--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰাণঘাতী আক্ৰমণৰ বলি হোৱা  বহু চৰ্চিত প্ৰখ্যাত  লেখক চলমান ৰুশ্বদীৰ স্বাস্থ্যৰ অৱস্থা মুঠেও ভাল নহয়। আক্ৰমণকাৰীৰ ছুৰিকাঘাতত ধৰাশায়ী হোৱা ৰুশ্বদীক বৰ্তমান  চিকিৎসালয়ৰ ভেণ্টিলেটৰত ৰখা। তেওঁৰ ডিঙি আৰু মূৰত একাধিক আঘাত আছে বুলি চিকিৎসকে প্ৰকাশ কৰিছে । কেইবা ঘণ্টা ধৰি চলি থকা অস্ত্ৰোপচাৰৰ প্ৰতি তেওঁ সঁহাৰি দিলেও তেওঁৰ এটা চকু বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। হয়তো ৰুশ্বদীয়ে তেওঁৰ এটা চকু চিৰ জীৱনৰ বাবে হেৰুৱাবলগীয়া হ’ব পাৰে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে। চিকিৎসালয় সত্ৰই প্ৰকাশ কৰা মতে  লেখকজনে আৰু কেইবাদিনো চিকিৎসালয়ত থাকিব লাগিব।

উল্লেখ্য শুক্ৰবাৰে নিউয়ৰ্কত ভাষণ দি থকা অৱস্থাতে ছলমান ৰুশ্বদীক দুৰ্বৗত্তই  ছুৰিকাঘাত কৰিছিল। 'দ্য ছেটানিক ভাৰ্চেছ'ৰ লেখক আৰু বুকাৰ বিজয়ী লেখকগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। আক্ৰমণকাৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।  ৰুশ্বদী  নিউয়ৰ্কৰ চৌটাউকুৱা প্ৰতিষ্ঠানত ভাষণ দি আছিল। অনুষ্ঠানত  আয়োজক হেনৰী ৰিছৰ অহা বছৰ মুক্তি পাবলগীয়া 'ৰিফিউজি ৰাইটাৰ্ছ ইন আমেৰিকা' আৰু ৰুশ্বদীৰ প্ৰকাশপাবলগীয়া  উপন্যাস 'ভিক্টৰী চিটি' সম্পৰ্কে আলোচনা হৈ আছিল। 

তেনেতে আক্ৰমণকাৰীয়ে ৰুশ্বদীক আক্ৰমণ কৰে।এই আকস্মিক আক্ৰমণত সকলোৱে স্তম্ভিত হৈ পৰিছিল। আক্ৰমণকাৰীজনে তেওঁক চৰো মাৰিছিল। ইফালে, আক্ৰমণকাৰীজনক তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰুশ্দীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

ইফালে, ৰুশ্দীৰ ওপৰত এনে ধৰণৰ আক্ৰমণে সমগ্ৰ বিশ্বতে উৎকণ্ঠাৰ সৃষ্টি কৰিছে। সাহিত্যানুৰাগীসকলৰ লগতে সমাজৰ আন শ্ৰেণীৰ লোকসকলেও এই আক্ৰমণৰ নিন্দা কৰিছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জো বিডেনে ৰুশ্বদীৰ  আশু আৰোগ্য কামনা কৰি এটা বাৰ্তা প্ৰেৰণ কৰিছে। নিউ জাৰ্চীৰ ফেয়াৰভিউৰ এজন ২৪ বছৰীয়া আক্ৰমণকাৰী হাদি মেটাৰক ঘটনাস্থলীতে গ্ৰেপ্তাৰ কৰা হৈছে। 

যুৱক জনে ৰুশ্বদীক কিয় আক্ৰমণ কৰিলে  তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই আক্ৰমণৰ সৈতে  ইৰাণৰ  সম্পৰ্ক থাকিব পাৰে  বুলি বহুতে ধাৰণা কৰিছে।
 ১৯৮০ ৰ দশকৰ শেষৰ ফালে তেওঁৰ ‘দ্য ছেটানিক ভাৰ্চেছ’ নামৰ কিতাপখনৰ বাবে কট্টৰ ইছলামিক সকলৰ ৰোষৰ বলি হৈছিল ৰুশ্বদী।

ৰুশ্বদীৰ  বিখ্যাত উপন্যাস 'দ্য ছেটানিক ভাৰ্চেছ' ১৯৮৮ চনত প্ৰকাশ পাইছিল। তাৰ পিছতে তেওঁ ইছলামী মৌলবাদীসকলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ৰুশ্বদী।  মৌলবাদীসকলৰ  অভিযোগ এইবুলি অভিযোগ কৰি আহিছে যে  ৰুশ্দীৰ কামে ইছলাম আৰু মহম্মদক অপমান কৰে। কিতাপখন বজাৰলৈ অহাৰ পিছত পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিছিল যে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেনীয়ে ৰুশ্বদীক হত্যা কৰিবলৈ ফতোৱা জাৰি কৰিছিল। 

তেওঁ ৰুশ্বদীৰ হত্যাকাৰীৰ বাবে ৩ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল। অৱশ্যে, ইৰাণ প্ৰশাসনে দাবী কৰে যে পূৰ্বৰ  ফতোৱাৰ  সৈতে শেহতীয়া আক্ৰমণৰ ইয়াৰ কোনো সম্পৰ্ক নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু