--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ সভা চলি থকাৰ সময়ত তীব্ৰ বেগত গাড়ী চলাই মানুহক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পশ্চিমবংগ তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী সায়োনী ঘোষক। দেওবাৰে যুৱনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে পশ্চিম আগৰতলা আৰক্ষী থানাৰ মহিলা কৰ্মীয়ে।সায়োনী ঘোষৰ বিৰুদ্ধে পশ্চিম আগৰতলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। তেওঁক ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ১৫৩এ, ৫০৬, ৩০৭ আৰু ১২০(বি) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

সোমবাৰে ঘোষক আদালতত হাজিৰ কৰোৱা হ’ব। সায়োনী ঘোষৰ বিৰুদ্ধে আৰু এটা অভিযোগ উঠিছে যে আগৰতলাত তৃণমূল কংগ্ৰেছে পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছিল। ইয়াৰ মাজতে বিজেপিৰ এখন সভাৰ মাজেৰে গৈ থাকোতে সায়োনীয়ে বিজেপি কৰ্মীক উদ্দ্যেশি আপত্তিজনক ভাষা ব্যৱহাৰ কৰিছিল আৰু শিল নিক্ষেপ কৰিছিল। যাৰ ফলত বিশৃংখলতা সৃষ্টি হৈছিল আৰু বিজেপি কৰ্মীসকল আহত হৈছিল। আনহাতে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক অভিযুক্ত কৰিছে।

আৰু পঢ়কঃ অন্ধকাৰত বুৰ যাব পৃথিৱী! ভয়ংকৰ বিপদৰ আগজাননী…

তৃণমূল কংগ্ৰেছৰ সদস্যসকলেও দাবী কৰিছে যে তেওঁলোকক প্ৰহাৰ কৰা হৈছিল। অভিষেক বেনাৰ্জীয়ে দেওবাৰে টুইট কৰি কয় যে বিপ্লব দেৱ ইমানেই নিৰ্লজ্জ হৈ পৰিছে যে তেওঁ এতিয়া উচ্চতম ন্যায়ালয়ৰ আদেশো মানি চলা নাই। তেওঁলোকে আমাৰ সমৰ্থক আৰু আমাৰ মহিলা প্ৰাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ পৰিৱৰ্তে আক্ৰমণ কৰিবলৈ বাৰে বাৰে গুণ্ডা প্ৰেৰণ কৰিছে। ত্ৰিপুৰা বিজেপিয়ে গণতন্ত্ৰক উপহাস কৰিছে। টিএমচিৰ সাংসদ সুস্মিতা দেৱে কয় যে ত্ৰিপুৰাত সায়োনী ঘোষৰ গ্ৰেপ্তাৰ 'আইনৰ সম্পূৰ্ণ অপব্যৱহাৰ'।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?