--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্বৃত্তৰ ছুৰীৰে আঘাতৰ ফলত তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি হেৰাইছে। এটা বাহু স্থায়ীভাৱে অক্ষম হৈছে। ডিঙিৰ স্নায়ুটো আঘাত পৰিছে। তথাপিতো অদম্য ছলমান ৰুশ্বদী। ভাৰতীয় মূলৰ লেখকগৰাকীয়ে হাৰ মানিবলৈ ইচ্ছুক নহয়। নিউয়ৰ্কত লেখকগৰাকীৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাৰ ৯ মাহ পিছত তেওঁ ৰাজহুৱাভাৱে এই বাৰ্তা প্ৰদান কৰে।

যোৱা বছৰৰ ১২ আগষ্টত নিউয়ৰ্কত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁক আক্ৰমণ কৰা হৈছিল। বৃহস্পতিবাৰে আমেৰিকাৰ একেখন চহৰতে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত পুনৰ ৰাজহুৱা স্থানত উপস্থিত হয় বুকাৰ বিজয়ী লেখকগৰাকী।

তাত তেওঁ কয়- ''সন্ত্ৰাসবাদে যাতে আমাক ভয় নুখুৱায়। হিংসাই যাতে কাৰো মুখ বন্ধ নকৰে। যুঁজ চলি থাকিব লাগিব। সংগ্ৰাম চলি থাকিব।”
 
উল্লেখ্য যে ইৰাণৰ বৰ্তমানৰ ধৰ্মগুৰু আলী খোমেইনীৰ পূৰ্বসূৰী আয়াতুল্লাহ খোমেইনীৰ দিনত ‘চয়তানী পদ্য’ উপন্যাসখন লিখাৰ ‘অপৰাধ’ৰ বাবে আশীৰ দশকত ৰুছদিৰ বিৰুদ্ধে ‘মৃত্যুৰ ফতোৱা’ জাৰি কৰা হৈছিল। তাৰপাছতে লেখকগৰাকী এদশকৰো অধিক সময় আত্মগোপন কৰিবলগীয়া হৈছিল। 

যোৱা আগষ্ট মাহত হাদী মাতাৰ নামৰ এজন যুৱকে তেওঁক ৰাজহুৱা স্থানত দাৰে হেক কৰিছিল। হাদী এতিয়া আমেৰিকাৰ জেলত। কিন্তু ইৰাণ চৰকাৰে তেওঁৰ নামত এক বৃহৎ পুৰস্কাৰ ঘোষণা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস