--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা ১১ বজাত সংসদত নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিল কৰে। বাজেটখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্তৰ-পূবৰ উন্নয়নৰ বাবে উত্থাপন কৰিছে কেইবাখনো বিশেষ আঁচনি৷ উত্তৰ-পূৰ্বৰ বিকাশৰ বাবে ১৫০০ কোটি টকাৰ পেকেজ ধাৰ্য কৰে এই বাজেটত। উল্লেখ্য যে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বাজেটত আফগানিস্তানক সাহায্য হিচাপে প্ৰদান কৰিবলৈ ২০০ কোটি টকা আৱণ্টন কৰা হৈছে। আফগানিস্তান এতিয়া সম্পূৰ্ণ ৰূপে বিধ্বস্ত এখন দেশ। যোৱা বছৰ আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা একেবাৰে নোহোৱা হৈ পৰিছে। এতিয়া যেন আফগানিস্তানৰ লোকসকলে দুবেলা-দুমুঠি খাবৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে। পৰিস্থিতিয়ে এনে পৰ্যায় পাইছে যে, আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ সাধাৰণ নাগৰিকে দুবেলা-দুমুঠি খাবৰ বাবেও আৰ্তনাদ কৰিব লগা হৈছে। দৰিদ্ৰতা আৰু অনাহাৰত ভুগি থকা বহুতো আফগানী লোকে তেওঁলোকৰ সন্তানক বাধ্য হৈ বিক্ৰীও কৰিছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে আফগানিস্তানৰ বহু লোকে নিজৰ কিডনী পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে। এই দেশখনক সহায় কৰাৰ উদ্দেশ্যৰে ভাৰতীয় বিত্তীয় বাজেট ২০২২ত আফগানিস্তানৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰা হৈছে। ২০০১ চনৰ পৰা ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত মানৱীয় ভিত্তিত আফগানিস্তানক আটাইতকৈ বেছি সহায় কৰি আহিছে। এই মাহত ভাৰতীয় ঘেঁহুও আফগানিস্তানে লাভ কৰিব। যোৱা বছৰৰ তুলনাত সহায়ৰ পৰিমাণ এইবাৰ হ্ৰাস কৰা হৈছে। যোৱা বছৰ ভাৰতে আফগানিস্তানক ৩৫০ কোটি টকাৰ সাহায্য আগবঢ়াইছিল। আৰু পঢ়কঃ প্ৰথম অসমীয়া; ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ ৰাণা প্ৰতাপ কলিতাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন