ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত কোনো ব্যক্তিৰ মৃত্যু হ’লে পিণ্ডদান, শ্ৰাদ্ধ, তৰ্পণ আদি কৰাৰ পৰম্পৰা আছে। মৃত্যুৰ পাছতো ভোক-পিয়াহ লাগে নেকি? মৃত্যুৰ পিছত মানুহজনৰ লগত কি হয়? শৰীৰটো এৰি দিয়াৰ পিছতো ভোক-পিয়াহ অনুভৱ হয় নেকি? শ্ৰাদ্ধ আৰু তৰ্পণৰ সময়ত খাদ্য-জল অৰ্পণ কৰাৰ পৰম্পৰাৰ আঁৰৰ ৰহস্য কি? এইবোৰ প্ৰশ্ন প্ৰায়ে মানুহৰ মনলৈ আহে। হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ গৰুড় পুৰাণত এনেবোৰ প্ৰশ্নৰ উত্তৰ আছে। এই প্ৰশ্নবোৰৰ উত্তৰ স্বয়ং ভগৱান বিষ্ণুৱে নিজৰ বাহন গৰুড়ক দিছিল।
গৰুড় পুৰাণত বৰ্ণিত ভোক-পিয়াহৰ কাৰণ
গৰুড় পুৰাণ অনুসৰি ব্যক্তিৰ মৃত্যুৰ পিছত জীৱটোৱে নিজৰ শৰীৰ এৰি যমমাৰ্গৰ কঠিন যাত্ৰাত ওলাই আহোঁতে ভোক-পিয়াহ অনুভৱ কৰে। এই যাত্ৰা সম্পূৰ্ণ কৰিবলৈ আত্মাৰ শক্তিৰ প্ৰয়োজন হয়, যিটো পৰিয়ালৰ লোকে কৰা পিণ্ডদানৰ পৰা লাভ কৰে। সেইবাবেই মৃত্যুৰ পিছত ১০ দিনলৈ দিয়া পিণ্ডই আত্মাক যমলোকলৈ যোৱাৰ দীঘলীয়া ৰাস্তা পাৰ হ’বলৈ শক্তি দিয়ে। সেইবাবেই মৃত্যুৰ পিছত ১৩ দিনলৈকে দৈনিক এই অনুষ্ঠানসমূহ পৰিয়ালৰ লোকে পালন কৰে।
গৰুড় পুৰাণ অনুসৰি ১৩ দিনৰ পিছতো পৰলোকলৈ যোৱা পিতৃপুৰুষসকলৰ তৃপ্তিৰ প্ৰয়োজন হয়, সেইবাবেই পিতৃপক্ষত পৰিয়ালৰ লোকে মৃতকৰ আত্মাৰ শান্তিৰ বাবে তৰ্পণ, শ্ৰাদ্ধ আৰু পিণ্ডদান কৰে। গৰুড় পুৰাণ অনুসৰি এই অনুষ্ঠানসমূহ পিতৃপুৰুষৰ আত্মাৰ শান্তিৰ লগতে তেওঁলোকৰ ঋণ পৰিশোধ কৰিবলৈ আৰু তেওঁলোকৰ পৰৱৰ্তী যাত্ৰা সহজ কৰিবলৈ কৰা হয়।
কি এই শ্ৰাদ্ধ, তৰ্পণ আৰু পিণ্ডদান?
শ্ৰাদ্ধ: ‘শ্ৰাদ্ধ’ শব্দটো ‘শ্ৰদ্ধা’ৰ পৰা উদ্ভৱ হৈছে, ইয়াৰ অৰ্থ হ’ল নিজৰ পূৰ্বপুৰুষৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা। গৰুড় পুৰুষৰ বৰ্ণনা অনুসৰি শ্ৰাদ্ধৰ জৰিয়তে পিতৃপুৰুষৰ বাবে দিয়া খাদ্য বা অন্নই সূক্ষ্ম ৰূপত গোটেই বছৰটো পূৰ্বপুৰুষক তৃপ্ত কৰি ৰাখে। যিটোৱে তেওঁলোকক সুখী কৰি পৰিয়ালটোক সুখ, শান্তি, সমৃদ্ধি আৰু বংশবৃদ্ধিৰ আশীৰ্বাদ দিয়ে।
তৰ্পণ: তৰ্পণো পিতৃপুৰুষৰ তৃপ্তিৰ বাবে কৰা হয়। কুশ, ক’লা তিল আৰু যৱ হাতত লৈ জলৰ সৈতে পিতৃপুৰুষক অৰ্পণ কৰা হয়। গৰুড় পুৰাণ অনুসৰি এই ধৰণে অৰ্পণ কৰা জলে পিতৃপুৰুষৰ পিয়াহ দূৰ কৰে।
পিণ্ডদান: গয়া, হৰিদ্বাৰ, প্ৰয়াগ আদি তীৰ্থস্থানলৈ গৈ আত্মাৰ মুক্তি লাভ বা পৰৱৰ্তী যাত্ৰা সহজ কৰিবলৈ পিণ্ডদান কৰা হয়। যাতে মৃত আত্মা ভৌতিক বান্ধোন আৰু মোহৰ পৰা মুক্ত হ’ব পাৰে। অনেক ঠাইত এনে বিশ্বাস আছে যে যিজন পূৰ্বপুৰুষ বা মৃতকৰ পিণ্ডদান কৰা হয়, তেওঁৰ শ্ৰাদ্ধ আৰু তৰ্পণ কৰাৰ প্ৰয়োজনীয়তা নাথাকে।