--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু হিন্দু দম্পতীয়ে মন্দিৰত বিবাহপাশত আবদ্ধ হয়। কিন্তু কোনো হিন্দু দেৱতাৰ উপাসনাস্থলীত মুছলমান দম্পতীৰ বিয়া হোৱাটো সততে দেখা নাযায়। তেনে এক সমন্বয়ৰ ছবি এইবাৰ হিমাচল প্ৰদেশত দেখা গৈছে।

দেওবাৰে ইছলামিক ৰীতি-নীতি অনুসৰি শিমলাৰ ৰামপুৰৰ এটা হিন্দু মন্দিৰত বিবাহপাশত আবদ্ধ হয় এহাল দম্পতি। ঠাকুৰ সত্যনাৰায়ণ মন্দিৰত দুয়োটা ধৰ্মৰ লোকে দম্পতীহালৰ বিয়াত অংশগ্ৰহণ কৰে। সেই মন্দিৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব বিশ্ব হিন্দু পৰিষদৰ। বিয়াখনত মৌলাৱী, উকীলসকলো উপস্থিত আছিল।

মুছলমান দম্পতীহালৰ পৰিয়ালে জনোৱা মতে, মন্দিৰত সম্প্ৰীতিৰ বাৰ্তা দিবলৈ এই বিবাহৰ আয়োজন কৰা হৈছে। কইনাৰ পিতৃ মহেন্দ্ৰ সিং মালিকে কয়, "ছোৱালীজনীৰ বিয়া হৈছিল ৰামপুৰৰ সত্যনাৰায়ণ মন্দিৰ চৌহদত। চহৰৰ সকলো শ্ৰেণীৰ লোক আগবাঢ়ি আহিছে বিয়াৰ আয়োজন কৰিবলৈ। বিশ্ব হিন্দু পৰিষদ, মন্দিৰ ন্যাসেও অগ্ৰণী ভূমিকা পালন কৰিছে।''

এই বিবাহৰ জৰিয়তে ৰামপুৰৰ বাসিন্দাসকলে সমাজত সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে বুলিও তেওঁ কয়। মহেন্দ্ৰই কয় যে তেওঁৰ কন্যা আৰু জোঁৱাই চিভিল ইঞ্জিনিয়াৰ।

মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক বিনয় শৰ্মাই সংবাদ সংস্থা এএনআইক জনাইছে যে- ''মন্দিৰটো বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা পৰিচালিত। ইয়াত RSS ৰ জিলা কাৰ্যালয়ো আছে। বিশ্ব হিন্দু পৰিষদ আৰু আৰ এছ এছক ‘মুছলমান বিৰোধী’ বুলি কোৱা হয়। কিন্তু এহাল মুছলমান দম্পতীয়ে হিন্দু মন্দিৰত বিয়া পাতিছে। এইটো এটা উদাহৰণ।''







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক