--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আন এক বৃহৎ সফলতা৷ ইছৰোৰ উপগ্ৰহ ‘জিএছএটি-২০’ স্পেচএক্সৰ ফেলকন ৯ ৰকেটৰ সহায়ত মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা হৈছে৷ আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা উৎক্ষেপণ কৰা হৈছিল এই উপগ্ৰহটো।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ জিএছএটি-২০ যোগাযোগ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰে। ইছৰোৰ ৪৭০০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহটোৰ উৎক্ষেপনৰ মূল লক্ষ্য হৈছে দুৰ্গম অঞ্চললৈ তথ্য আৰু ইণ্টাৰনেট সেৱা প্ৰদান কৰা।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰাধাকৃষ্ণন দুৰাইৰাজে সফলভাৱে জিএছএটি-২০ উপগ্ৰহ উৎক্ষেপণ বোৱা বুলি ঘোষণা কৰিছে।

ইছৰোৰ তথ্য অনুসৰি জিএছএটি এন-২ উপগ্ৰহটোৱে ভাৰতৰ স্মাৰ্ট চিটি মিছনক এক মাত্ৰা প্ৰদান কৰিব বুলি আশা কাৰ হৈছে কাৰণ এই উপগ্ৰহটোৱে ডাটা ট্ৰেন্সমিছন ক্ষমতা বৃদ্ধি কৰাৰ লগতে  দুৰ্গম অঞ্চলত ইণ্টাৰনেট সংযোগতো বৈপ্লৱিক পৰিৱৰ্তন আনিব। ইয়াৰোপৰি এই উপগ্ৰহৰ জৰিয়তে বিমানৰ ভিতৰতো ইণ্টাৰনেট সেৱা প্ৰদান কৰা হ’ব।

জিএছএটি এন-২ ৰ মূল বৈশিষ্ট্যসমূহ হৈছে-

ওজন:  ৪৭০০ কিলোগ্ৰাম।

প্ৰক্ষেপক বাহন: স্পেচএক্সৰ ফেলকন ৯।

পেলোড: জিএছএটি এন-২ হৈছে ৪৮ জিবিপিএছ, কা-বেণ্ড(ইলেক্ট্ৰ'মেগনেটিক স্পেকট্ৰমৰ মাইক্ৰৱেভ অংশৰ এটা অংশ যাৰ কম্পাঙ্ক ২৬.৫ৰ পৰা ৪০ গিগাহাৰ্টজ (GHz) উচ্চ যোগাযোগ ক্ষমতাসম্পন্ন উপগ্ৰহ।

বিম: জিএছএটি এন-২ত ৩২টা ব্যৱহাৰকাৰী বিম, য’ত ৮টা সংকীৰ্ণ স্পট বিম আৰু ২৪টা বহল স্পট বিম আছে।

কক্ষপথ:  জিএছএটি এন-২উপগ্ৰহটোৱে আকাংক্ষিত স্থানত প্ৰৱেশ কৰাৰ নিয়ন্ত্ৰণ লৈছে জিঅ’-চিংক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিটে(জিটিঅ’) আৰু ইছৰোৰ মাষ্টাৰ কণ্ট্ৰ’ল ফেচিলিটি (এমচিএফ)এ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ