--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ আৰু গৌৰী খানৰ কন্যা সুহানা খানে নীলা-সেউজীয়া সাগৰৰ সিপাৰে বহি দূৰ দিগন্তলৈ চাই আছে। গাখীৰৰ দৰে বগা বিকিনি পিন্ধি ৰ’দত জিৰাইছে সুহানাই। সেই ছবিখন দুপৰীয়াৰ পৰা নেট জগতত ভাইৰেল হৈ আছিল। চুহানাক চুটি পোছাকত পিছফালৰ পৰা দেখি অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছিল।

কিন্তু সুহানাক লৈ বিৰূপ মন্তব্যও কৰিব ধৰিলে অনেকে। কোনো কোনোৱে মন্তব্য কৰিলে- “ইছলামত এনেধৰণৰ সাজ-পোছাক নিষিদ্ধ!” আন কোনোবাই লিখিছে- "সুহানাও দাদা আৰিয়ানৰ দৰেই বিপথে পৰিচালিত হ'ল।"

কিন্তু ভুলটো ভাঙিবলৈ কাৰো বেছি সময় নালাগিল। ভাইৰেল ছবিখন আচলতে সুহানাৰ নহয়, দক্ষিণৰ অভিনেত্ৰী শনৱী শ্ৰীবাস্তৱৰহে। ‘মাষ্টাৰপিছ’, ‘মুফতি’ৰ দৰে বহু কানাড়া ছবিত তেওঁক দেখা গৈছে। তাইক পিছফালৰ পৰা চুহানাৰ দৰে দেখা বুলি ভুল কৰিছিল।

পিছত শেহতীয়াকৈ শ্বানভিয়ে নিজৰ ফটো নেটডুনিয়াত শ্বেয়াৰ কৰে। তেওঁ অৱসৰ বিনোদন কটাবলৈ বহিঃৰাষ্ট্ৰলৈ গৈছিল, ছবিখন তাৰ পৰাই তোলা। 

উল্লেখ্য যে তাৰকা সন্তান সুহানাৰ ইতিমধ্যে বিপুল অনুৰাগী আছে। নিয়মিতভাৱে ছবি আৰু ভিডিঅ’ পোষ্ট কৰি তেওঁলোকৰ মনোযোগৰ কেন্দ্ৰবিন্দুত থাকে সুহানা। পিতৃৰ পদাংক অনুসৰণ কৰি কন্যাইও অভিনয়ত ভৰি দিছে। শীঘ্ৰে বলীউডত অভিষেক ঘটাবলৈ গৈ আছে জ’য়া আখতাৰৰ ‘দ্য আৰ্চিজ’ত। বছৰৰ শেষৰ ফালে অ’টিটিত মুক্তি পাব এই মিউজিকেলখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে