--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইচ্ছামৃত্যু বিচাৰিলে  পুলৱামাত নিহত ৩ চিআৰপিএফ জোৱানৰ বিধৱা পত্নীয়ে! কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিছে যদিও এয়াই সঁচা। বিজেপি সাংসদ কিৰোৰী মীনাই যোৱা কেইবাদিনো  ধৰি শ্বহীদসকলৰ পৰিয়ালৰ সৈতে ৰাজস্থানত ধৰ্ণাত বহি আছে। বিজেপি সাংসদজনে ৰাজভৱনলৈ গৈ  মৃত জোৱানসকলৰ বিধৱা পত্নীসকলৰ  সৈতে ৰাজ্যপালক এখন স্মাৰকপত্ৰওপ্ৰদান কৰিছে।

 ৰাজভৱনৰ পৰা মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ফালে যাবলৈ আৰম্ভ কৰাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক বাধা  প্ৰদান কৰে।  উল্লেখ্য ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা  পুলৱামাত চিআৰপিএফ জোৱান কঢ়িয়াই নিয়া বাহনত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভয়ংকৰ  আক্ৰমণত সংঘটিত কৰিছিল। এই আক্ৰমণত ৪০ জন চিআৰপিএফৰ জোৱান নিহত হৈছিল। সেই জঘন্য ঘটনাৰ চাৰি বছৰ পাৰ হৈ গ'ল।  আক্ৰমণত নিহত তিনিজন চিআৰপিএফ জোৱানৰ বিধৱা প্তনীসকলে অভিযোগ কৰিছে যে চৰকাৰে পুলৱামা কাণ্ড সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। 

সেয়ে  তেওঁলোকে  ইচ্ছামৃত্যুৰ অনুমতি বিচাৰিছে। তিনিওগৰাকী বিধৱাই ৰাজস্থানৰ বাসিন্দা। তেওঁলোকে অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি বোৰ পূৰণ কৰা নাই। সেয়ে এই তিনি জোৱানৰ বিধৱাসকলে ৰাজ্যপাল কালৰাজ মিশ্ৰৰ ওচৰত  ইচ্ছামৃত্যু বিচাৰি অনুমতি বিচাৰিছে। বিজেপিৰ ৰাজ্যসভাৰ সদস্য কিৰোৰী মীনাই শনিবাৰে এই দাবী কৰিছে।মীনাই কয়  "শনিবাৰে মই ৰাজভৱনলৈ গৈ তিনিজন শ্বহীদৰ বিধৱাপত্নীসকলৰ সৈতে ৰাজ্যপাল কালৰাজ মিশ্ৰক এখন স্মাৰকপত্ৰ দাখিল কৰিছিলো। স্মাৰকপত্ৰ দাখিল কৰাৰ পিছত যেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰীক লগ কৰিবলৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছিল তেওঁলোকক আৰক্ষীয়ে প্ৰহাৰ কৰিছিল। ঘটনাটোত মঞ্জু জাট নামৰ এগৰাকী বিধৱা মহিলা আঘাতপ্ৰাপ্ত হৈছে । তেওঁক এছএমএছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। '

ইফালে, মহিলাসকলে প্ৰশ্ন কৰিছে যে  তেওঁলোকক এনেদৰে কিয় মাৰপিট কৰা হ’ল? তেওঁলোকে তেওঁলোকৰ দাবী মুখ্যমন্ত্ৰীক জনাবলৈহে তালৈ গৈছিল।ইফালে ৰাজস্থানৰ  সৈনিক কল্যাণ মন্ত্ৰী ৰাজেন্দ্ৰ সিঙে ঘটনাটোৰ পিছত শ্বহীদ সৈনিকসকলৰ বিধৱা পত্নীসকলক সাক্ষাৎ কৰে।অৱশ্যে  তেওঁ প্ৰতিশ্ৰুতি পূৰণৰ বিষয়ত একো আশ্বাস দিয়া নাই। শ্বহীদ ৰহিতাছ লাম্বাৰ পত্নী মঞ্জুৱে কয়, "মোৰ স্বামী দেশৰ বাবে শ্বহীদ হৈছে। মই ভাবিছিলো যে আমি আমাৰ ল'ৰা-ছোৱালীক দেশৰ বাবে যুঁজিবলৈ পঠিয়াম। কিন্তু নোৱাৰিলো । চৰকাৰে আমাৰ কথা নাভাবে।  '








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু