰি হৈ পৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় কৰ্মীজনক। এজন সহকৰ্মীয়ে লগে লগে জৰুৰীকালীন ‘ষ্টপ’ বুটাম বা ‘জৰুৰীকালীন’ বুটামটো টিপে। ফলত অভিযন্তাজন ৰবটৰ হাতৰ পৰা সাৰি যাব পাৰে।

টেছলাৰ বৰ্তমান আৰু প্ৰাক্তন কৰ্মচাৰীসকলে অৱশ্যে অভিযোগ কৰে যে টেছলা কোম্পানীয়ে নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ ক্ষেত্ৰত প্ৰায়ে আপোচ কৰে, যাৰ ফলত কৰ্মীসকল বিপদত পৰে।

আমেৰিকাৰ অকুপেচনেল ছেফটি এণ্ড হেল্থ এডমিনিষ্ট্ৰেচন (OSHA)ক দাখিল কৰা প্ৰতিবেদন অনুসৰি ২০২১ আৰু ২০২২ চনত টেছলাৰ টেক্সাছৰ কাৰখানাটো বছৰত এবাৰহে পৰিদৰ্শন কৰা হৈছিল। বিশেষকৈ যেতিয়া টেছলাৰ টেক্সাছৰ কাৰখানাত আন কাৰখানাতকৈ দুৰ্ঘটনা বা আঘাতৰ হাৰ বেছি।

টেছলাৰ চিইঅ’ ইলন মাস্কে এই কাণ্ডৰ বিষয়ে কয়, “এয়া প্ৰকৃততে লজ্জাজনক যে বৰ্তমান সংবাদ মাধ্যমে দুবছৰ পূৰ্বে ঘটা এটা কাণ্ডৰ সৈতে মোকাবিলা কৰিছে কাৰণ এটা সাধাৰণ ঔদ্যোগিক কুকা ৰবট আৰ্ম (সকলো কাৰখানাতে পোৱা যায়)।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ