--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে ইমৰান খানৰ বিৰুদ্ধে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআইৰ চেয়াৰমেন ইমৰান খানৰ বিৰুদ্ধে এই অভিযোগ আনিছে পাকিস্তান মুছলিম লীগ-নাৱাজৰ নেতা মহছিন ছেহনাৱাজ ৰানঝাই। ৰানঝাই শনিবাৰে খানৰ বিৰুদ্ধে এটা গোচৰো তৰিছে।

উল্লেখ্য যে শুক্ৰবাৰে পাকিস্তানৰ ইছলামাবাদস্থিত নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ৰ সমুখত ব্যাপক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইমৰাণ খানৰ পিটিআই দলৰ কৰ্মী আৰু সমৰ্থকসকলে আয়োগৰ কাৰ্যালয়ৰ সমুখত ধৰ্ণা প্ৰদৰ্শন কৰি আছিল। তেনেসময়তে মুছলিম লীগ নাৱাজৰ নেতা ৰাণঝাক উক্ত স্থানত আক্ৰমণ কৰা হয়।

তাৰপাছদিনাই ৰানঝাই ইছলামাবাদৰ চেক্ৰেটেৰিয়েট আৰক্ষী চকীত এটা গোচৰ তৰিছে। আৰক্ষীক দিয়া এজাহাৰত তেওঁ অভিযোগ কৰে যে নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ৰ সমুখত তেওঁক হত্যাৰ চেষ্টা কৰা হৈছিল। এই হত্যাৰ পৰিকল্পনাত পিটিআইৰ নেতৃত্ব তথা ইমৰান খানৰ হাত আছে বুলিও তেওঁ অভিযোগ কৰে।

উল্লেখ্য যে নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ৰ সমুখত হোৱা উত্তপ্ত পৰিৱেশক কেন্দ্ৰ কৰি ইতিমধ্যে ইমৰাণ খানৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ অভিযোগ অনুসৰি ৰুজু হোৱা গোচৰ দুটাত ইমৰাণ খান তথা তেওঁৰ দলৰ বিৰুদ্ধে সন্ত্ৰাসবাদত অভিযোগ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু