--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এখন গঢ়াৰ মন আছিল তেওঁৰ। এখন ভৰা সংসাৰৰ সপোন আছিল তেওঁৰ। কিন্তু সেই সপোন পূৰণ নহ’ল তেওঁৰ। মনে বিচৰা কইনা এগৰাকী বিচাৰি হাবাথুৰি খালে তেওঁ । কিন্তু বিচাৰি নাপালে কইনাজনী। সেয়ে মনৰ দুখতে আত্মহননৰ পথকেই বাচি ল’লে তেওঁ। এই মৰ্মান্তিক ঘটনাটো ঘটিছে কৰ্ণাটকৰ হাভেৰী জিলাত। 

জিলা খনৰ এজন লোকে  কইনা বিচাৰি পোৱাত ব্যৰ্থ হোৱাৰ পিছতে বিহ সেৱন কৰি মৃত্যুবৰণ কৰে।  আৰক্ষীয়ে  প্ৰকাশ কৰা মতে লোকজনৰ নাম  মঞ্জুনাথ নাগানুৰ ।আৰক্ষীয়ে জনোৱা অনুসৰি  ৩৬ বছৰীয়া নাগানুৰে প্ৰায় আঠ বছৰ ধৰি পৰম আশাৰে  কইনা বিচাৰি আছিল। কিন্তু তেওঁৰ প্ৰচেষ্টা নিষ্ফল আছিল, যাৰ ফলত তেওঁ গভীৰ হতাশাৰ চিকাৰ হৈছিল। সেই হতাশাৰ বাবেই তেওঁ আত্মহত্যাৰ পথ বাছি লয়। 

আত্মহত্যাৰ টোকাত নাগানুৰে এইবুলি লিখি থৈ গৈছে যে কইনা বিচাৰি পোৱাত অক্ষম হোৱাৰ বাবে তেওঁৰ মাক-দেউতাক দুখিত হৈ পৰিছিল। নিৰাশা আৰু হতাশাত ভুগি  তেওঁ নিজৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত লৈছে। লোক জনৰ মৃত্যু সন্দৰ্ভত বিয়াদাগী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু