--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল প্ৰখ্যাত লেখক ছলমান ৰুশ্বডি। এক অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়তে ৰুশ্বডিক  নৃশংসভাৱে ছুৰিৰে আক্ৰমণ কৰাৰ পাছত শেহতীয়াকৈ চিকিৎসালয়ৰ ভেন্টিলেটৰত জীৱনৰ সৈতে যুঁজি আছে প্ৰখ্যাত লেখকগৰাকী। কিন্তু এনে এক ভয়াৱহ আক্ৰমণৰ বলি কিয় হ'ল ৰুশ্বডি, সেয়া জানিবলৈ আমি উভতি যাব লাগিব ৩৩ বছৰ পিছলৈ। ১৯৮৮ চনত ৰুশ্বডিয়ে প্ৰকাশ কৰিছিল "দ্য ছেটানিক ভাৰ্চেছ" নামৰ এখন গ্ৰন্থ। গ্ৰন্থখন প্ৰকাশৰ পাছতে ৰুশ্বডিৰ বিৰুদ্ধে জ্বলি উঠিছিল ইছলামিক বিশ্ব। এই ৰুশ্বডি বিৰোধী কট্টৰ ইছলামিক অবহাৱাৰ মাজতে ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেনিয়ে জাৰি কৰে ৰুশ্বডিক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ ফতোৱা। এই ফটোৱাৰ তেত্ৰিশটা বৰ্ষৰ পিছত এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে ৰুশ্বডিয়ে।

খোমেনিয়ে বিশ্বৰ ইছলামিক সম্প্ৰদায়ৰ সমুখত ৰুশ্বডিক তুলি ধৰিছিল এজন ইছলাম দ্ৰোহী হিচাপে। ৰুশ্বডি হত্যাৰ ফটোৱা বা ধৰ্ম্মীয় আদেশত খোমেনিয়ে কোনেও যাতে ইছলামৰ পবিত্ৰ মূল্যবোধক অপমান কৰিবলৈ সাহস নকৰে, সেয়া নিশ্চিত কৰিবলৈ বিশ্বজুৰি মুছলমান সম্প্ৰদায়ক দ্য ছেটানিক ভাৰ্চেছৰ লেখক ৰুশ্বডি আৰু গ্ৰন্থখনৰ প্ৰকাশকসকলক তাৎক্ষণিকভাৱে মৃত্যুদণ্ড দিবলৈ আহ্বান জনায়। খোমেনিয়ে লগতে ৰুশ্বডিৰ শিৰৰ দাম নিৰ্ধাৰণ কৰিছিল ২.৮ নিযুত আমেৰিকান ডলাৰ।

এই ফটোৱাৰ পিছতে ব্ৰিটিছ চৰকাৰে তৎক্ষণাৎ ৰুশ্বডিৰ নিৰাপত্তাৰ বাবে আৰক্ষীৰ সুৰক্ষা প্ৰদান কৰে। ইয়াৰ পিছত  প্ৰায় ১৩ বছৰ ধৰি তেওঁ যোচেফ এণ্টন ছদ্মনামেৰে আত্মগোপন কৰি থাকে।  দ্য ছেটানিক ভাৰ্চেছ তথা ৰুশ্বডি বিৰোধী ঢৌৰ মাজতে মুছলিম প্ৰধান দেশসমূহত নিষিদ্ধ কৰা হয় গ্ৰন্থখন। ১৯৮৮ চনৰ অক্টোবৰ মাহত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়েও দেশত কিতাপখনৰ আমদানি নিষিদ্ধ কৰে। 

খোমেনিৰ ফটোৱাৰ পাছতে তুংগত উঠে দ্য ছেটানিক ভাৰ্চেছ বিৰোধী ঢৌ। ১৯৮৯ চনত ব্ৰিটেইনৰ উত্তৰ চহৰ ব্ৰেডফৰ্ডত স্থানীয় মুছলমানসকলে ৰাজহুৱাভাৱে গ্ৰন্থখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ গঢ়ি তোলে। এমাহ পিছত হাজাৰ হাজাৰ পাকিস্তানী নাগৰিকে ইছলামাবাদস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তথ্য কেন্দ্ৰত আক্ৰমণ কৰে। তেওঁলোকে ৰুশ্বডিক আমেৰিকান ভৃত্য বুলি অভিহিত কৰি তেওঁৰ তাৎক্ষণিক ফাঁচীৰ দাবী কৰে। ক্ৰমাৎ হিংসাত্মক হৈ উঠা এই প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে আৰু পাঁচজন প্ৰতিবাদকাৰী নিহত হয়।

খোমেনিৰ ফতোৱাই কেৱল ইছলাম প্ৰধান দেশসমূহতে যে খলকনি তুলিছিল এনে নহয়, পশ্চিমীয়া দেশসমূহত সৃষ্টি হৈছিল ৰুশ্বডি বিৰোধী ঢৌ। এনে পৰিস্থিতিত ১৯৯০ চনত ৰুশ্বডিয়ে "ইন গুড ফেইথ" শীৰ্ষক এক প্ৰবন্ধত আত্মপক্ষ সমৰ্থনৰ চেষ্টা কৰে যদিও তেওঁৰ বাখ্যাত সন্তুষ্ট হোৱা নাছিল ইছলাম বিশ্ব। দ্য ছেটানিক ভাৰ্চেছ বিৰোধী ইছলামিক প্ৰতিবাদ কেনে ভয়ানক হৈ পৰিছিল, সেয়া আন এটা দিশেও সমুখলৈ আনিছিল। গ্ৰন্থখনৰ বাবে কেৱল ৰুশ্বডিকে লক্ষ্য কৰি লোৱা হৈছিল এনে নহয়, গ্ৰন্থখনৰ অনুবাদক সকলো কট্টৰ ইছলামিক গোটৰ ৰোষৰ বলি হৈছিল। 

১৯৯১ চনৰ জুলাই মাহত গ্ৰন্থখনৰ জাপানী অনুবাদকক হত্যা কৰা হৈছিল। কেইদিনমান পিছতে ছেটানিক ভাৰ্চেছৰ ইটালী ভাষাৰ অনুবাদকগৰাকীকো ছুৰিকাঘাত কৰা হৈছিল। দুবছৰ পিছত গ্ৰন্থখন নৰৱেত প্ৰকাশ কৰা প্ৰকাশকগৰাকীক গুলীয়াই আহত কৰা হৈছিল। তুৰ্কী ভাষালৈ গ্ৰন্থখনৰ অনুবাদ কৰিছিল আজিজ নেছিন নামৰ লেখক গৰাকীয়ে। এই লেখকগৰাকীৰ উপস্থিতিৰ বাবেই ১৯৯৩ চনত ইছলামিক প্ৰতিবাদকাৰীসকলে মধ্য তুৰ্কীৰ শিৱচত এখন হোটেল জ্বলাই দিছিল। অৱশ্যে ইছলামিক প্ৰতিবাদীৰ ৰোষৰ পৰা লেছিন পলাই যাবলৈ সক্ষম হৈছিল যদিও ৩৭ জন লোক এই ঘটনাত নিহত হৈছিল।

অৱশ্যে খোমেনিৰ বিয়োগৰ পাছত শাসনলৈ অহা ইৰানৰ সংস্কাৰবাদী ৰাষ্ট্ৰপতি মহম্মদ খাটামীৰ চৰকাৰে ১৯৯৮ চনত ইৰানে ৰুশ্বডিৰ বিৰুদ্ধে পূৰ্ব ঘোষিত ফটোৱা কাৰ্যকৰী নকৰে বুলি ব্ৰিটেইনক আশ্বাস দিছিল।  কিন্তু খাটামীৰ পাছত তেওঁৰ উত্তৰাধিকাৰী আয়াতুল্লাহ আলী খামেনিয়ে আয়াতুল্লাহ ৰুহোল্লাহ খোমেনিৰ পথ অনুসৰণ কৰি ২০০৫ চনত ৰুশ্বডি এজন ধৰ্মত্যাগী তথা ইছলাম দ্ৰোহী বুলি ঘোষণা কৰে আৰু ইছলামৰ সন্মান ৰক্ষাৰ বাবে ৰুশ্বডি হত্যাৰ পুনৰ অনুমোদন জনায়।

ইফালে এই বিতৰ্কৰ মাজতে ২০০৭ চনত ৰাণী দ্বিতীয় এলিজাবেথে  সাহিত্যৰ সেৱাৰ বাবে ৰুশ্বডিক নাইট উপাধি প্ৰদান কৰে। এই সিদ্ধান্ত পুনৰ ক্ষোভিত হৈ পৰে ইছলামিক বিশ্ব।  ইৰানে এনে সিদ্ধান্তৰ বাবে ব্ৰিটেইনক "ইছলামোফোবিয়া" বুলি অভিযোগ কৰি ব্ৰিটিছ নাগৰিক ৰুশ্বডি হত্যা ফতোৱা কাৰ্যকৰী কৰাৰ ঈঙ্গিত দিয়ে। 

কালিৰ আক্ৰমণৰ পূৰ্বেও কেইবাবাৰো ৰুশ্বডিক হত্যা কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। ১৯৮৯ চনৰ ৩ আগষ্টত মুস্তাফা মাহমুদ মাজেচ নামৰ এগৰাকী কট্টৰ ইছলামিক লোকে ৰুশ্বডিক হত্যাৰ বাবে মধ্য লণ্ডনৰ পেডিংটনৰ এখন হোটেলত বোমা বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু বোমাটো প্ৰাইম কৰাৰ সময়ত ভুলৱশত: বিস্ফোৰণ হোৱাৰ ফলত মাজেহৰ মৃত্যু হৈছিল। অৰ্গেনাইজেচন অফ দ্য মুজাহিদিন অফ ইছলাম নামৰ এক ইছলামিক গোটে মাজেচক শ্বহীদ ঘোষণা কৰি তেওঁৰ প্ৰতি সন্মান যাচিছিল। 

২০১০ চনত ইছলামিক সন্ত্ৰাসবাদী গোট আল কাইদাই এখন হিটলিষ্ট প্ৰকাশ কৰিছিল। এই তালিকাত সমুখৰ ফালেই ৰখা হৈছিল ৰুশ্বডিৰ নাম। ২০১২ চনৰ জানুৱাৰীত ৰুশ্বডিয়ে ৰাজস্থানৰ জয়পুৰত এক সাহিত্য অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল। কিন্তু এই অনুষ্ঠানতে তেওঁক হত্যা কৰাৰ ভাবুকি প্ৰদানৰ পিছতে তেওঁ অনুষ্ঠানটোত ভাগ লোৱাৰ সিদ্ধান্ত বাতিল কৰে। 

গতিকে শুকুৰবাৰে ৰুশ্বডিৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত কট্টৰ ইছলামিক গোট জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ৰুশ্বডিৰ আক্ৰমণকাৰী ২৪ বৰ্ষীয় যুৱকজনক হাডি মাটাৰ বুলি চিনাক্ত কৰা হৈছে। সামাজিক মাধ্যমত মাটাৰৰ একাউণ্টসমূহ পৰীক্ষা কৰাৰ পিছত মাটাৰৰ চিয়া ইছলামিক উগ্ৰবাদৰ প্ৰতি থকা সমৰ্থনৰ তথ্য পোহৰলৈ আহিছে। লগতে ইৰানৰ ইছলামিক শাসনৰ প্ৰতি থকা মাটাৰৰ সমৰ্থনৰ প্ৰমাণো তেওঁৰ মোবাইলত পোৱা গৈছে। অৱশ্যে এই পৰ্যন্ত ৰুশ্বডিৰ এই আক্ৰমণৰ আঁৰত খোমেনিৰ ফতোৱাৰ প্ৰভাৱ আছে নেকি সেই সম্পৰ্কে স্পষ্ট প্ৰমাণ সন্মুখলৈ অহা নাই। কিন্তু ৰুশ্বডিৰ ওপৰত হোৱা এই আক্ৰমণে পুনৰ এবাৰ ইছলামিক অসহিষ্ণুতা আৰু উগ্ৰবাদৰ নৃশংস চৰিত্ৰক উন্মোচিত কৰি তুলিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে