--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী ই বিদ্যা আঁচনিৰ অধীনত শিশুসকলক শিক্ষা প্ৰদানৰ বাবে এক নতুন টিভি চেনেল ঘোষণা কৰিছে। যি ব্যৱস্থাই শিশুসকলক এই মহামাৰীৰ সময়ত আটাইতকৈ বেছি প্ৰভাৱিত কৰিব। ইতিমধ্যে ক’ৰোনাৰ কৰাল গ্ৰাসত পৰি ইতিমধ্যে যোৱা দুবছৰে শিশুৱে তেওঁলোকৰ শৈক্ষিক জীৱনৰ বহুতো মূল্যবান সময় হেৰুৱালে। ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ শ্ৰেণীকোঠাত কেৱল ওলমি ৰ’ল তলা । যদিও অনলাইনৰ মাধ্যমেৰে শিক্ষা ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল তথাপিও এই সুবিধাৰ পৰা বহুতো শিক্ষাৰ্থী বঞ্চিত হয়। কেন্দ্ৰই সেই বঞ্চিত শিক্ষাৰ্থীসকলক শিক্ষাৰ পোহৰৰে আলোকিত কৰিবলৈ এক নতুন প্ৰচেষ্টা হাতত লৈছে। কেন্দ্ৰীয় বাজেটত এই নতুন শিক্ষা ব্যৱস্থাৰ ঘোষণা কৰে নিৰ্মলা সীতাৰমণে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ ভাষণ প্ৰদান কৰোতে এই কথা ঘোষণা কৰিছিল। কেইবাটাও টিভি চেনেলৰ জৰিয়তে, ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী ই-বিদ্যা প্ৰকল্পটোৰ অধীনত দেশৰ প্ৰতিটো শ্ৰেণীৰ বাবে বিভিন্ন ভাষাত ২০০ ৰো অধিক টিভি চেনেল স্থাপন কৰা হ’ব। এই চেনেলসমূহে দেশৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন ভাষাৰ শিক্ষাৰ্থীসকলৰ শিক্ষাত যথেষ্ট সহায় কৰিব বুলিও দাবী নিৰ্মলা সীতাৰমণৰ। এই নতুন পদক্ষেপৰ লক্ষ্য হ’ব দূৰৱৰ্তী গাওঁৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ পোহৰ অনা। বিত্ত মন্ত্ৰীয়ে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শিশুসকলৰ বিকাশৰ বাবেও বিশেষ ব্যৱস্থা অনা ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। বাজেট ভাষণ উপস্থাপন কৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, "ক’ৰোনা পৰিস্থিতিৰ বাবে প্ৰায় দুবছৰ ধৰি বিদ্যালয় শিক্ষা বঞ্চিত হৈ আছে। বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকল ইয়াৰ দ্বাৰা অধিক প্ৰভাৱিত হয়। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ লক্ষ্য হৈছে- সকলোৱে যাতে শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এটা টিভি চেনেলৰ জৰিয়তে এই শিক্ষা প্ৰদান কৰা। ইয়াৰ আগতেও, শিক্ষাৰ্থীসকলৰ বাবে দুটা চৰকাৰী চেনেল আছিল, এতিয়া বিত্ত মন্ত্ৰীয়ে চেনেলৰ সংখ্যা প্ৰায় ২০০ লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বাজেট ভাষণত (কেন্দ্ৰীয় বাজেট ২০২২) নিৰ্মলা সীতাৰমণে কয় যে শিক্ষাৰ প্ৰচাৰৰ বাবে আঞ্চলিক ভাষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হব। বিত্ত মন্ত্ৰীয়ে দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক আঞ্চলিক ভাষাত শিক্ষা প্ৰদান কৰাৰ কথাও ক’য়। প্ৰতিখন ৰাজ্যৰ শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিব। আঞ্চলিক ভাষাৰ শিক্ষাৰ্থীসকলকো এই টিভি চেনেলৰ জৰিয়তে শিকোৱা হ'ব। কেন্দ্ৰই উচ্চ শিক্ষাৰ বাবে এখন ডিজিটেল বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিবলৈ পৰিকল্পনা কৰিছে, বাজেটত এই প্ৰস্তাৱ দাঙি ধৰে বিত্তমন্ত্ৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী