--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্বৃত্তৰ ছুৰীৰে আঘাতৰ ফলত তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি হেৰাইছে। এটা বাহু স্থায়ীভাৱে অক্ষম হৈছে। ডিঙিৰ স্নায়ুটো আঘাত পৰিছে। তথাপিতো অদম্য ছলমান ৰুশ্বদী। ভাৰতীয় মূলৰ লেখকগৰাকীয়ে হাৰ মানিবলৈ ইচ্ছুক নহয়। নিউয়ৰ্কত লেখকগৰাকীৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাৰ ৯ মাহ পিছত তেওঁ ৰাজহুৱাভাৱে এই বাৰ্তা প্ৰদান কৰে।

যোৱা বছৰৰ ১২ আগষ্টত নিউয়ৰ্কত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁক আক্ৰমণ কৰা হৈছিল। বৃহস্পতিবাৰে আমেৰিকাৰ একেখন চহৰতে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত পুনৰ ৰাজহুৱা স্থানত উপস্থিত হয় বুকাৰ বিজয়ী লেখকগৰাকী।

তাত তেওঁ কয়- ''সন্ত্ৰাসবাদে যাতে আমাক ভয় নুখুৱায়। হিংসাই যাতে কাৰো মুখ বন্ধ নকৰে। যুঁজ চলি থাকিব লাগিব। সংগ্ৰাম চলি থাকিব।”
 
উল্লেখ্য যে ইৰাণৰ বৰ্তমানৰ ধৰ্মগুৰু আলী খোমেইনীৰ পূৰ্বসূৰী আয়াতুল্লাহ খোমেইনীৰ দিনত ‘চয়তানী পদ্য’ উপন্যাসখন লিখাৰ ‘অপৰাধ’ৰ বাবে আশীৰ দশকত ৰুছদিৰ বিৰুদ্ধে ‘মৃত্যুৰ ফতোৱা’ জাৰি কৰা হৈছিল। তাৰপাছতে লেখকগৰাকী এদশকৰো অধিক সময় আত্মগোপন কৰিবলগীয়া হৈছিল। 

যোৱা আগষ্ট মাহত হাদী মাতাৰ নামৰ এজন যুৱকে তেওঁক ৰাজহুৱা স্থানত দাৰে হেক কৰিছিল। হাদী এতিয়া আমেৰিকাৰ জেলত। কিন্তু ইৰাণ চৰকাৰে তেওঁৰ নামত এক বৃহৎ পুৰস্কাৰ ঘোষণা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী