--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ আজি চলি আছে। বুধবাৰৰ দিনটোত ৫৯খন আসনৰ বাবে কৰা হৈছে ভোটগ্ৰহণ। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন কেইবাটাও কাৰণত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কিয়নো এই পৰ্যায়ত এনে কেইটামান অঞ্চলত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব যিকেইটা বিভিন্ন দিশৰ পৰা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। ইয়াৰ ভিতৰত অন্যতম হৈছে লখিমপুৰ খেৰী। লখিমপুৰ খেৰীৰ নামটো বিগত সময়ছোৱাত ব্যাপকভাৱে চৰ্চিত হৈছিল। ইয়াৰ মূল কাৰণ আছিল দেশজোৰা কৃষক আন্দোলনৰ সময়ত লখিমপুৰ খেৰীত সংঘটিত হৈছিল এটা অতি অবাঞ্চিত ঘটনা। ৰাজপথত প্ৰতিবাদৰত কৃষকক মহতীয়াই নিছিল এজন মন্ত্ৰীপুত্ৰৰ গাড়ীয়ে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰক এই ঘটনাৰ বাবে প্ৰধানকৈ জগৰীয়া কৰা হৈছিল। ৰাজপথত শান্তিপূ্ৰ্ণ প্ৰতিবাদ কৰা ৪ গৰাকীকৈ কৃষক এই ঘটনাত নিহত হৈছিল। তাৰ পৰৱৰ্তী সময়ত হোৱা হিংসাত নিহত হৈছিল আন চাৰিজন লোক। এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আশিস মিশ্ৰক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ শেহতীয়াকৈ জামিন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই ঘটনাউ উত্তৰ প্ৰদেশত বিজেপিক শলঠেকত পেলোৱাটো নিশ্চিত হৈ পৰিছে। সেয়েহে লখিমপুৰ খেৰীৰ দৰে স্পৰ্শকাতৰ অঞ্চলত ভোটগ্ৰহণে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ দেশৰে। ইফালে, গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে বিবেচিচ ৰায়বেৰেলীতো আজি ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰে পাঁচটা সমষ্টিৰ ওপৰতো দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে। উল্লেখ্য যে সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা উত্তৰ প্ৰদেশ বিধানসভাৰ আন কেইটা পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব ক্ৰমে ২৭ ফেব্ৰুৱাৰী, ৩ মাৰ্চ আৰু ৭ মাৰ্চত। ১০ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে