--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা ১১ বজাত সংসদত নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিল কৰে। বাজেটখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্তৰ-পূবৰ উন্নয়নৰ বাবে উত্থাপন কৰিছে কেইবাখনো বিশেষ আঁচনি৷ উত্তৰ-পূৰ্বৰ বিকাশৰ বাবে ১৫০০ কোটি টকাৰ পেকেজ ধাৰ্য কৰে এই বাজেটত। উল্লেখ্য যে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বাজেটত আফগানিস্তানক সাহায্য হিচাপে প্ৰদান কৰিবলৈ ২০০ কোটি টকা আৱণ্টন কৰা হৈছে। আফগানিস্তান এতিয়া সম্পূৰ্ণ ৰূপে বিধ্বস্ত এখন দেশ। যোৱা বছৰ আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা একেবাৰে নোহোৱা হৈ পৰিছে। এতিয়া যেন আফগানিস্তানৰ লোকসকলে দুবেলা-দুমুঠি খাবৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে। পৰিস্থিতিয়ে এনে পৰ্যায় পাইছে যে, আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ সাধাৰণ নাগৰিকে দুবেলা-দুমুঠি খাবৰ বাবেও আৰ্তনাদ কৰিব লগা হৈছে। দৰিদ্ৰতা আৰু অনাহাৰত ভুগি থকা বহুতো আফগানী লোকে তেওঁলোকৰ সন্তানক বাধ্য হৈ বিক্ৰীও কৰিছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে আফগানিস্তানৰ বহু লোকে নিজৰ কিডনী পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে। এই দেশখনক সহায় কৰাৰ উদ্দেশ্যৰে ভাৰতীয় বিত্তীয় বাজেট ২০২২ত আফগানিস্তানৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰা হৈছে। ২০০১ চনৰ পৰা ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত মানৱীয় ভিত্তিত আফগানিস্তানক আটাইতকৈ বেছি সহায় কৰি আহিছে। এই মাহত ভাৰতীয় ঘেঁহুও আফগানিস্তানে লাভ কৰিব। যোৱা বছৰৰ তুলনাত সহায়ৰ পৰিমাণ এইবাৰ হ্ৰাস কৰা হৈছে। যোৱা বছৰ ভাৰতে আফগানিস্তানক ৩৫০ কোটি টকাৰ সাহায্য আগবঢ়াইছিল। আৰু পঢ়কঃ প্ৰথম অসমীয়া; ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ ৰাণা প্ৰতাপ কলিতাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা