--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰাণঘাতী আক্ৰমণৰ বলি হোৱা  বহু চৰ্চিত প্ৰখ্যাত  লেখক চলমান ৰুশ্বদীৰ স্বাস্থ্যৰ অৱস্থা মুঠেও ভাল নহয়। আক্ৰমণকাৰীৰ ছুৰিকাঘাতত ধৰাশায়ী হোৱা ৰুশ্বদীক বৰ্তমান  চিকিৎসালয়ৰ ভেণ্টিলেটৰত ৰখা। তেওঁৰ ডিঙি আৰু মূৰত একাধিক আঘাত আছে বুলি চিকিৎসকে প্ৰকাশ কৰিছে । কেইবা ঘণ্টা ধৰি চলি থকা অস্ত্ৰোপচাৰৰ প্ৰতি তেওঁ সঁহাৰি দিলেও তেওঁৰ এটা চকু বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। হয়তো ৰুশ্বদীয়ে তেওঁৰ এটা চকু চিৰ জীৱনৰ বাবে হেৰুৱাবলগীয়া হ’ব পাৰে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে। চিকিৎসালয় সত্ৰই প্ৰকাশ কৰা মতে  লেখকজনে আৰু কেইবাদিনো চিকিৎসালয়ত থাকিব লাগিব।

উল্লেখ্য শুক্ৰবাৰে নিউয়ৰ্কত ভাষণ দি থকা অৱস্থাতে ছলমান ৰুশ্বদীক দুৰ্বৗত্তই  ছুৰিকাঘাত কৰিছিল। 'দ্য ছেটানিক ভাৰ্চেছ'ৰ লেখক আৰু বুকাৰ বিজয়ী লেখকগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। আক্ৰমণকাৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।  ৰুশ্বদী  নিউয়ৰ্কৰ চৌটাউকুৱা প্ৰতিষ্ঠানত ভাষণ দি আছিল। অনুষ্ঠানত  আয়োজক হেনৰী ৰিছৰ অহা বছৰ মুক্তি পাবলগীয়া 'ৰিফিউজি ৰাইটাৰ্ছ ইন আমেৰিকা' আৰু ৰুশ্বদীৰ প্ৰকাশপাবলগীয়া  উপন্যাস 'ভিক্টৰী চিটি' সম্পৰ্কে আলোচনা হৈ আছিল। 

তেনেতে আক্ৰমণকাৰীয়ে ৰুশ্বদীক আক্ৰমণ কৰে।এই আকস্মিক আক্ৰমণত সকলোৱে স্তম্ভিত হৈ পৰিছিল। আক্ৰমণকাৰীজনে তেওঁক চৰো মাৰিছিল। ইফালে, আক্ৰমণকাৰীজনক তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰুশ্দীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

ইফালে, ৰুশ্দীৰ ওপৰত এনে ধৰণৰ আক্ৰমণে সমগ্ৰ বিশ্বতে উৎকণ্ঠাৰ সৃষ্টি কৰিছে। সাহিত্যানুৰাগীসকলৰ লগতে সমাজৰ আন শ্ৰেণীৰ লোকসকলেও এই আক্ৰমণৰ নিন্দা কৰিছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জো বিডেনে ৰুশ্বদীৰ  আশু আৰোগ্য কামনা কৰি এটা বাৰ্তা প্ৰেৰণ কৰিছে। নিউ জাৰ্চীৰ ফেয়াৰভিউৰ এজন ২৪ বছৰীয়া আক্ৰমণকাৰী হাদি মেটাৰক ঘটনাস্থলীতে গ্ৰেপ্তাৰ কৰা হৈছে। 

যুৱক জনে ৰুশ্বদীক কিয় আক্ৰমণ কৰিলে  তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই আক্ৰমণৰ সৈতে  ইৰাণৰ  সম্পৰ্ক থাকিব পাৰে  বুলি বহুতে ধাৰণা কৰিছে।
 ১৯৮০ ৰ দশকৰ শেষৰ ফালে তেওঁৰ ‘দ্য ছেটানিক ভাৰ্চেছ’ নামৰ কিতাপখনৰ বাবে কট্টৰ ইছলামিক সকলৰ ৰোষৰ বলি হৈছিল ৰুশ্বদী।

ৰুশ্বদীৰ  বিখ্যাত উপন্যাস 'দ্য ছেটানিক ভাৰ্চেছ' ১৯৮৮ চনত প্ৰকাশ পাইছিল। তাৰ পিছতে তেওঁ ইছলামী মৌলবাদীসকলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ৰুশ্বদী।  মৌলবাদীসকলৰ  অভিযোগ এইবুলি অভিযোগ কৰি আহিছে যে  ৰুশ্দীৰ কামে ইছলাম আৰু মহম্মদক অপমান কৰে। কিতাপখন বজাৰলৈ অহাৰ পিছত পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিছিল যে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেনীয়ে ৰুশ্বদীক হত্যা কৰিবলৈ ফতোৱা জাৰি কৰিছিল। 

তেওঁ ৰুশ্বদীৰ হত্যাকাৰীৰ বাবে ৩ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল। অৱশ্যে, ইৰাণ প্ৰশাসনে দাবী কৰে যে পূৰ্বৰ  ফতোৱাৰ  সৈতে শেহতীয়া আক্ৰমণৰ ইয়াৰ কোনো সম্পৰ্ক নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা