--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদা হাস্যমুখৰ এজনী ছোৱালী। ইউটিউবযোগে অত্যন্ত জনপ্ৰিয় ছোৱালীজনীৰ অনুৰাগীও আছে অজস্ৰ। এগৰাকী জনপ্ৰিয় ইউটিউবাৰ হিচাপে সকলোৰে স’তে তাই প্ৰতিদিনে একাত্ম আচৰণ কৰে। হাঁহি ভৰা মুখৰ এই ছোৱালীজনীৰ অনুৰাগী যিমানেই নাথাকক কিয়, তাই তাইৰ পৰিয়ালৰ ‘লজ্জাৰ কাৰণ’হে  হৈ পৰিছিল!

'লজ্জাৰ কাৰণ’ বাবেই ছোৱালীজনীক হত্যা কৰা হ’ল। তাকো নিজৰ দেউতাকেই হত্যা কৰে তাইক! শেহতীয়াকৈ ইৰাকত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। বন্দুকৰ গুলীৰে হত্যা কৰা হয় সদা হাস্যমুখৰ ছোৱালীজনী।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ইউটিউবাৰগৰাকীৰ অনুৰাগীৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। নৃশংস হত্যাকাণ্ডটোৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে প্ৰতিবাদ।

ইউটিউবাৰগৰাকী নাম টিবা আলী খান। বয়স মাত্ৰ ২২ বছৰ আছিল। ইউটিউবত ভিডিঅ’ পোষ্ট কৰি দৈনন্দিন জীৱনৰ বিভিন্ন মুহূৰ্ত তাই শ্বেয়াৰ কৰিছিল। শেহতীয়াকৈ তাইৰ অনুৰাগীৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছিল।

টিবা ইৰাকৰ ছোৱালী। তাইৰ পৰিয়ালটো অত্যন্ত ৰক্ষণশীল। সেই পৰিয়ালটোৰ পৰা ওলাই আহি ইউটিউবাৰ হ’বলৈ তাই বহুত যুঁজিবলগীয়া হৈছিল। সেইবাবেই নিজৰ ঘৰ এৰি বিদেশলৈও গুচি গৈছিল তাই।

ইৰাক এৰি তুৰস্কত বাস কৰিছিল তাই। তাইৰ এজন প্ৰেমিকো আছিল। প্ৰেমিকজনৰ  স’তে তাই একেলগে থাকিছিল। ছিৰিয়ান মূলৰ প্ৰেমিকজনৰ স’তে টিবাই ইউটিউবত তেওঁলোকৰ এংগেজমেণ্টৰ কথাও ঘোষণা কৰিছিল।

শেহতীয়াকৈ তেওঁ তুৰস্কৰ পৰা ইৰাকত থকা নিজৰ ঘৰলৈ উভতি আহিছিল। পাঁচটা দীঘলীয়া বছৰৰ মূৰত মাক-দেউতাকৰ ওচৰলৈ আহিছিল। অৱশ্যে টিবা ঘৰলৈ অহাৰ পৰাই তেওঁৰ পৰাই সমস্যা আৰম্ভ হ’ল। টিবাৰ উদাৰবাদী আচৰণত বিৰক্ত কৰে মাক-দেউতাকে। পৰিয়ালটোত হোৱা অশান্তি দমন কৰিবলৈ আনকি আৰক্ষীয়েও টিবাৰ ঘৰলৈ আহিবলগীয়া হৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ৩১ জানুৱাৰীৰ নিশা ছোৱালীজনীৰ পিতৃয়ে টোপনিতে ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰে। ইয়াৰ পিছত তেওঁ গুলীচালনা কৰি ছোৱালীজনীৰ প্ৰাণ লয়।

অৱশ্যে হত্যাকাণ্ডটো টিবাৰ পিতৃয়ে লুকুৱাই ৰখা নাছিল। আৰক্ষীৰ মতে, তেওঁ নিজেই আহি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছিল যে তেওঁ হত্যাকাণ্ড সংঘটিত কৰিছে। লগতে তেওঁ কিয় হত্যা কৰিলে তাৰ কাৰণো কৈছিল।

ইউটিউবাৰ টিবাৰ পিতৃয়ে ৰাজহুৱাভাৱে হত্যাকাণ্ডৰ কাৰণ বুজাই দি কয় যে- “মই লজ্জা ধুই পেলালোঁ।”

আৰক্ষীকেইজনে টিবাৰ মৃত্যুৰ খবৰ পাই স্তম্ভিত হৈ পৰে। ইৰাকৰ এটা সংবাদ সংস্থাক তেওঁলোকে কয় যে আমি শুনি আচৰিত হৈছিলো। এনেকুৱা হ’ব পাৰে বুলি মই কল্পনাও কৰিব পৰা নাছিলো।

ইয়াৰ পিছতে খবৰটো বনজুইৰ দৰে বিয়পি পৰিল। ইৰাকৰ জনপ্ৰিয় ইউটিউবাৰগৰাকীৰ এই হত্যাকাণ্ডত স্তম্ভিত হৈ পৰে ইৰাকৰ জনসাধাৰণ। প্ৰতিবাদত প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল নাৰীসমাজ। ইণ্টাৰনেটত বিয়পি পৰে প্ৰতিবাদৰ তীব্ৰতা।

টিবাৰ মৃত্যুৰ পিছত বিভিন্ন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে। ইৰাকৰ মানৱ অধিকাৰ কৰ্মী হানা এডোৱাই কয় যে টিবাই কেৱল ইউটিউবাৰ হ’বলৈ দেশ এৰি যোৱা নাছিল। নিজৰ ঘৰতে যৌন নিৰ্যাতন চলিছিল এই ২২ বছৰীয়া ছোৱালীজনীৰ।

২০১৭ চনত টিবাই পৰিয়াল এৰি তুৰস্ক ভ্ৰমণ কৰিছিল। শুনা যায় যে তাৰ পিছত তেওঁ তাৰ পৰা উভতি আহিব বিচৰা নাছিল। এই সিদ্ধান্তত তেওঁৰ পৰিয়ালটো অতিশয় ক্ষুব্ধ হৈ পৰিছিল। কিন্তু টিবাইও নিজৰ জেদ এৰি দিয়া নাছিল।

তেতিয়াৰ পৰাই টিবাই তুৰস্কত স্বতন্ত্ৰভাৱে থাকিবলৈ আৰম্ভ কৰে। কিন্তু পৰিয়ালটোৱে কেতিয়াও ইয়াক মানি লোৱা নাছিল। টিবাই অৱশ্যে সেই আপত্তিৰ প্ৰতি গুৰুত্ব নিদিছিল।

টিবাই নিজৰ দৈনন্দিন জীৱনৰ বিষয়ে ইউটিউবত পোষ্ট কৰা সকলো ভিডিঅ’তে কোনধৰণৰ ৰক্ষণশীলতা নাছিল। টিবাই প্ৰতি মুহূৰ্ততে নিজৰ দেশৰ ৰক্ষণশীল মনোভাৱ ভাঙি পেলাইছিল।

বিশেষজ্ঞসকলে জনোৱা মতে, টিবাৰ পিতৃয়ে স্বীকাৰোক্তিত কৈছে যে তেওঁ নিজৰ কন্যাক হত্যা কৰিছিল পৰিয়ালৰ সন্মান ৰক্ষাৰ বাবে। সেইবাবেই দোষী সাব্যস্ত হ’লেও তেওঁৰ শাস্তি কম হ’ব। কাৰণ ইৰাকত সন্মান ৰক্ষাৰ অপৰাধৰ শাস্তি কম।

টিবাৰ মৃত্যুৰ পাছতে ইৰাকৰ নাৰীসমাজে কৈছেৃ "আমাৰ সমাজত নাৰী আচলতে পিঞ্জৰাত বন্দী। উপযুক্ত আইন আৰু চৰকাৰী পদক্ষেপৰ অভাৱৰ বাবেই টিবাই এইদৰে প্ৰাণ হেৰুৱালে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়