--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ এটা মন্তব্য। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কৰা এটা মন্তব্যই এতিয়া দেশ তল-ওপৰ কৰিছে। প্ৰাক্ন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই ভাৰতত সংখ্যালঘু লোকসকলৰ নিৰাপত্তাকলৈ চিএনএ্নক দিয়া এক সাক্ষাৎকাৰত উদ্বেগ ব্যক্ত কৰাৰ সময়তে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল -দেশত বহু "হুছেইন অ'বামা" আছে  আৰু আৰক্ষীয়ে  অগ্ৰাধিকাৰৰ ভিত্তিত তেওঁলোকৰ বিষয়ত  কাম কৰিব। হিমন্ত বিশ্বৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ লগতে  দেশৰ বিৰোধী দলসমূহ।

 বহু কেইটা বিৰোধী দলৰ নেতাই  অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা  "হুছেইন অ'বামা" মন্তব্যৰ বাবে সমালোচনা কৰিছে।  উল্লেখ্য প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি  বাৰাক অ'বামাই বৃহস্পতিবাৰে চিএনএনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্তব্য কৰিছিল যে জো বাইডেনে নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বাৰ্তালাপত ভাৰতত বাস কৰা  মুছলমান লোকসকলৰ  সুৰক্ষাৰ বিষয়টো উত্থাপন কৰিব লাগে। চিএনএনক দিয়া  সাক্ষাৎকাৰত  অ'বামাই লগতে এইবুলিও কৈছিল যে যদি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সংখ্যালঘু লোকসকলৰ  অধিকাৰৰ বিষয়টোত  গুৰুত্ব নিদিয়ে তেন্তে ভাৰত খণ্ডিত হোৱাৰ আশংকা আছে। আভ্যন্তৰীণ সংঘাতে ভাৰতৰ  হিন্দু-মুছলমান উভয়পক্ষৰে ক্ষতি  কৰিব বুলি অ’বামাই কৈছিল।

 প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এনে মন্তব্যৰ এদিন পিছতে অসমৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো মূৰ পাতি লৈ অ’বামাক কটাক্ষ কৰি "হুছেইন অ'বামা" বাক্যাংশ ব্যৱহাৰ কৰিছিল। মুখ্যমন্ত্ৰীয়ে "হুছেইন অ'বামা"  কথাষাৰ ব্যৱহাৰ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল -সংগঠন।  প্ৰখ্যাত  ভাৰতীয় সাংবাদিক ৰোহিণী সিঙে  টুইটত হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি  কৈছে — ‘আবেগত আঘাত হনাৰ বাবে অ’বামাৰ বিৰুদ্ধে গুৱাহাটীত এজাহাৰ  ৰুজু কৰা হৈছে নেকি? অ'বামাক গ্ৰেপ্তাৰ কৰিবলৈ ৱাশ্বিংটনলৈ অসম আৰক্ষীয়ে  উৰা মাৰিছে নেকি? অ'বামাক অসম আৰক্ষীয়ে  বিমানৰ  পৰা নমাই আনি গ্ৰেপ্তাৰ কৰিব নেকি?’ 


মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ বান-গৰাখহনীয়া, নিবনুৱা সমস্যাৰ কথা কোৱাৰ সলনি বাৰাক অ’বামাৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ কথাটোক এতিয়া বহুতেই সহজভাবে গ্ৰহণ কৰিব পৰা নাই। যিটো সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰি ভাৰতক বিশ্বৰ শ্ৰেষ্ট গণতন্ত্ৰ বুলি কৈছে , ভাৰতত সকলো ধৰ্মৰ লোকেই সম অধিকাৰ ভোগ কৰি থকাৰ কথা কৈছে সেই সময়তে মুখ্যমন্ত্ৰী কৰা "হুছেইন অ'বামা" মন্তব্যই মোদীৰ কথাৰ বিপৰীত দৃষ্টিভংগী দাঙি ধৰা বুলি বহুতে আলোচনা কৰিছে।

 বহুতে লগতে এই বুলিও কৈছে যে বাৰাক অ’বামাৰ মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীয়েহে দিব লাগিছিল। কিন্তু সেয়া নকৰি দেশৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰাটো হাস্যকৰেই নহয়, মোদীৰ বাবে অপমান জনকো বুলি বহুতে আলোচনা কৰিছে। কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এই প্ৰসংগত কয় যে হিমন্ত বিশ্ব শৰ্মাৰ 'হুছেইন অ'বামা' টুইটে প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত কোনো বৈষম্য নাই বুলি আমেৰিকাত কৰা তেওঁৰ মন্তব্যত আন্তৰিক নাছিল ।  বিৰোধী নেতাসকলে দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ টুইটে প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰা ভাৰতত কোনো ধৰ্মীয় বৈষম্য নাই বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কৰা  দাবীক দুৰ্বল কৰি তুলিছে। এনচিপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ  মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক  ক্ষমা খোজাৰ দাবী তুলিছে। 

এনচিপিৰ মুখপাত্ৰ ক্লাইড ক্ৰেষ্টোৱে কয়, "হয় তেওঁ (শৰ্মা) আমেৰিকাত দিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্য  শুনা নাছিল, নতুবা মোদীয়ে  যি কৈছিল তাক অসন্মানজনকভাৱে অৱজ্ঞা কৰিছে।" শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাৰাক অ’বামাকলৈ মুখ্যমন্ত্ৰী হিমন্ত্ বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীৰ হৈ তেওঁ নিজেই ক্ষমা বিচৰা বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰি অখিল গগৈয়ে এক ভিডিঅ’ বাৰ্তাত কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰাক অ’বামাকলৈ যি মন্তব্য কৰিছে সেয়া সাম্প্ৰদায়িক আৰু নিৰ্বোধ মন্তব্য। অ’বামাক এনে মন্তব্যৰ জৰিয়তে অপমান কৰাৰ বাবে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ হৈ অ’বামাৰ ওচৰত ক্ষমা বিচৰা বুলিও গগৈয়ে বাৰ্তাটোত উল্লেখ কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রেণীকোঠাত সংযোজন কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড, প্ৰযুক্তিৰ দিশত দেশৰ ভিতৰতে নতুন খোজ কানৈ মহাবিদ্যালয়ৰ
৪ মাহত দেশত ৯৪০০ হোৱাটছ এপ একাউন্ট নিষিদ্ধ, 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰে জড়িত
আজি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ৫৯৪ কিঃমিঃ দৈৰ্ঘৰ গংগা এক্সপ্ৰেছৱে'
সোণ-ৰূপ নহয়, কইনাৰ ওচৰত 'মাটিৰ চৌকা'ৰ দাবী! উত্তৰ প্ৰদেশৰ বিয়াত দৰাৰ অনন্য চৰ্ত
মায়ং আৰক্ষীৰ বৃহৎ সাফল্য; ড্ৰাগছসহ আটক দুজন সৰবৰাহকাৰী
পাকিস্তানৰ নতুন সংকট: অৰ্থনৈতিক দুৰৱস্থাৰ মাজতে আন এক বিপদৰ সন্মুখীন দেশখন
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ