--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ কন্যা সুচেতনা ভট্টাচাৰ্যই কয় যে তেওঁ লিংগ পৰিৱৰ্তন কৰি অতি সোনকালে পুৰুষ হ’ব। ইয়াৰ বাবে সুচেতনা ভট্টাচাৰ্যই যৌন পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ কৰিবলৈ সাজু হৈছে। ট্ৰেন্সজেণ্ডাৰ পুৰুষ হোৱাৰ পাছত তেওঁ সুচেতন ভট্টাচাৰ্য বুলি পৰিচিত হ’ব।

শেহতীয়াকৈ সুচেতনাই এলজিবিটিকিউ সম্প্ৰদায়ৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিছিল য’ত তেওঁ এই কথা উল্লেখ কৰিছিল। তেওঁ কয়, “মই প্ৰায়ে অপমানিত হৈছো কাৰণ মই নিজকে নাৰী হিচাপে নহয়, পুৰুষ হিচাপেহে চাইছিলো, কিশোৰ বয়সৰ পৰা। মই ভাবো এতিয়া মই এই যুঁজখনৰ বাবে সাজু হৈছো।

সুচেতনা ভট্টাচাৰ্যই কয় যে তেওঁৰ পিতৃ বুদ্ধদেৱ ভট্টাচাৰ্যই তেওঁৰ সিদ্ধান্তক সদায় সমৰ্থন কৰি আহিছে, আনহাতে মাতৃ মীৰাই আপত্তি থাকিলেও ইয়াৰ বিৰোধিতা কৰা নাছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা এলজিবিটিকিউ সন্মিলনত তেওঁ নিজকে সুচেতন, এজন সমাজকৰ্মী আৰু ‘ফ্ৰীলান্স গ্রাফিক ডিজাইনাৰ’ বুলি পৰিচয় দিছিল।

তেওঁ কয় যে অতি সোনকালে তেওঁৰ লিংগ পৰিৱৰ্তনৰ বাবে অস্ত্ৰোপচাৰ কৰা হ’ব। সুচেটনাই কয়, ‘ছ’চিয়েল মিডিয়াত মোক সহায় কৰা সকলোকে মই ধন্যবাদ জনাইছো। মোক সকলোৰে শুভেচ্ছা লাগে।" সুচেতনাই কয় যে চৰকাৰী পৰিচয় পত্ৰত নাম আৰু লিংগ সলনি কৰাৰ আইনী প্ৰক্ৰিয়া অস্ত্ৰোপচাৰৰ পূৰ্বে হ'ব। এই বিষয়ত প্রাক্তন মুখ্যমন্ত্রী ভট্টাচাৰ্য আৰু তেওঁৰ পত্নীৰ কোনো প্রতিক্রিয়া চর্চালৈ অহা নাই৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement