--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু হিন্দু দম্পতীয়ে মন্দিৰত বিবাহপাশত আবদ্ধ হয়। কিন্তু কোনো হিন্দু দেৱতাৰ উপাসনাস্থলীত মুছলমান দম্পতীৰ বিয়া হোৱাটো সততে দেখা নাযায়। তেনে এক সমন্বয়ৰ ছবি এইবাৰ হিমাচল প্ৰদেশত দেখা গৈছে।

দেওবাৰে ইছলামিক ৰীতি-নীতি অনুসৰি শিমলাৰ ৰামপুৰৰ এটা হিন্দু মন্দিৰত বিবাহপাশত আবদ্ধ হয় এহাল দম্পতি। ঠাকুৰ সত্যনাৰায়ণ মন্দিৰত দুয়োটা ধৰ্মৰ লোকে দম্পতীহালৰ বিয়াত অংশগ্ৰহণ কৰে। সেই মন্দিৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব বিশ্ব হিন্দু পৰিষদৰ। বিয়াখনত মৌলাৱী, উকীলসকলো উপস্থিত আছিল।

মুছলমান দম্পতীহালৰ পৰিয়ালে জনোৱা মতে, মন্দিৰত সম্প্ৰীতিৰ বাৰ্তা দিবলৈ এই বিবাহৰ আয়োজন কৰা হৈছে। কইনাৰ পিতৃ মহেন্দ্ৰ সিং মালিকে কয়, "ছোৱালীজনীৰ বিয়া হৈছিল ৰামপুৰৰ সত্যনাৰায়ণ মন্দিৰ চৌহদত। চহৰৰ সকলো শ্ৰেণীৰ লোক আগবাঢ়ি আহিছে বিয়াৰ আয়োজন কৰিবলৈ। বিশ্ব হিন্দু পৰিষদ, মন্দিৰ ন্যাসেও অগ্ৰণী ভূমিকা পালন কৰিছে।''

এই বিবাহৰ জৰিয়তে ৰামপুৰৰ বাসিন্দাসকলে সমাজত সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে বুলিও তেওঁ কয়। মহেন্দ্ৰই কয় যে তেওঁৰ কন্যা আৰু জোঁৱাই চিভিল ইঞ্জিনিয়াৰ।

মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক বিনয় শৰ্মাই সংবাদ সংস্থা এএনআইক জনাইছে যে- ''মন্দিৰটো বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা পৰিচালিত। ইয়াত RSS ৰ জিলা কাৰ্যালয়ো আছে। বিশ্ব হিন্দু পৰিষদ আৰু আৰ এছ এছক ‘মুছলমান বিৰোধী’ বুলি কোৱা হয়। কিন্তু এহাল মুছলমান দম্পতীয়ে হিন্দু মন্দিৰত বিয়া পাতিছে। এইটো এটা উদাহৰণ।''







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু