--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাগুনৰ হাত ধৰি ধৰাত ফুলি উঠিছে শিমলু, পলাশ। পলাশৰ ৰং ৰঙা । কিন্তু পলাশৰ ৰং যদি বগা হয় তেন্তে সেয়া   হয়তো আচৰিত হোৱাৰ কথাই। হয়, বগা পলাশেই ফুলে দেশৰ এক বিশেষ স্থানত। ঠাই খন হৈছে পশ্চিমবংগৰ পুৰুলিয়া।পুৰলিয়াত এতিয়া গছ ভৰি ফুলিছে বগা পলাশ।  বগা পলাশক লৈ এতিয়া বিখ্যাত হৈ পৰিছে পুৰুলিয়া। 

বহুতে কৈছে যে  বগা পলাশ তেনেই বিৰল।  বগা পলাশ ফুলা গছজোপা  পুৰুলিয়াৰ হুৰাৰ এখন গাঁৱত পোৱা গৈছে। প্ৰথমে স্থানীয় লোকসকলৰ কোনেও বিষয়টোক গুৰুত্ব দিয়া নাছিল। আনকি যিগৰাকী লোকৰ মাটিত গছ জোপা আছে তেঁৱো  বিষয়টোকলৈ মূৰ ঘমোৱা নাছিল।কিন্তু বহি প্ৰকৃতিপ্ৰেমীয়ে যেতিয়া বগা পলাশৰ গুৰুত্বৰ বিশয়ে ক’লে তেতিয়াহে তেওঁ ইয়াৰ প্ৰকৃত মূল্য বুজি পালে।  লগে লগে বগা পলাশ ফুলা গছজোপাৰ  মূল্য প্ৰায় ৮০  লাখ টকালৈ বৃদ্ধি পাইছে। কলকাতাৰ এজন লোকে গঠ জোপা ক্ৰয় কৰিবলৈ ওলাইছে।


পৰ্যটকসকলে এতিয়া সেই বগা পলাশ   চাবলৈ পুৰুলিয়া গাঁৱত ভিৰ কৰিছে। উদ্যান পালন বিভাগেও বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে। গছজোপা জীয়াই ৰখাৰ চেষ্টা কৰা হৈছে। এই গছৰ পৰা পুলি তৈয়াৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা  হৈছে। কোনোবাই গছজোপাৰ ক্ষতি কৰিলে ১০,০০০ টকাৰ জৰমনা বিহা হ’ব বুলি ঘোষণা কৰা হৈছে।  

পুৰুলিয়াৰ উদ্যানশস্যৰ উপ-সঞ্চালক ড০ সমৰেন্দ্ৰনাথ খাৰাই কয়, "বগা পলাশ বিৰল। হুৰা গাঁৱত এজোপা  গছ আছে। সেই গছজোপা জীয়াই ৰাখিব লাগিব। বিষয়টো উদ্যান পালন বিভাগক জনোৱা হৈছে। বন বিভাগ আৰু উদ্যান পালন বিভাগে বীজৰ অংকুৰণ বা অন্যান্য পদক্ষেপ গ্ৰহণ কৰি গছৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে।’’

কেইবা বছৰ ধৰি, এই গছত বগা পলাশ ফুলি আহিছে। কিন্তু গাওঁখনৰ কোনেও  নাজানিছিল যে এই গছ বিৰল আৰু মূল্যৱান। গছজোপা ব্যক্তিগত মালিকানাধীন ভূমিত আছে। এই বগা পলাশ গছৰ গৰাকী স্বপ্ন কুমাৰ মহাতোৱে কয়, " আমি নাজানিছিলো যে বগা পলাশ গছ ইমান মূল্যৱান আৰু বিৰল। আগতে, আমি ইয়াৰ ডাল আদি  খৰি হিচাবে  ব্যৱহাৰ কৰিছিলো। বহুলোকে এই গছৰ লীজ ল'বলৈ আমাৰ সৈতে যোগাযোগ কৰিছে। 

কলকাতাৰ এটা দলে কৈছে যে ৮০ লাখ টকা দিব। কিন্তু আমি এতিয়াও লীজত দিবলৈ  সন্মত হোৱা নাই। মই এই গছজোপা সংৰক্ষণ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম। কিন্তু প্ৰশাসন আৰু চৰকাৰ আগবাঢ়ি আহিলে ভাল। উদ্যান পালন বিভাগৰ বিষয়াজনে গাওঁখন ভ্ৰমণ কৰাৰ পিছত আমি সাহস পাইছো। " কিন্তু বগা পলাশ কিয় ইমান মূল্যৱান? 

এই বগা পলাশৰ পৰা বন্ধ্যাত্ব দূৰ কৰিব পৰা দৰব, যৌন শক্তি বৃদ্ধি কৰিবলৈ দৰব প্ৰস্তুত কৰা হয়। সেইকাৰণে এই পলাশ গছ  ইমান মূল্যৱান। এই উদ্ভিদৰ ৰসত গেলিক আৰু টেনিক এচিড থাকে। দুৰাৰোগ্য ৰোগো এই  গছৰ ৰসৰ পৰা আৰোগ্য হয় বুলি কোৱা হয়। আনকি কৰ্কট ৰোগ দূৰ কৰিবলৈও বগা পলাশ গছক লৈ  গৱেষণা চলি আছে। শৰীৰৰ ৰূপ - লাৱণ্য ধৰি ৰখাত এই গছ উপকাৰী। এই গছৰ কুমলীয়া পাতৰ ৰস মাত্ৰ ৬-৭  চাহ চামুচ পানীৰ সৈতে মিহলি কৰি খালে   সৌন্দৰ্যলৈ বৃদ্ধি পায় বুলিও বহুতে কৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক