--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ কন্যা সুচেতনা ভট্টাচাৰ্যই কয় যে তেওঁ লিংগ পৰিৱৰ্তন কৰি অতি সোনকালে পুৰুষ হ’ব। ইয়াৰ বাবে সুচেতনা ভট্টাচাৰ্যই যৌন পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ কৰিবলৈ সাজু হৈছে। ট্ৰেন্সজেণ্ডাৰ পুৰুষ হোৱাৰ পাছত তেওঁ সুচেতন ভট্টাচাৰ্য বুলি পৰিচিত হ’ব।

শেহতীয়াকৈ সুচেতনাই এলজিবিটিকিউ সম্প্ৰদায়ৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিছিল য’ত তেওঁ এই কথা উল্লেখ কৰিছিল। তেওঁ কয়, “মই প্ৰায়ে অপমানিত হৈছো কাৰণ মই নিজকে নাৰী হিচাপে নহয়, পুৰুষ হিচাপেহে চাইছিলো, কিশোৰ বয়সৰ পৰা। মই ভাবো এতিয়া মই এই যুঁজখনৰ বাবে সাজু হৈছো।

সুচেতনা ভট্টাচাৰ্যই কয় যে তেওঁৰ পিতৃ বুদ্ধদেৱ ভট্টাচাৰ্যই তেওঁৰ সিদ্ধান্তক সদায় সমৰ্থন কৰি আহিছে, আনহাতে মাতৃ মীৰাই আপত্তি থাকিলেও ইয়াৰ বিৰোধিতা কৰা নাছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা এলজিবিটিকিউ সন্মিলনত তেওঁ নিজকে সুচেতন, এজন সমাজকৰ্মী আৰু ‘ফ্ৰীলান্স গ্রাফিক ডিজাইনাৰ’ বুলি পৰিচয় দিছিল।

তেওঁ কয় যে অতি সোনকালে তেওঁৰ লিংগ পৰিৱৰ্তনৰ বাবে অস্ত্ৰোপচাৰ কৰা হ’ব। সুচেটনাই কয়, ‘ছ’চিয়েল মিডিয়াত মোক সহায় কৰা সকলোকে মই ধন্যবাদ জনাইছো। মোক সকলোৰে শুভেচ্ছা লাগে।" সুচেতনাই কয় যে চৰকাৰী পৰিচয় পত্ৰত নাম আৰু লিংগ সলনি কৰাৰ আইনী প্ৰক্ৰিয়া অস্ত্ৰোপচাৰৰ পূৰ্বে হ'ব। এই বিষয়ত প্রাক্তন মুখ্যমন্ত্রী ভট্টাচাৰ্য আৰু তেওঁৰ পত্নীৰ কোনো প্রতিক্রিয়া চর্চালৈ অহা নাই৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু