--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ আজি চলি আছে। বুধবাৰৰ দিনটোত ৫৯খন আসনৰ বাবে কৰা হৈছে ভোটগ্ৰহণ। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন কেইবাটাও কাৰণত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কিয়নো এই পৰ্যায়ত এনে কেইটামান অঞ্চলত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব যিকেইটা বিভিন্ন দিশৰ পৰা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। ইয়াৰ ভিতৰত অন্যতম হৈছে লখিমপুৰ খেৰী। লখিমপুৰ খেৰীৰ নামটো বিগত সময়ছোৱাত ব্যাপকভাৱে চৰ্চিত হৈছিল। ইয়াৰ মূল কাৰণ আছিল দেশজোৰা কৃষক আন্দোলনৰ সময়ত লখিমপুৰ খেৰীত সংঘটিত হৈছিল এটা অতি অবাঞ্চিত ঘটনা। ৰাজপথত প্ৰতিবাদৰত কৃষকক মহতীয়াই নিছিল এজন মন্ত্ৰীপুত্ৰৰ গাড়ীয়ে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰক এই ঘটনাৰ বাবে প্ৰধানকৈ জগৰীয়া কৰা হৈছিল। ৰাজপথত শান্তিপূ্ৰ্ণ প্ৰতিবাদ কৰা ৪ গৰাকীকৈ কৃষক এই ঘটনাত নিহত হৈছিল। তাৰ পৰৱৰ্তী সময়ত হোৱা হিংসাত নিহত হৈছিল আন চাৰিজন লোক। এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আশিস মিশ্ৰক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ শেহতীয়াকৈ জামিন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই ঘটনাউ উত্তৰ প্ৰদেশত বিজেপিক শলঠেকত পেলোৱাটো নিশ্চিত হৈ পৰিছে। সেয়েহে লখিমপুৰ খেৰীৰ দৰে স্পৰ্শকাতৰ অঞ্চলত ভোটগ্ৰহণে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ দেশৰে। ইফালে, গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে বিবেচিচ ৰায়বেৰেলীতো আজি ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰে পাঁচটা সমষ্টিৰ ওপৰতো দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে। উল্লেখ্য যে সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা উত্তৰ প্ৰদেশ বিধানসভাৰ আন কেইটা পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব ক্ৰমে ২৭ ফেব্ৰুৱাৰী, ৩ মাৰ্চ আৰু ৭ মাৰ্চত। ১০ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক