--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেছলাৰ টেক্সাছৰ কাৰখানাত ৰবটৰ আক্ৰমণত এজন কৰ্মী আঘাটপ্ৰাপ্ত হয়। ঘটনাটোৰ সম্পৰ্কে মুকলিকৈ মন্তব্য কৰে টেছলাৰ চিইঅ’ ইলন মাস্কে। তেওঁ দাবী কৰে যে ৰবটটোৰ কোনো দোষ নাই। 

প্ৰসংগক্ৰমে ইলন মাস্কৰ বিখ্যাত গাড়ী নিৰ্মাতা টেছলাৰ টেক্সাছৰ কাৰখানাৰ কৰ্মীক সহায় কৰিবলৈ তিনিটা ৰবট ৰখা হৈছে। কিন্তু এটা ৰবটে হঠাতে তাত থকা এজন কৰ্মীক কৃত্ৰিম নখৰে আঁচোৰ মাৰি পেলায়। সদ্য প্রকাশিত সংস্থাটোৰ প্রতিবেদনত এই কথা জানিব পৰা গৈছে৷

অৱশ্যে এই ঘটনা তিনি বছৰৰ আগৰ বুলিও দাবী কৰা হৈছে প্ৰতিবেদনত। অৱশ্যে শেহতীয়াকৈ ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে এই সন্দৰ্ভত মুকলিকৈ কৈছে। খবৰ অনুসৰি, আক্ৰান্ত কৰ্মীজনে টেক্সাছৰ কাৰখানাটোত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। তেওঁৰ কাম আছিল নতুন এলুমিনিয়ামৰ পাত কাটি নতুন গাড়ীত ব্যৱহাৰ কৰা।

ঘটনাৰ দিনটোত দুটা ৰবট স্থবিৰ কৰি ৰখাৰ বিপৰীতে এটা ৰবট আংশিকভাৱে কাৰ্যক্ষম হৈ আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, তৃতীয়টো ৰবটে ক্ষতিগ্ৰস্ত কৰ্মীজনক বাধা দি আছিল। ইয়াৰ পিছতো কৰ্মীজনে কাম কৰি যোৱাৰ লগে লগে ৰবটটোৱে কৃত্ৰিম নখেৰে পিঠি আৰু হাত দুখন খোঁচ মাৰিলে। খবৰ অনুসৰি ৰবটে আক্ৰমণ কৰাৰ পিছত দুৰ্ঘটনাস্থলী তেজেৰে লুতুৰি-পুতুৰি হৈ পৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় কৰ্মীজনক। এজন সহকৰ্মীয়ে লগে লগে জৰুৰীকালীন ‘ষ্টপ’ বুটাম বা ‘জৰুৰীকালীন’ বুটামটো টিপে। ফলত অভিযন্তাজন ৰবটৰ হাতৰ পৰা সাৰি যাব পাৰে।

টেছলাৰ বৰ্তমান আৰু প্ৰাক্তন কৰ্মচাৰীসকলে অৱশ্যে অভিযোগ কৰে যে টেছলা কোম্পানীয়ে নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ ক্ষেত্ৰত প্ৰায়ে আপোচ কৰে, যাৰ ফলত কৰ্মীসকল বিপদত পৰে।

আমেৰিকাৰ অকুপেচনেল ছেফটি এণ্ড হেল্থ এডমিনিষ্ট্ৰেচন (OSHA)ক দাখিল কৰা প্ৰতিবেদন অনুসৰি ২০২১ আৰু ২০২২ চনত টেছলাৰ টেক্সাছৰ কাৰখানাটো বছৰত এবাৰহে পৰিদৰ্শন কৰা হৈছিল। বিশেষকৈ যেতিয়া টেছলাৰ টেক্সাছৰ কাৰখানাত আন কাৰখানাতকৈ দুৰ্ঘটনা বা আঘাতৰ হাৰ বেছি।

টেছলাৰ চিইঅ’ ইলন মাস্কে এই কাণ্ডৰ বিষয়ে কয়, “এয়া প্ৰকৃততে লজ্জাজনক যে বৰ্তমান সংবাদ মাধ্যমে দুবছৰ পূৰ্বে ঘটা এটা কাণ্ডৰ সৈতে মোকাবিলা কৰিছে কাৰণ এটা সাধাৰণ ঔদ্যোগিক কুকা ৰবট আৰ্ম (সকলো কাৰখানাতে পোৱা যায়)।”
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ