--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধৰ্মঘটৰ সময়ছোৱাত জৰুৰী সেৱাসমূহ আগবঢ়োৱাৰ বাবে বেংকে চেষ্টা কৰিব, কিন্তু গ্রাহকসকলে ধৰ্মঘটৰ আগতেই নিজৰ জৰুৰী কামসমূহ সম্পন্ন কৰি ল'ব লাগে।

ডিজিটেল ডেস্ক: ইউনাইটেড ফৰাম অব্ বেংক ইউনিয়নে অহা ২৮, ২৯ আৰু ৩০ ছেপ্তেম্বৰত তিনিদিনীয়া বেংক ধৰ্মঘটৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে ২৬ ছেপ্টেম্বৰত চতুৰ্থ শনিবাৰ আৰু ২৭ ছেপ্টেম্বৰ দেওবাৰ বাবে দুদিন বেংক বন্ধ থাকিব। ইয়াৰ পাছত তিনিদিনীয়া বেংক ধর্মঘট। ফলত দেশৰ বেংকসমূহ পাঁচ দিন বন্ধ হৈ থাকিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ষ্টেট বেংকে (এছ বি আই) নিজৰ গ্ৰাহকসকলক সোমবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত জৰুৰী কামসমূহ সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়ে। 


এছ বি আয়ে সামাজিক মাধ্যমত নিজৰ গ্ৰাহকসকলৰ প্ৰতি এই আহ্বান জনাইছে। এছ বি আয়ে সামাজিক মাধ্যমত জনায় যে ইউনাইটেড ফৰাম অব্ বেংক ইউনিয়নে ২৮-৩০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া বেংক ধৰ্মঘটৰ আহ্বান জনাইছে। ইয়াৰ লগতে কোৱা হৈছে যে ধৰ্মঘটৰ সময়ছোৱাত জৰুৰী সেৱাসমূহ আগবঢ়োৱাৰ বাবে বেংকে চেষ্টা কৰিব, কিন্তু গ্রাহকসকলে ধৰ্মঘটৰ আগতেই নিজৰ জৰুৰী কামসমূহ সম্পন্ন কৰি ল'ব লাগে। 


উল্লেখযোগ্য যে দুদিন বন্ধ আৰু তিনিদিনীয়া ধৰ্মঘটৰ পাছত বেংকসমূহ পুনৰ বৃহস্পতিবাৰে অৰ্থাৎ ১ অক্টোবৰত খোলা হ'ব। ইয়াৰ পাছত ২ অক্টোবৰত গান্ধী জয়ন্তীৰ বাবে পুনৰ বেংক বন্ধ থাকিব। চাৰি অক্টোবৰ দেওবাৰ হোৱাৰ বাবে পুনৰ বেংক বন্ধ থাকিব। আন কথাত ২৬ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ ৯ দিনৰ মাত্র দুদিনহে বেংক খোলা থাকিব। ইফালে, ২৮ ছেপ্টেম্বৰৰ পৰা প্ৰস্তাৱিত তিনিদিনীয়া ধৰ্মঘটৰ আগতে ইয়াৰ বাবে প্রস্তুতি তথা আকস্মিক আচনিসমূহৰ সমীক্ষাৰ বাবে বিত্ত মন্ত্র্যালয়ে আজি ৰাজহুৱা খণ্ডৰ বেংক, আঞ্চলিক গ্রামীণ বেংক, ভাৰতীয় বেংক সন্থা (আই বি এ) আৰু নাবাৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ এখন জৰুৰী বৈঠক আহ্বান কৰিছে। 


বিত্তীয় সেৱা বিভাগৰ সচিবৰ পৌৰোহিত্যত অনুষ্ঠিত হ'বলগীয় বৈঠকত ধৰ্মঘটৰ সময়ত বেংকিং সেৱা অব্যাহত ৰখা আৰু গ্ৰাহকক জৰুৰী সেৱাসমূহ আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে ইউনিয়নে পাঁচদিনীয়া বেংকিং সপ্তাহকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত এই ধৰ্মঘটৰ আহ্বান জনাইছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি