--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইচ্ছামৃত্যু বিচাৰিলে  পুলৱামাত নিহত ৩ চিআৰপিএফ জোৱানৰ বিধৱা পত্নীয়ে! কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিছে যদিও এয়াই সঁচা। বিজেপি সাংসদ কিৰোৰী মীনাই যোৱা কেইবাদিনো  ধৰি শ্বহীদসকলৰ পৰিয়ালৰ সৈতে ৰাজস্থানত ধৰ্ণাত বহি আছে। বিজেপি সাংসদজনে ৰাজভৱনলৈ গৈ  মৃত জোৱানসকলৰ বিধৱা পত্নীসকলৰ  সৈতে ৰাজ্যপালক এখন স্মাৰকপত্ৰওপ্ৰদান কৰিছে।

 ৰাজভৱনৰ পৰা মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ফালে যাবলৈ আৰম্ভ কৰাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক বাধা  প্ৰদান কৰে।  উল্লেখ্য ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা  পুলৱামাত চিআৰপিএফ জোৱান কঢ়িয়াই নিয়া বাহনত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভয়ংকৰ  আক্ৰমণত সংঘটিত কৰিছিল। এই আক্ৰমণত ৪০ জন চিআৰপিএফৰ জোৱান নিহত হৈছিল। সেই জঘন্য ঘটনাৰ চাৰি বছৰ পাৰ হৈ গ'ল।  আক্ৰমণত নিহত তিনিজন চিআৰপিএফ জোৱানৰ বিধৱা প্তনীসকলে অভিযোগ কৰিছে যে চৰকাৰে পুলৱামা কাণ্ড সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। 

সেয়ে  তেওঁলোকে  ইচ্ছামৃত্যুৰ অনুমতি বিচাৰিছে। তিনিওগৰাকী বিধৱাই ৰাজস্থানৰ বাসিন্দা। তেওঁলোকে অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি বোৰ পূৰণ কৰা নাই। সেয়ে এই তিনি জোৱানৰ বিধৱাসকলে ৰাজ্যপাল কালৰাজ মিশ্ৰৰ ওচৰত  ইচ্ছামৃত্যু বিচাৰি অনুমতি বিচাৰিছে। বিজেপিৰ ৰাজ্যসভাৰ সদস্য কিৰোৰী মীনাই শনিবাৰে এই দাবী কৰিছে।মীনাই কয়  "শনিবাৰে মই ৰাজভৱনলৈ গৈ তিনিজন শ্বহীদৰ বিধৱাপত্নীসকলৰ সৈতে ৰাজ্যপাল কালৰাজ মিশ্ৰক এখন স্মাৰকপত্ৰ দাখিল কৰিছিলো। স্মাৰকপত্ৰ দাখিল কৰাৰ পিছত যেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰীক লগ কৰিবলৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছিল তেওঁলোকক আৰক্ষীয়ে প্ৰহাৰ কৰিছিল। ঘটনাটোত মঞ্জু জাট নামৰ এগৰাকী বিধৱা মহিলা আঘাতপ্ৰাপ্ত হৈছে । তেওঁক এছএমএছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। '

ইফালে, মহিলাসকলে প্ৰশ্ন কৰিছে যে  তেওঁলোকক এনেদৰে কিয় মাৰপিট কৰা হ’ল? তেওঁলোকে তেওঁলোকৰ দাবী মুখ্যমন্ত্ৰীক জনাবলৈহে তালৈ গৈছিল।ইফালে ৰাজস্থানৰ  সৈনিক কল্যাণ মন্ত্ৰী ৰাজেন্দ্ৰ সিঙে ঘটনাটোৰ পিছত শ্বহীদ সৈনিকসকলৰ বিধৱা পত্নীসকলক সাক্ষাৎ কৰে।অৱশ্যে  তেওঁ প্ৰতিশ্ৰুতি পূৰণৰ বিষয়ত একো আশ্বাস দিয়া নাই। শ্বহীদ ৰহিতাছ লাম্বাৰ পত্নী মঞ্জুৱে কয়, "মোৰ স্বামী দেশৰ বাবে শ্বহীদ হৈছে। মই ভাবিছিলো যে আমি আমাৰ ল'ৰা-ছোৱালীক দেশৰ বাবে যুঁজিবলৈ পঠিয়াম। কিন্তু নোৱাৰিলো । চৰকাৰে আমাৰ কথা নাভাবে।  '








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক