--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী ই বিদ্যা আঁচনিৰ অধীনত শিশুসকলক শিক্ষা প্ৰদানৰ বাবে এক নতুন টিভি চেনেল ঘোষণা কৰিছে। যি ব্যৱস্থাই শিশুসকলক এই মহামাৰীৰ সময়ত আটাইতকৈ বেছি প্ৰভাৱিত কৰিব। ইতিমধ্যে ক’ৰোনাৰ কৰাল গ্ৰাসত পৰি ইতিমধ্যে যোৱা দুবছৰে শিশুৱে তেওঁলোকৰ শৈক্ষিক জীৱনৰ বহুতো মূল্যবান সময় হেৰুৱালে। ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ শ্ৰেণীকোঠাত কেৱল ওলমি ৰ’ল তলা । যদিও অনলাইনৰ মাধ্যমেৰে শিক্ষা ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল তথাপিও এই সুবিধাৰ পৰা বহুতো শিক্ষাৰ্থী বঞ্চিত হয়। কেন্দ্ৰই সেই বঞ্চিত শিক্ষাৰ্থীসকলক শিক্ষাৰ পোহৰৰে আলোকিত কৰিবলৈ এক নতুন প্ৰচেষ্টা হাতত লৈছে। কেন্দ্ৰীয় বাজেটত এই নতুন শিক্ষা ব্যৱস্থাৰ ঘোষণা কৰে নিৰ্মলা সীতাৰমণে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ ভাষণ প্ৰদান কৰোতে এই কথা ঘোষণা কৰিছিল। কেইবাটাও টিভি চেনেলৰ জৰিয়তে, ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী ই-বিদ্যা প্ৰকল্পটোৰ অধীনত দেশৰ প্ৰতিটো শ্ৰেণীৰ বাবে বিভিন্ন ভাষাত ২০০ ৰো অধিক টিভি চেনেল স্থাপন কৰা হ’ব। এই চেনেলসমূহে দেশৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন ভাষাৰ শিক্ষাৰ্থীসকলৰ শিক্ষাত যথেষ্ট সহায় কৰিব বুলিও দাবী নিৰ্মলা সীতাৰমণৰ। এই নতুন পদক্ষেপৰ লক্ষ্য হ’ব দূৰৱৰ্তী গাওঁৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ পোহৰ অনা। বিত্ত মন্ত্ৰীয়ে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শিশুসকলৰ বিকাশৰ বাবেও বিশেষ ব্যৱস্থা অনা ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। বাজেট ভাষণ উপস্থাপন কৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, "ক’ৰোনা পৰিস্থিতিৰ বাবে প্ৰায় দুবছৰ ধৰি বিদ্যালয় শিক্ষা বঞ্চিত হৈ আছে। বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকল ইয়াৰ দ্বাৰা অধিক প্ৰভাৱিত হয়। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ লক্ষ্য হৈছে- সকলোৱে যাতে শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এটা টিভি চেনেলৰ জৰিয়তে এই শিক্ষা প্ৰদান কৰা। ইয়াৰ আগতেও, শিক্ষাৰ্থীসকলৰ বাবে দুটা চৰকাৰী চেনেল আছিল, এতিয়া বিত্ত মন্ত্ৰীয়ে চেনেলৰ সংখ্যা প্ৰায় ২০০ লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বাজেট ভাষণত (কেন্দ্ৰীয় বাজেট ২০২২) নিৰ্মলা সীতাৰমণে কয় যে শিক্ষাৰ প্ৰচাৰৰ বাবে আঞ্চলিক ভাষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হব। বিত্ত মন্ত্ৰীয়ে দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক আঞ্চলিক ভাষাত শিক্ষা প্ৰদান কৰাৰ কথাও ক’য়। প্ৰতিখন ৰাজ্যৰ শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিব। আঞ্চলিক ভাষাৰ শিক্ষাৰ্থীসকলকো এই টিভি চেনেলৰ জৰিয়তে শিকোৱা হ'ব। কেন্দ্ৰই উচ্চ শিক্ষাৰ বাবে এখন ডিজিটেল বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিবলৈ পৰিকল্পনা কৰিছে, বাজেটত এই প্ৰস্তাৱ দাঙি ধৰে বিত্তমন্ত্ৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন