--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সৰুপেটাৰ পৰা দুখন চাইকেলত তিনিজন কিশোৰে ফুটবল খেলাৰ উদ্দেশ্যে নৰসিংহবাৰীলৈ আহিছিল। পিছত কিশোৰ তিনিজনৰ দুজন পল্লা নৈত গা ধুবলৈ নামে।

ডিজিটেল ডেস্ক: বাক্সাৰ শালবাৰীৰ নৰসিংহবাৰীত অঘটন। পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ, খেলিবলৈ আহি গা ধুবলৈ নামিছিল নৈত।


নিহত কিশোৰ দুজন বজালীৰ সৰুপেটাৰ দিগন্ত কলিতা আৰু মুন দাস বুলি জানিব পৰা গৈছে। 


জানিব পৰা মতে, সৰুপেটাৰ পৰা দুখন চাইকেলত তিনিজন কিশোৰে ফুটবল খেলাৰ উদ্দেশ্যে নৰসিংহবাৰীলৈ আহিছিল। পিছত কিশোৰ তিনিজনৰ দুজন পল্লা নৈত গা ধুবলৈ নামে। কিছু সময়ৰ পাছত পানীত নিখোজ হৈ পৰে কিশোৰদ্বয়।


ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই পানীৰ পৰা কিশোৰ দুজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।


ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।


ঘটনাস্থলীত শালবাৰী মহকুমা আৰক্ষী বিষয়া, শালবাৰী থানাৰ আৰক্ষী বিষয়া,আনন্দ বজাৰ উপ-আৰক্ষী চকীৰ বিষয়া আৰু গোৱৰ্দ্ধনা আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।


ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন