--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে ইমৰান খানৰ বিৰুদ্ধে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআইৰ চেয়াৰমেন ইমৰান খানৰ বিৰুদ্ধে এই অভিযোগ আনিছে পাকিস্তান মুছলিম লীগ-নাৱাজৰ নেতা মহছিন ছেহনাৱাজ ৰানঝাই। ৰানঝাই শনিবাৰে খানৰ বিৰুদ্ধে এটা গোচৰো তৰিছে।

উল্লেখ্য যে শুক্ৰবাৰে পাকিস্তানৰ ইছলামাবাদস্থিত নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ৰ সমুখত ব্যাপক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইমৰাণ খানৰ পিটিআই দলৰ কৰ্মী আৰু সমৰ্থকসকলে আয়োগৰ কাৰ্যালয়ৰ সমুখত ধৰ্ণা প্ৰদৰ্শন কৰি আছিল। তেনেসময়তে মুছলিম লীগ নাৱাজৰ নেতা ৰাণঝাক উক্ত স্থানত আক্ৰমণ কৰা হয়।

তাৰপাছদিনাই ৰানঝাই ইছলামাবাদৰ চেক্ৰেটেৰিয়েট আৰক্ষী চকীত এটা গোচৰ তৰিছে। আৰক্ষীক দিয়া এজাহাৰত তেওঁ অভিযোগ কৰে যে নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ৰ সমুখত তেওঁক হত্যাৰ চেষ্টা কৰা হৈছিল। এই হত্যাৰ পৰিকল্পনাত পিটিআইৰ নেতৃত্ব তথা ইমৰান খানৰ হাত আছে বুলিও তেওঁ অভিযোগ কৰে।

উল্লেখ্য যে নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ৰ সমুখত হোৱা উত্তপ্ত পৰিৱেশক কেন্দ্ৰ কৰি ইতিমধ্যে ইমৰাণ খানৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ অভিযোগ অনুসৰি ৰুজু হোৱা গোচৰ দুটাত ইমৰাণ খান তথা তেওঁৰ দলৰ বিৰুদ্ধে সন্ত্ৰাসবাদত অভিযোগ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক