--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আন এক বৃহৎ সফলতা৷ ইছৰোৰ উপগ্ৰহ ‘জিএছএটি-২০’ স্পেচএক্সৰ ফেলকন ৯ ৰকেটৰ সহায়ত মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা হৈছে৷ আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা উৎক্ষেপণ কৰা হৈছিল এই উপগ্ৰহটো।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ জিএছএটি-২০ যোগাযোগ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰে। ইছৰোৰ ৪৭০০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহটোৰ উৎক্ষেপনৰ মূল লক্ষ্য হৈছে দুৰ্গম অঞ্চললৈ তথ্য আৰু ইণ্টাৰনেট সেৱা প্ৰদান কৰা।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰাধাকৃষ্ণন দুৰাইৰাজে সফলভাৱে জিএছএটি-২০ উপগ্ৰহ উৎক্ষেপণ বোৱা বুলি ঘোষণা কৰিছে।

ইছৰোৰ তথ্য অনুসৰি জিএছএটি এন-২ উপগ্ৰহটোৱে ভাৰতৰ স্মাৰ্ট চিটি মিছনক এক মাত্ৰা প্ৰদান কৰিব বুলি আশা কাৰ হৈছে কাৰণ এই উপগ্ৰহটোৱে ডাটা ট্ৰেন্সমিছন ক্ষমতা বৃদ্ধি কৰাৰ লগতে  দুৰ্গম অঞ্চলত ইণ্টাৰনেট সংযোগতো বৈপ্লৱিক পৰিৱৰ্তন আনিব। ইয়াৰোপৰি এই উপগ্ৰহৰ জৰিয়তে বিমানৰ ভিতৰতো ইণ্টাৰনেট সেৱা প্ৰদান কৰা হ’ব।

জিএছএটি এন-২ ৰ মূল বৈশিষ্ট্যসমূহ হৈছে-

ওজন:  ৪৭০০ কিলোগ্ৰাম।

প্ৰক্ষেপক বাহন: স্পেচএক্সৰ ফেলকন ৯।

পেলোড: জিএছএটি এন-২ হৈছে ৪৮ জিবিপিএছ, কা-বেণ্ড(ইলেক্ট্ৰ'মেগনেটিক স্পেকট্ৰমৰ মাইক্ৰৱেভ অংশৰ এটা অংশ যাৰ কম্পাঙ্ক ২৬.৫ৰ পৰা ৪০ গিগাহাৰ্টজ (GHz) উচ্চ যোগাযোগ ক্ষমতাসম্পন্ন উপগ্ৰহ।

বিম: জিএছএটি এন-২ত ৩২টা ব্যৱহাৰকাৰী বিম, য’ত ৮টা সংকীৰ্ণ স্পট বিম আৰু ২৪টা বহল স্পট বিম আছে।

কক্ষপথ:  জিএছএটি এন-২উপগ্ৰহটোৱে আকাংক্ষিত স্থানত প্ৰৱেশ কৰাৰ নিয়ন্ত্ৰণ লৈছে জিঅ’-চিংক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিটে(জিটিঅ’) আৰু ইছৰোৰ মাষ্টাৰ কণ্ট্ৰ’ল ফেচিলিটি (এমচিএফ)এ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা