--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই টি খণ্ডত কৰ্মী বিতাড়ণ অব্যাহত আছে। গুগল, মাইক্ৰ’ছফ্ট, আমাজনৰ পিছত এইবাৰ এই তালিকাত যোগ হৈছে আমেৰিকাৰ টেক্সাছৰ বহুজাতিক তথ্য প্ৰযুক্তি কোম্পানী ডেল টেকন’লজিছ ইনকৰ্পৰেশ্যন, চুমকৈ ডেল। কোম্পানীটোৱে সমগ্ৰ বিশ্বতে প্ৰায় ৬,৬৫০ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে।

কৰ’না মহামাৰীৰ পাছত গুগল, মাইক্ৰ’ছফ্ট, আমাজন, টুইটাৰ, ফেচবুকৰ দৰে বহু কোম্পানীয়ে শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। যাৰ বাবে বহু লোকে হঠাৎ চাকৰি হেৰুৱালে। ডেলেও এইবাৰো একেটা পথেই খোজ দিলে।

ডেলৰ অন্যতম মূল ব্যৱসায় হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি, ব্যক্তিগত কম্পিউটাৰ বা পিচিৰ চাহিদা ক্ৰমান্বয়ে হ্ৰাস পাইছে। সেইবাবেই সংগঠনটোৱে চাকৰিৰ পৰা অনেক কৰ্মীক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে।

উদ্যোগ বিশ্লেষক প্ৰতিষ্ঠান আইডিচিয়ে প্ৰকাশ কৰা অনুসৰি, ২০২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকত পিচিৰ চাহিদা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ইয়াৰ ভিতৰত আটাইতকৈ বেয়া পৰিস্থিতি হৈছে ডেল। সেই সময়ছোৱাত ডেল পিচিৰ চাহিদা ২০২১ চনৰ তুলনাত ৩৭ শতাংশ হ্ৰাস পাইছে। কোম্পানীটোৱে লাভৰ প্ৰায় ৫৫ শতাংশ পিচিৰ পৰা লাভ কৰে।

ডেলৰ দৰে আন তথ্য প্ৰযুক্তি কোম্পানীসমূহেও একে পথত আগবাঢ়িছে। এইচ পি ইনকৰ্পৰেশ্যনেও যোৱা নৱেম্বৰ মাহত কোম্পানীটোৱে ৬ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথাও ঘোষণা কৰিছিল। চিস্কো চিষ্টেমছ ইনকৰ্পৰেশ্যন আৰু ইণ্টাৰনেশ্যনেল বিজনেছ মেচিনছ কৰ্প’ৰেশ্যনেও প্ৰায় ৪ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাতৰি দিছে।

উল্লেখ্য যে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত যোৱা বছৰ ৯৭ হাজাৰ ১৭১ টা চাকৰিৰ পৰা বৰ্খাস্ত হৈছিল। বিশেষজ্ঞসকলৰ মতে এইটো অভূতপূৰ্ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ