--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ সভা চলি থকাৰ সময়ত তীব্ৰ বেগত গাড়ী চলাই মানুহক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পশ্চিমবংগ তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী সায়োনী ঘোষক। দেওবাৰে যুৱনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে পশ্চিম আগৰতলা আৰক্ষী থানাৰ মহিলা কৰ্মীয়ে।সায়োনী ঘোষৰ বিৰুদ্ধে পশ্চিম আগৰতলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। তেওঁক ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ১৫৩এ, ৫০৬, ৩০৭ আৰু ১২০(বি) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

সোমবাৰে ঘোষক আদালতত হাজিৰ কৰোৱা হ’ব। সায়োনী ঘোষৰ বিৰুদ্ধে আৰু এটা অভিযোগ উঠিছে যে আগৰতলাত তৃণমূল কংগ্ৰেছে পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছিল। ইয়াৰ মাজতে বিজেপিৰ এখন সভাৰ মাজেৰে গৈ থাকোতে সায়োনীয়ে বিজেপি কৰ্মীক উদ্দ্যেশি আপত্তিজনক ভাষা ব্যৱহাৰ কৰিছিল আৰু শিল নিক্ষেপ কৰিছিল। যাৰ ফলত বিশৃংখলতা সৃষ্টি হৈছিল আৰু বিজেপি কৰ্মীসকল আহত হৈছিল। আনহাতে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক অভিযুক্ত কৰিছে।

আৰু পঢ়কঃ অন্ধকাৰত বুৰ যাব পৃথিৱী! ভয়ংকৰ বিপদৰ আগজাননী…

তৃণমূল কংগ্ৰেছৰ সদস্যসকলেও দাবী কৰিছে যে তেওঁলোকক প্ৰহাৰ কৰা হৈছিল। অভিষেক বেনাৰ্জীয়ে দেওবাৰে টুইট কৰি কয় যে বিপ্লব দেৱ ইমানেই নিৰ্লজ্জ হৈ পৰিছে যে তেওঁ এতিয়া উচ্চতম ন্যায়ালয়ৰ আদেশো মানি চলা নাই। তেওঁলোকে আমাৰ সমৰ্থক আৰু আমাৰ মহিলা প্ৰাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ পৰিৱৰ্তে আক্ৰমণ কৰিবলৈ বাৰে বাৰে গুণ্ডা প্ৰেৰণ কৰিছে। ত্ৰিপুৰা বিজেপিয়ে গণতন্ত্ৰক উপহাস কৰিছে। টিএমচিৰ সাংসদ সুস্মিতা দেৱে কয় যে ত্ৰিপুৰাত সায়োনী ঘোষৰ গ্ৰেপ্তাৰ 'আইনৰ সম্পূৰ্ণ অপব্যৱহাৰ'।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা