--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইল-হামাছ যুদ্ধৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে এতিয়া ভাৰততো। ভাৰতত থকা ইজৰাইলী লোক এতিয়া লক্ষ্য হৈ পৰিছে হামাছ সমৰ্থক সন্ত্ৰাসবাদীৰ। পেলেষ্টাইনৰ গাজাত ইজৰাইলে চলাই গৈছে হামাছ নিৰ্মূল অভিযান। ইয়াৰে পোতক তুলিবলৈ দিল্লীত ইজৰাইলী দূতাবাসৰ সন্মুখত বোমা বিস্ফোৰণ হামাছ সমৰ্থক সন্ত্ৰাসবাদীৰ। 

কালি সন্ধিয়া দূতাবাসৰ সন্মুখত বোমা বিস্ফোৰণ ঘটাই ইজৰাইলক মুকলি প্ৰত্যাহ্বান সন্ত্ৰাসবাদীৰ। এই কূটাঘাটৰ পাছতে ভাৰতৰ সুৰক্ষা সংস্থাসমূহ হৈ পৰিছে তৎপৰ। বোমা বিস্ফোৰণটোৰ নিম্ন প্ৰাবল্যৰ আছিল যদিও ইয়াত আছে ভৱিষ্যতৰ গুৰুতৰ কূটাঘাটৰ ইংগিত। ২০২১ চনৰ জানুৱাৰী মাহতো দিল্লীৰ এই ইজৰাইলী দূতাবাসৰ সন্মুখতে বোমা বিস্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে। 

গতিকে,এই পদ্ধতিৰে আগন্তুক সময়ত ইজৰাইলীৰ বিৰুদ্ধে হ'ব পাৰে ভয়াৱহ আক্ৰমণ। এই ইংগিত বুজিয়েই তৎপৰতাৰে তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। বিস্ফোৰণস্থলীত ইজৰাইলক সকীয়াই লিখা এখন ভাবুকিপূৰ্ণ পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। পত্ৰখনত গাজা আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ কথা উল্লেখ আছে। এই পত্ৰখনৰ লগতে CCTV ফুটেজো তন্ন-তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে। CCTV ফুটেজত দুজন সন্দেহযুক্ত যুৱকক ধৰা পেলাইছে আৰক্ষীয়ে। যুৱক দুজনে বিস্ফোৰণৰ কিছু সময়ৰ পূৰ্বে সমীপৰ পথত খোজকাঢ়ি আছিল। এই যুৱক দুজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ এতিয়া অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। 

বিস্ফোৰণটোৰ পাছতে ৰাজধানী মহানগৰখনৰ নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰিছে সুৰক্ষা সংস্থাই। দিল্লীৰ বিভিন্ন ঠাইত সুৰক্ষা সংস্থাই চলাইছে নিছিদ্ৰ তালাচী। ইফালে এই বিস্ফোৰণটোৰ আঁৰত ইৰাণ থাকিব পাৰে বুলি অতি চাঞ্চল্যকৰ খবৰ প্ৰকাশ পাইছে। উল্লেখ যে ২৫ ডিচেম্বৰত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ছিৰিয়াত নিহত হৈছিল ইৰাণৰ এজন শীৰ্ষ সেনা কমাণ্ডাৰ। ইজৰাইল-হামাছৰ যুদ্ধৰ সময়ত সম্প্ৰতি হামাছ সমৰ্থক ইৰাণ হৈ পৰিছে ইজৰাইলৰ পৰম শত্ৰু। ইয়াৰ বাবেই ইৰাণী সেনা কমাণ্ডাৰ চৈয়দ মোছাভীক ইজৰাইলে হত্যা কৰিছে বুলি আশংকা কৰা হৈছে।  

ইয়াৰ পাছতে ইৰাণৰ ৰাষ্ট্রপতি ইব্ৰাহীম ৰাইচীয়ে ইজৰাইলৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ ল'ব বুলি হুংকাৰ দিছিল। এই হুংকাৰৰ পাছতে কালি ইজৰাইলৰ দূতাবাসৰ বাহিৰত বিস্ফোৰণ সংঘটিত হয়। গতিকে বিস্ফোৰণটোৰ সৈতে মোছাৱীৰ মৃত্যুৰ সম্পৰ্ক সন্দৰ্ভত চৰ্চা চলিছে। ভাৰতত থকা ইৰাণী হামাছ সমৰ্থকে এই আক্ৰমণ কৰিব পাৰে বুলি সৃষ্টি হৈছে আশংকাৰ। এই দিশটোৰ সম্পৰ্কেও ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ভাৰতীয় গুপ্তচৰ সংস্থাসমূহে। অৱশ্যে এটা কথা নিশ্চিত হৈ পৰিছে ইজৰাইল - হামাছ যুদ্ধৰ সময়ত ভাৰতত থকা ইজৰাইলীৰ ওপৰত বিপদ ঘনীভূত। সুযোগ পালেই ভাৰতত থকা হামাছ সমৰ্থক সন্ত্ৰাসবাদীয়ে ইজৰাইলীক কৰিব পাৰে আক্ৰমণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ