--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এখন গঢ়াৰ মন আছিল তেওঁৰ। এখন ভৰা সংসাৰৰ সপোন আছিল তেওঁৰ। কিন্তু সেই সপোন পূৰণ নহ’ল তেওঁৰ। মনে বিচৰা কইনা এগৰাকী বিচাৰি হাবাথুৰি খালে তেওঁ । কিন্তু বিচাৰি নাপালে কইনাজনী। সেয়ে মনৰ দুখতে আত্মহননৰ পথকেই বাচি ল’লে তেওঁ। এই মৰ্মান্তিক ঘটনাটো ঘটিছে কৰ্ণাটকৰ হাভেৰী জিলাত। 

জিলা খনৰ এজন লোকে  কইনা বিচাৰি পোৱাত ব্যৰ্থ হোৱাৰ পিছতে বিহ সেৱন কৰি মৃত্যুবৰণ কৰে।  আৰক্ষীয়ে  প্ৰকাশ কৰা মতে লোকজনৰ নাম  মঞ্জুনাথ নাগানুৰ ।আৰক্ষীয়ে জনোৱা অনুসৰি  ৩৬ বছৰীয়া নাগানুৰে প্ৰায় আঠ বছৰ ধৰি পৰম আশাৰে  কইনা বিচাৰি আছিল। কিন্তু তেওঁৰ প্ৰচেষ্টা নিষ্ফল আছিল, যাৰ ফলত তেওঁ গভীৰ হতাশাৰ চিকাৰ হৈছিল। সেই হতাশাৰ বাবেই তেওঁ আত্মহত্যাৰ পথ বাছি লয়। 

আত্মহত্যাৰ টোকাত নাগানুৰে এইবুলি লিখি থৈ গৈছে যে কইনা বিচাৰি পোৱাত অক্ষম হোৱাৰ বাবে তেওঁৰ মাক-দেউতাক দুখিত হৈ পৰিছিল। নিৰাশা আৰু হতাশাত ভুগি  তেওঁ নিজৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত লৈছে। লোক জনৰ মৃত্যু সন্দৰ্ভত বিয়াদাগী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে