--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদা হাস্যমুখৰ এজনী ছোৱালী। ইউটিউবযোগে অত্যন্ত জনপ্ৰিয় ছোৱালীজনীৰ অনুৰাগীও আছে অজস্ৰ। এগৰাকী জনপ্ৰিয় ইউটিউবাৰ হিচাপে সকলোৰে স’তে তাই প্ৰতিদিনে একাত্ম আচৰণ কৰে। হাঁহি ভৰা মুখৰ এই ছোৱালীজনীৰ অনুৰাগী যিমানেই নাথাকক কিয়, তাই তাইৰ পৰিয়ালৰ ‘লজ্জাৰ কাৰণ’হে  হৈ পৰিছিল!

'লজ্জাৰ কাৰণ’ বাবেই ছোৱালীজনীক হত্যা কৰা হ’ল। তাকো নিজৰ দেউতাকেই হত্যা কৰে তাইক! শেহতীয়াকৈ ইৰাকত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। বন্দুকৰ গুলীৰে হত্যা কৰা হয় সদা হাস্যমুখৰ ছোৱালীজনী।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ইউটিউবাৰগৰাকীৰ অনুৰাগীৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। নৃশংস হত্যাকাণ্ডটোৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে প্ৰতিবাদ।

ইউটিউবাৰগৰাকী নাম টিবা আলী খান। বয়স মাত্ৰ ২২ বছৰ আছিল। ইউটিউবত ভিডিঅ’ পোষ্ট কৰি দৈনন্দিন জীৱনৰ বিভিন্ন মুহূৰ্ত তাই শ্বেয়াৰ কৰিছিল। শেহতীয়াকৈ তাইৰ অনুৰাগীৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছিল।

টিবা ইৰাকৰ ছোৱালী। তাইৰ পৰিয়ালটো অত্যন্ত ৰক্ষণশীল। সেই পৰিয়ালটোৰ পৰা ওলাই আহি ইউটিউবাৰ হ’বলৈ তাই বহুত যুঁজিবলগীয়া হৈছিল। সেইবাবেই নিজৰ ঘৰ এৰি বিদেশলৈও গুচি গৈছিল তাই।

ইৰাক এৰি তুৰস্কত বাস কৰিছিল তাই। তাইৰ এজন প্ৰেমিকো আছিল। প্ৰেমিকজনৰ  স’তে তাই একেলগে থাকিছিল। ছিৰিয়ান মূলৰ প্ৰেমিকজনৰ স’তে টিবাই ইউটিউবত তেওঁলোকৰ এংগেজমেণ্টৰ কথাও ঘোষণা কৰিছিল।

শেহতীয়াকৈ তেওঁ তুৰস্কৰ পৰা ইৰাকত থকা নিজৰ ঘৰলৈ উভতি আহিছিল। পাঁচটা দীঘলীয়া বছৰৰ মূৰত মাক-দেউতাকৰ ওচৰলৈ আহিছিল। অৱশ্যে টিবা ঘৰলৈ অহাৰ পৰাই তেওঁৰ পৰাই সমস্যা আৰম্ভ হ’ল। টিবাৰ উদাৰবাদী আচৰণত বিৰক্ত কৰে মাক-দেউতাকে। পৰিয়ালটোত হোৱা অশান্তি দমন কৰিবলৈ আনকি আৰক্ষীয়েও টিবাৰ ঘৰলৈ আহিবলগীয়া হৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ৩১ জানুৱাৰীৰ নিশা ছোৱালীজনীৰ পিতৃয়ে টোপনিতে ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰে। ইয়াৰ পিছত তেওঁ গুলীচালনা কৰি ছোৱালীজনীৰ প্ৰাণ লয়।

অৱশ্যে হত্যাকাণ্ডটো টিবাৰ পিতৃয়ে লুকুৱাই ৰখা নাছিল। আৰক্ষীৰ মতে, তেওঁ নিজেই আহি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছিল যে তেওঁ হত্যাকাণ্ড সংঘটিত কৰিছে। লগতে তেওঁ কিয় হত্যা কৰিলে তাৰ কাৰণো কৈছিল।

ইউটিউবাৰ টিবাৰ পিতৃয়ে ৰাজহুৱাভাৱে হত্যাকাণ্ডৰ কাৰণ বুজাই দি কয় যে- “মই লজ্জা ধুই পেলালোঁ।”

আৰক্ষীকেইজনে টিবাৰ মৃত্যুৰ খবৰ পাই স্তম্ভিত হৈ পৰে। ইৰাকৰ এটা সংবাদ সংস্থাক তেওঁলোকে কয় যে আমি শুনি আচৰিত হৈছিলো। এনেকুৱা হ’ব পাৰে বুলি মই কল্পনাও কৰিব পৰা নাছিলো।

ইয়াৰ পিছতে খবৰটো বনজুইৰ দৰে বিয়পি পৰিল। ইৰাকৰ জনপ্ৰিয় ইউটিউবাৰগৰাকীৰ এই হত্যাকাণ্ডত স্তম্ভিত হৈ পৰে ইৰাকৰ জনসাধাৰণ। প্ৰতিবাদত প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল নাৰীসমাজ। ইণ্টাৰনেটত বিয়পি পৰে প্ৰতিবাদৰ তীব্ৰতা।

টিবাৰ মৃত্যুৰ পিছত বিভিন্ন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে। ইৰাকৰ মানৱ অধিকাৰ কৰ্মী হানা এডোৱাই কয় যে টিবাই কেৱল ইউটিউবাৰ হ’বলৈ দেশ এৰি যোৱা নাছিল। নিজৰ ঘৰতে যৌন নিৰ্যাতন চলিছিল এই ২২ বছৰীয়া ছোৱালীজনীৰ।

২০১৭ চনত টিবাই পৰিয়াল এৰি তুৰস্ক ভ্ৰমণ কৰিছিল। শুনা যায় যে তাৰ পিছত তেওঁ তাৰ পৰা উভতি আহিব বিচৰা নাছিল। এই সিদ্ধান্তত তেওঁৰ পৰিয়ালটো অতিশয় ক্ষুব্ধ হৈ পৰিছিল। কিন্তু টিবাইও নিজৰ জেদ এৰি দিয়া নাছিল।

তেতিয়াৰ পৰাই টিবাই তুৰস্কত স্বতন্ত্ৰভাৱে থাকিবলৈ আৰম্ভ কৰে। কিন্তু পৰিয়ালটোৱে কেতিয়াও ইয়াক মানি লোৱা নাছিল। টিবাই অৱশ্যে সেই আপত্তিৰ প্ৰতি গুৰুত্ব নিদিছিল।

টিবাই নিজৰ দৈনন্দিন জীৱনৰ বিষয়ে ইউটিউবত পোষ্ট কৰা সকলো ভিডিঅ’তে কোনধৰণৰ ৰক্ষণশীলতা নাছিল। টিবাই প্ৰতি মুহূৰ্ততে নিজৰ দেশৰ ৰক্ষণশীল মনোভাৱ ভাঙি পেলাইছিল।

বিশেষজ্ঞসকলে জনোৱা মতে, টিবাৰ পিতৃয়ে স্বীকাৰোক্তিত কৈছে যে তেওঁ নিজৰ কন্যাক হত্যা কৰিছিল পৰিয়ালৰ সন্মান ৰক্ষাৰ বাবে। সেইবাবেই দোষী সাব্যস্ত হ’লেও তেওঁৰ শাস্তি কম হ’ব। কাৰণ ইৰাকত সন্মান ৰক্ষাৰ অপৰাধৰ শাস্তি কম।

টিবাৰ মৃত্যুৰ পাছতে ইৰাকৰ নাৰীসমাজে কৈছেৃ "আমাৰ সমাজত নাৰী আচলতে পিঞ্জৰাত বন্দী। উপযুক্ত আইন আৰু চৰকাৰী পদক্ষেপৰ অভাৱৰ বাবেই টিবাই এইদৰে প্ৰাণ হেৰুৱালে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ