--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০১৪ চনৰ পিছত দুদিনীয়া ভ্ৰমণসূচীলৈ  অষ্ট্ৰেলিয়ালৈ গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী । তেওঁ মঙলবাৰে চিডনীৰ অলিম্পিক পাৰ্কত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টলি এলবানিজৰ সৈতে বিশাল সভাত ভাষণ দিয়ে । কাটাৰত বাস কৰা ভাৰতীয়সকলে ইতিমধ্যে নমোক   চাবলৈ চিডনীলৈ আহিছে মোদীক লগ পাই অভিভূত হৈ পৰিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি  চিডনীৰ অলিম্পিক পাৰ্কত প্ৰায় ২০,০০০ লোক নমো চাবলৈ সমবেত হয়। এই ভ্ৰমণৰ জৰিয়তে কালত মোদীয়ে ভাৰত-অষ্ট্ৰেলিয়া বন্ধুত্বক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব বিচাৰে বুলি মোদীয়ে কয়। চিডনীত ভৰি থোৱাৰ আগতে প্ৰধানমন্ত্ৰীয়ে 'দ্য অষ্ট্ৰেলিয়ান'ক কাকতক কয় তেওঁ অষ্ট্ৰেলিয়াৰ সৈতে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ত অধিক ঘনিষ্ঠভাৱে কাম কৰিব বিচাৰে, বিশেষকৈ ইণ্ডো-পেচিফিক অঞ্চলত।

দ্য অষ্ট্ৰেলিয়ানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এলবানিজক এজন "মৰমৰ বন্ধু" বুলিও উল্লেখ কৰিছিল।মোদীয়ে কয় " মই দেখিছোঁ যে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এলবানিজৰ মানসিকতা মোৰ দৰেই। সেয়েহে, যেতিয়া আমি চিডনীত পুনৰ লগ পাম, মই ভাবো যে আমি দুয়োখন দেশৰ মাজৰ সম্পৰ্কক কেনেদৰে পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব পাৰিম তাৰ পৰ্যালোচনা কৰিবলৈ সক্ষম হ'ম।’’ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এই সুন্দৰ দ্বিপাক্ষিক সম্পৰ্কৰ আঁৰত বিদেশী ভাৰতীয়সকলৰ ভূমিকা যথেষ্ট। তেওঁলোকে দুয়োখন দেশৰ মাজত দলং হিচাপে কাম কৰে। নমোৰ কথাবোৰে এই সত্যটোও আলোকপাত কৰিছে  যে দুয়োখন দেশৰ ক্ৰিকেটৰ বাবে একে ধৰণৰ উন্মাদনা আছে।দুয়োখন দেশৰ বাৰ্ষিক সন্মিলন, অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি, ব্যাপক কৌশলগত অংশীদাৰিত্ব... তেওঁ এইবোৰৰ কথাও উল্লেখ কৰে। মোদীৰ মতে, ২০১৪ চনত তেওঁৰ অন্তিম অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত, দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত "মৌলিক পৰিৱৰ্তন" হৈছে। 

তেওঁ দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, নিৰাপত্তা, বিনিয়োগ, শিক্ষা, পানী, জলবায়ু পৰিৱৰ্তন, নৱীকৰণযোগ্য শক্তি, ক্ৰীড়া, স্বাস্থ্য, সংস্কৃতি আৰু অন্যান্য ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ উন্নয়নৰ কথাও উল্লেখ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কয় যে ভাৰত-অষ্ট্ৰেলিয়া সম্পৰ্কৰ আটাইতকৈ শক্তিশালী আৰু বৃহৎ ভেটি হৈছে পাৰস্পৰিক বিশ্বাস আৰু পাৰস্পৰিক সন্মান, আৰু ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ হৈছে প্ৰবাসী ভাৰতীয়সকল। মোদীয়ে চিডনীৰ কুডোছ বেংক এৰেনাত এক  অনুষ্ঠানত ভাষণ দি এই মন্তব্য কৰে৷ য'ত সমগ্ৰ অষ্ট্ৰেলিয়াৰ পৰা ২১,০০০ তকৈও অধিক লোকে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছেও অংশগ্ৰহণ কৰেৰিছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এটা সময় আছিল যেতিয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক নিৰ্ধাৰণ কৰিবলৈ ৩চি ব্যৱহাৰ কৰা হৈছিল৷ এই তিনিটা আছিল - কমনৱেলথ, ক্ৰিকেট আৰু কাৰি। "তাৰ পিছত, এইটো ৩ডি আছিল।। গণতন্ত্ৰ, প্ৰবাসী আৰু দোস্তি! তাৰ পিছত ই ৩ই হ'ল, ই শক্তি, অৰ্থনীতি আৰু শিক্ষা। কিন্তু সঁচা কথাটো হ'ল যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কৰ প্ৰকৃত গভীৰতাই এই চি, ডি, ই..." অতিক্ৰম কৰিছে। 


মোদীয়ে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ভৌগোলিক দূৰত্ব আছে, কিন্তু ভাৰত মহাসাগৰে আমাক সংযোগ কৰিছে। "দুয়োখন দেশতে জীৱনশৈলী যিমানেই বেলেগ নহওঁক, যোগ আমাক সংযোগ কৰিছে! ক্ৰিকেট এনেকুৱা এটা বস্তু যিয়ে আমাক যুগ যুগ ধৰি সংযুক্ত কৰি ৰাখিছে... আৰু এতিয়া টেনিছ আৰু চিনেমা বোৰ আন সংযোগী দলং হৈ পৰিছে," মোদীয়ে  কয়। ক্ৰিকেটৰ খেলপথাৰত প্ৰতিযোগিতাখন যিমানেই আকৰ্ষণীয়, খেলপথাৰৰ বাহিৰত আমাৰ বন্ধুত্ব সিমানেই গভীৰ," তেওঁ  কয়। 


মোদীয়ে কয়  যে যেতিয়া  স্পিন বলাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু হৈছিল তেতিয়া লাখ লাখ ভাৰতীয় দুখিত হৈছিল। তেওঁ কয় যে ভাৰতৰ সামৰ্থ্যৰ অভাৱ নাই, ভাৰতৰ সম্পদৰ অভাৱো নাই।  মোদীয়ে লগতে ঘোষণা কৰে যে প্ৰবাসী সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে ভাৰতে ব্ৰিছবেনত এখন কনচুলেট খুলিব। মোদীয়ে  অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক চিডনীৰ কাষতে  'লিটল ইণ্ডিয়া'ৰ আধাৰশিলা স্থাপন কৰাত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। হেৰিছ পাৰ্কক 'লিটল ইণ্ডিয়া' হিচাপে  অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এলবানিছে ঘোষণা কৰিছিল৷   হেৰিছ পাৰ্ক পশ্চিম চিডনীৰ এটা কেন্দ্ৰ য'ত ভাৰতীয় সম্প্ৰদায়ে দেৱালী আদি উৎসৱ আৰু অনুষ্ঠান উদযাপন কৰে ৷















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস