--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই টি খণ্ডত কৰ্মী বিতাড়ণ অব্যাহত আছে। গুগল, মাইক্ৰ’ছফ্ট, আমাজনৰ পিছত এইবাৰ এই তালিকাত যোগ হৈছে আমেৰিকাৰ টেক্সাছৰ বহুজাতিক তথ্য প্ৰযুক্তি কোম্পানী ডেল টেকন’লজিছ ইনকৰ্পৰেশ্যন, চুমকৈ ডেল। কোম্পানীটোৱে সমগ্ৰ বিশ্বতে প্ৰায় ৬,৬৫০ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে।

কৰ’না মহামাৰীৰ পাছত গুগল, মাইক্ৰ’ছফ্ট, আমাজন, টুইটাৰ, ফেচবুকৰ দৰে বহু কোম্পানীয়ে শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। যাৰ বাবে বহু লোকে হঠাৎ চাকৰি হেৰুৱালে। ডেলেও এইবাৰো একেটা পথেই খোজ দিলে।

ডেলৰ অন্যতম মূল ব্যৱসায় হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি, ব্যক্তিগত কম্পিউটাৰ বা পিচিৰ চাহিদা ক্ৰমান্বয়ে হ্ৰাস পাইছে। সেইবাবেই সংগঠনটোৱে চাকৰিৰ পৰা অনেক কৰ্মীক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে।

উদ্যোগ বিশ্লেষক প্ৰতিষ্ঠান আইডিচিয়ে প্ৰকাশ কৰা অনুসৰি, ২০২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকত পিচিৰ চাহিদা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ইয়াৰ ভিতৰত আটাইতকৈ বেয়া পৰিস্থিতি হৈছে ডেল। সেই সময়ছোৱাত ডেল পিচিৰ চাহিদা ২০২১ চনৰ তুলনাত ৩৭ শতাংশ হ্ৰাস পাইছে। কোম্পানীটোৱে লাভৰ প্ৰায় ৫৫ শতাংশ পিচিৰ পৰা লাভ কৰে।

ডেলৰ দৰে আন তথ্য প্ৰযুক্তি কোম্পানীসমূহেও একে পথত আগবাঢ়িছে। এইচ পি ইনকৰ্পৰেশ্যনেও যোৱা নৱেম্বৰ মাহত কোম্পানীটোৱে ৬ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথাও ঘোষণা কৰিছিল। চিস্কো চিষ্টেমছ ইনকৰ্পৰেশ্যন আৰু ইণ্টাৰনেশ্যনেল বিজনেছ মেচিনছ কৰ্প’ৰেশ্যনেও প্ৰায় ৪ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাতৰি দিছে।

উল্লেখ্য যে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত যোৱা বছৰ ৯৭ হাজাৰ ১৭১ টা চাকৰিৰ পৰা বৰ্খাস্ত হৈছিল। বিশেষজ্ঞসকলৰ মতে এইটো অভূতপূৰ্ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ